Saturday, 28 January 2017

জিনাৰ সুখৰ অনুভৱ

জিনাৰ সুখৰ অনুভৱ



জিনাই ককাক আইতাক সিহঁতৰ গুৱাহাটীৰ ঘৰলৈ অহাৰ খবৰটো পোৱাৰ পৰাই আনন্দত আত্মহাৰা হৈ আছে | দেউতাকক কুটুৰি কুটুৰি তাই কেইখনমান অসমীয়া সাধু কিতাপ,এখন লুডু কিনি থলে | আনন্দৰ লগতে এটা ভয় আৰু চিন্তায়ো তাইক অস্থিৰ কৰি আছিল | তাইৰ চিন্তাৰ কাৰণটো এনেধৰণৰ,মাক-দেউতাক দিনটোলৈ অফিচলৈ বুলি ওলাই যায়,তায়ো আঠ বজাৰ পৰা তিনি বজালৈ স্কুললৈ যাব লাগে , সেই সময়খিনি ককাক আইতাকে ৰি কৰিব ! কিবাকৈ আমনি পাব লাগিলে এমাহ নহয়,এসপ্তাহো নাথাকি গুচি যাব তেওঁলোক | গতিকে মাজৰ সময়খিনি কটাব পৰাকৈ কি থৈ যাব তাকে চিন্তা কৰি তাই অকলে বলে পৰা নাই সেয়ে মাক দেউতাককো থেনথেনাই সুধি বিৰক্তি লগাই দিছে কিবা এটা বুদ্ধি উলিয়াবলৈ | মাকে চিধাই কলে যে তেওঁৰ সেইবোৰ লৈ চিন্তা কৰি মাথা ঘমাবলৈ সময় নাই | অফিচ ঘৰ সকলো চম্ভালি পিছত কি হ'ব সেইবোৰ ভবাৰ সময় নাই | আহকচোন,আহিলে দেখা যাব কি কৰা যায় | দেউতাকেও কলে থাকিব আৰু টি ভি চিভি চাই সময় কটায় | কিন্তু তাই সেইবোৰ উত্তৰত সন্তুষ্ট নহ',কাৰণ দুবাৰ তাই গাঁৱৰ ঘৰলৈ এসপ্তাহ কৈ থকাকৈ গৈ যি দেখিছে তাৰ পৰা তাই অনুমান কৰি লৈছে যে তেওঁলোকে বাৰী , শাক-পাচলি,ফুলনি আৰু বিভিন্ন সামাজিক অনুষ্ঠান লগতে গাঁৱৰ মানুহবোৰৰ লগত সুখ দুখ ভাগ কৰি সময় কটায় | বৰ্তমান তাই পঞ্চম শ্ৰেণীৰ ছাত্ৰী,বুজে সকলো | মাকহঁতলৈ আশা কৰিলে নহ'ব তাই নিজে ইয়াৰ সমাধান উলিয়াব লাগিব | ইয়াকে ভাবি তাই মাকহঁত নথকা সময়ত তাইক চোৱা চিতা কৰা ৰমলা বাইকে কথাটোৰ কিবা উপায় দিবলৈ কলে | ৰমলাই তাইক আশ্বাস দিলে যে তায়ে যিহেতু তেওঁলোকক চোৱা চিতা কৰিব,গতিকে চিন্তাৰ কাৰণ নাই,তাই মুঠতে তেওঁলোকক সুখত ৰখাৰ যি পাৰে ব্যৱস্থা কৰিব | মূল কথাটো হ'ল ককাক আইতাকে গাঁৱৰ মুকলি পৰিৱেশত থকা মানুহ এটা ফ্লেটৰ আৱদ্ধ জীৱনত মুঠেই অভ্যস্থ নহয় ,সেয়ে তেওঁলোকক লৈ তাইৰ চিন্তা |
