Monday, 30 January 2017

ৰূপান্তৰৰ বর্ণমালা

ৰূপান্তৰৰ বর্ণমালা


সৰিপৰা পকা গছ-পাতৰ দৰেই
বতাহজাকত
নিয়ৰৰ ফুলবোৰ উৰিছে

তৰাৰ চাকিবোৰ নুমুৱাই
পুৱতিৰ শেতেলীত
কুৱঁলিৰ নিহালিখন টানি
জোনটো শুই পৰিছে

পূবৰপৰা পশ্চিমলৈ যেতিয়া তেওঁ আগুৱাই
হেমন্তৰ চেঁচা বতাহজাক হেৰায়
ঘাটে-পথাৰে শৰালিজাকৰ কিচিৰ-মিচিৰ শব্দত
বন-বিৰিখৰ জাকৰুৱা ছাঁ সৰে
নৈৰ পাৰে পাৰে আগুৱাই বতাহজাকে
শুকান পাতবোৰক মাতেগৈ
মর্মৰ ধ্বনিৰে সৰিপৰা পকা গছপাতে বতাহক
বিমুখ কৰিব নোৱাৰে

তোমাৰ অপেক্ষাতে ফুলিছিল ফুল, বৈ আছিল সুগন্ধি।
এতিয়া শীর্ণ নদীৰ বুকুত সোঁতৰ ফুল শুকাই শেঁতা পৰি ৰৈছে।


ৰৌচন আৰা বেগম

No comments:

Post a Comment