Tuesday, 24 January 2017

গামোছা

গামোছা



হাঁহ-পাৰ বেছা পইছাকেইটাতে হয়তো তোৰ জন্ম
কাউৰীয়ে ৰমলিওৱা নিজান দুপৰৰ বেলাত
মৰমৰ দীঘ বাণীবোৰ তোৰ গাত বুলাওঁতে
মাকোতো বাৰু সৰি পৰিছিল নেকি ?
কাৰোবাৰ সাঁচতীয়া মৰমৰ বোকোচাত উঠি তই লৰালি কটালি
আৰু এদিন মৰমবোৰ উত্তাল তৰংগ হৈ পৰা গোপন ক্ষণতে
তোক প্ৰিয়জনৰ হাতত চিৰদিনৰ কাৰণে সঁপি দিছিল
কোনোদিনে ঘূৰাই নোলোৱাৰ কথাৰে
তই কান্ধত উঠি গাওঁ-ঘৰ ফুৰিলি
উৰুলি হৰিনামৰ গুনগুননিও শুনিলি
বয়সৰ ভৰত এদিন
তেজৰ ৰঙাবোৰ জিলিকাই অতীত ৰোমন্থন কৰি
মৃত্যুৰ ক্ষণ গণি গণি এলাগী হলি
আকৌ বাৰু কেতিয়াবা তোৰ জন্মদাত্ৰীক ল'গ পালিনে তই
নে নকৈ সেন্দুৰ পিন্ধা বোৱাৰীৰ সুখ দুখৰ হাঁহিত
তয়ো বুৰ গলি
পালিনে কেতিয়াবা গৃহস্থৰ তোলৈ চকু পৰি থৰ হোৱা এটি ক্ষণ
কি ঘটিল কি নঘটিল
সকলো সাক্ষী হৈ তোৰ সপোন ভাগিল
বিয়ানাম ধ্বনিৰে ৰভাতলী মুখৰিত হোৱাৰ ক্ষণত
তই ছাগে কোনোবা কোঠালিৰ এচুকত কুচি-মুচি সোমাই আছিলি
তোৰ চিন-অচিন নয়নত জলমলাইছিল নে এটোপাল জল
তোৰ দুৰ্ভগীয়া জন্মদাত্ৰীৰ বাবে

দুলাল হাজৰিকা ৷৷

No comments:

Post a Comment