অৱশেষত তাইৰ বহু আকাংক্ষিত সেই দেওবাৰটো আহিল,যিদিনা তাইৰ পৃথিৱীৰ আটাইতকৈ ভাল পোৱা মানুহ দুটা আহিব | পুৱাৰে পৰা ব্যস্ততাৰ অন্ত নাই তাইৰ | তাই মন কৰিলে মাকেও অইন দিনাৰ দেওবাৰ বোৰৰ দৰে এলাহ কৰি থকা নাই | পুৱাই গা পা ধুই থাপনাখন চাফ চিকুণ কৰিছে | তাই বিচৰা বাবে তাইৰ কোঠাতে ককাক আইতাকক থকাৰ দিহা কৰি দিয়াৰ বাবে দেউতাক পুৱাৰ পৰাই ব্যস্ত | এখন নতুন বিচনাও তাত সুমাই দিছে | তাই যি পাৰে সকলোকে সহায় কৰি দিছে | দেউতাকে সৰুতে ককাক আৰু আইতাকে ভুল কৰিলে শাস্তি দিয়া দুই এটা কাহিনী কৈ কৈ হঁহুৱাইছে সকলোকে | ৰমলাৰো ব্যস্ততা বহুত | কি খাই ভাল পায়,কি কৰি ভাল পায় ,এইবোৰৰ লিষ্টখন বাৰে বাৰে সুধি লৈ আছে | জিনাই দিয়া গুৰুদায়িত্বটোৰ বাবে তায়ো অধিক সক্ৰিয় হৈ পৰিছে | শিৱসাগৰৰ নাজিৰাৰ পৰা আবেলি চাৰি বজাত আই এচ বি টি পাব লগা বাচখনলৈ সিহঁতে পোন্ধৰ মিনিট আগৰে পৰা 'লে | সময়তকৈ দহ মিনিট দেৰিকৈ বাচখন পালেহি | তাই চকু কেইটা ডাঙৰ ডাঙৰ কৈ মেলি বাচখনৰ পৰা নামা মানুহবোৰ চাই থাকিল | এনেতে দেখিলে তাই গাঁৱত সাধাৰণ ধূতিত দেখা ককাকজন একদম চুট পিন্ধি পুৰা ষ্টাইলত নামি আহিছে | পিছে পিছে সুন্দৰ পৰিপাটিকৈ মেখেলা চাদৰ পিন্ধা আইতাক | বাহ কি চমত্কাৰ | তাই ফুৰ্টিতে চিট্ পখিলাৰ দৰে উৰি দৌৰ মাৰি দুয়োকে সাৱটি ধৰিলে | আইতাকৰ দুচকুত দুটোপাল মিলন সুখৰ চকু পানী | দেউতাকে বয় বস্তুবোৰৰ গাড়ীত তুলি ল'লেহি | তাইৰ মনটোত আনন্দৰ বন্যা | মনতে ভাবিলে ককা আইতাবোৰ বাৰু কিয় ইমান মৰমীয়াল | তায়ো জানো কম ভাল পায় তেওঁলোকক | নিশা শুৱাৰ সময়লৈকে কেৱল ফুৰ্টি আৰু ফুৰ্টি | বিচনাত পৰি তাইৰ চিন্তাটো বাঢ়িল ,পুৱাৰ পৰা আকৌ সকলো ব্যস্ত.....কি ভাবিব আইতাকহঁতে.....ভাবি ভাবিয়ে তাইৰ টোপনি আহিল দিনটোৰ ভাগৰত |
ৰাতিপুৱাৰ ব্যস্ততাৰ মাজতে তাই মন কৰিলে আইতাকে গা পা ধুই থাপনাত চাকিগছ জ্বলায় চিধাই পাগঘৰ পাইছে গৈ | তাকে দেখি মাক নিৰাই ব্যস্ততাৰে কলে-
"
মা কিবা লাগিছিল নেকি ? দেউতা আৰু আপোনাৰ চাহ ফ্লাক্সত ভৰাই থৈছো,অলপ পিছতে ৰমলা আহিব | তাইক কি ক'ত লাগে ক'ব জোগাৰ কৰি দিব তাই | মোৰ অফিচটোৰ বাবে সময় দিয়াত বৰ দিগদাৰ হৈ যায়,বেয়া নাপাব মা |"
