Saturday, 28 January 2017

ডায়েৰী

ডায়েৰী


আপোনাৰ বাবেইতো তাৰিখবোৰৰ থাকে ইমান মহত্ব,
সংখ্যাতো নহয় সেইবোৰ
আপোনাৰ-আমাৰ মান-অভিমান,
ক্ষোভ
আনন্দ-বিষাদ
সুখ-দুখেৰে লিখা
কোনেও নেদেখা একোটা দস্তাবেজ ।
আপোনাৰ বাবেই থাকে এখন ঘৰ
গৰাকী আপুনি
ভৃত্য আমি ।
ঘৰবোৰৰো কথা থাকে বহুত
হাঁহিৰ, কান্দোনৰ, অভিমানৰ, মৰমৰ
আপুনি আছে বাবেই এই চহৰত এটা ঘৰ আছে
ইমান কথাৰ আয়োজন কেৱল আপোনাৰ বাাবেই
কথাবোৰে দেৱাল বান্ধে
হাঁহিবোৰে আন্ধাৰ আঁতৰায়
শব্দবোৰ জোনৰ সাধু
চকুপানীবোৰ তৰাৰ কবিতা
বছৰৰ পিছত বছৰ বাগৰে
আমাৰ কথা গৈ হাবিতলীয়া জোনৰ গাতে লাগেগৈ ।
আপুনি ৰুক্ষ ফাগুন
আমি শিমলুবুলীয়া সপোনত বিভোৰ
আপুনি বসন্তৰ প্ৰথমজাক বৰষুণ
আমি সেউজীয়া ধৰা
পানীপিয়া চৰাই ।
ডায়েৰীৰ পৃষ্ঠা আমাৰ কাহিনীৰে ভৰা ।


শ্ৰুতিমালা মিশ্ৰ ।

No comments:

Post a Comment