#সিপাৰে কোন গ'ল#
সিপাৰে কোন গ'ল?
নেদেখা বাট৷
বাটৰ দুবৰিত
লাগি ৰ'ল খোজ৷
নেদেখা বাট৷
বাটৰ দুবৰিত
লাগি ৰ'ল খোজ৷
উজায়ে আহিল দুখ…
কাষত পালতৰা নাও
বৈঠা ডুব যোৱা৷
নাৱৰীয়াহে নাই৷
কাষত পালতৰা নাও
বৈঠা ডুব যোৱা৷
নাৱৰীয়াহে নাই৷
ডিঙি মেলিলো
দেখাও পালো
চুব নোৱাৰিলো ছাঁ৷
সিপাৰে নমনি
ছাই ঘন ক'লা
হেৰাঁল বাটৰ আঁত৷৷৷৷
দেখাও পালো
চুব নোৱাৰিলো ছাঁ৷
সিপাৰে নমনি
ছাই ঘন ক'লা
হেৰাঁল বাটৰ আঁত৷৷৷৷
ණ জোনমনি গগৈ ৷
No comments:
Post a Comment