আইতাকে সন্তুষ্টিৰ হাঁহি এটাৰে কলে-- "নিৰা,আমি পৰৰ মানুহ নহয় নহয় আই | মই থাকোতে তুমি ইমান পুৱাই উঠি কষ্ট কৰি আমালৈ কিবাকিবি কৰি থৈ যাব নালাগে, মাত্ৰ কি ক'ত আছে দেখুৱাই থৈ যাবা,মই নিজেই কৰি খাম | দিনটো একো কৰিবলৈ নাথাকিলে আমনিহে লাগিব | ঘৰুৱা দুই এটা কাম কৰি সময়বোৰ সুন্দৰকৈ কটাম বুলি দেউতাৰে আৰু মই ঘৰতে ঠিক কৰি আহিছোঁ | আমাৰ বাবে অযথা টেনচন বঢ়াই নল'বা |"
ইতিমধ্যে সকলো পুৱাৰ আহাৰৰ বাবে বহিলহি | ৰমলাও পালেহি | জিনাৰ দেউতাকে কলে--" এই মাহৰ কোনোবা এটা সপ্তাহত নিৰা আৰু মই চুটি মিলাই ল'ম আৰু অলপ আপোনালোকৰ সৈতে ফুৰিম আৰু সময় কটাম | " জিনাই ফুৰ্টিতে কিৰিলি পাৰি উঠিল |
জিনাই দেখিলে ককাকৰ মুখখন এক গৰ্ববোধত জিলিকি উঠিল | তেওঁ সগৰ্বে কলে--"সকলোৱে কয় চহৰীয়া হৈ পৰিলে মানুহৰ আত্মীয়তা নাইকীয়া হয় | আচলতে কথাবোৰ তেনে নহয় | যদি ঘৰ এখনত মূল্যবোধৰ শিক্ষা সন্তানক সৰুতে দিয়া যায় ,তেন্তে হাজাৰ ব্যস্ততাৰ মাজতো মানুহৰ মানুহলৈ সময় থাকে | তোমালোকৰ দায়িত্ববোধত মই মুগ্ধ আৰু সুখী হৈছোঁ | চিন্তা নকৰিবা,নিজৰ কাম কৰি যোৱা, আমি আমাৰ সময়বোৰ কটাব জানোঁ | তোমালোকৰ ব্যস্ততা বুজো আমাৰ এমাহ সময়টোৰ সুখখিনি আমি নিজে আহৰণ কৰি ল'| তোমালোকেও গমেই নাপাবা সময় কোন ফালে গ'|"
ৰাতিপুৱাৰ পৰা আহাৰ খোৱা সময়কণলৈ ঘৰখনৰ ডাঙৰবোৰৰ কথা বতৰাবোৰ শুনি জিনাই মনতে লাজেই পালে | ধেত্ তাই মিছাতে ইমান সংকীৰ্ণ চিন্তাবোৰ কৰিছে | তাইৰ দেউতাক আৰু মাক ককাক আইতাকৰ সন্তান আৰু বোৱাৰী | যিয়ে সকলো পৰিস্থিতি আৰু সময়ক বুজে তেনে মানুহে কিছুমান সৰু সৰু কথাক লৈ ব্যস্ত নাথাকে | সুখ অনুভৱ কৰিবলৈ এটা সুখ অনুধাৱন কৰা মনহে লাগে | অকল সুখৰ সাধনবোৰে মানুহক সুখ দিব বুলি ভবাতো ভুল | তাই নিশ্চিত আৰু আনন্দিত মন লৈ স্কুললৈ গ'| ওৰেটো বাটে ভাবি গ'ল ঘূৰি আহি কি কি কৰিব আইতাক ককাকৰ লগত | সিদিনা প্ৰাৰ্থনা সভাত তাইৰ দুষাৰ নীতি কথা কোৱাৰ পাল আছিল আৰু তাই সিদিনাৰ অনুভৱখিনিৰ উপলব্ধিৰে কলে--
"
সুখী হ'বলৈ এটা সত্ বিবেকবান মন লাগে | পৰিস্থিতি আৰু সময়ৰ লগত খাপ খুৱাই চলিব জনা জনেহে প্ৰকৃতাৰ্থত সুখৰ সহচৰ হ'ব পাৰে | "

নিৰুপমা ডেকা |

(২৮.০১.২০১৭ তাৰিখ "আমি অসমৰ জনগণ " কাকতৰ শিশু পৃষ্ঠাত প্ৰকাশিত)

No comments:

Post a Comment