মা
মা, তুমি অনন্যা
মোৰ মানস পটত
তুমি বসুন্ধৰা !
নিজান ৰাতিবোৰত
তোমাৰ তপত নিস্বাস
মোৰ আশাহত হুমুনিয়াহ
একাকাৰ হৈ তৰাৰ কাষ চাপি সোধে
মৰমৰ ঠিকণা ৷
তৰাই নাজানে
নাজানে জোনেও !!
বেলিয়েও কয়
নীলা আকাশক সোধা ৷
নাজানে
নাজানে,
আকাশ বতাহ
জোন বেলি
মাথোঁ নিশ্চুপ - নিৰুত্তৰ !
কোনে জানে
কোনে জানে ??
নিশাই জানে কেৱল
নিষ্ঠুৰ সময়ৰ খেলা ৷
কাঁইটীয়া বাটত
সুখৰ ঠিকণা ৷
এয়া মাথোঁ বিড়ম্বনা ৷
ক্ৰন্দন নহয়
অৰণ্যৰোদন !!
এয়ে জীৱন !
সকলো পাইও
কিবা যেন নাই নাই ৷
মা!
তোমাক বিচাৰি
সন্তানৰ হাঁহাকাৰ ৷
আহাঁ মা
এবাৰ আহাঁ ৷
সোন বুলি মাতা মোক
মাথোঁ এবাৰ
মাথোঁ এবাৰ ৷
ණ মাধৱ দত্ত ।
No comments:
Post a Comment