Sunday, 22 January 2017

মানুহবোৰ

মানুহবোৰ 


মানুহৰ মুখবোৰত দেখো
একোহালি ঘোলা চকু
ওঁঠত শীতৰ জঠৰ দুটি পাত
বুকুত লৈ ফুৰে তেওঁলোকে
একো একোখন যুদ্ধ
হাতত ছাঁই
স্বপ্নত ধূলি
তেওঁলোকে পাৰ হৈ আহে
দীঘল ৰাতিৰ বুৰঞ্জী
প্ৰতিজন মানুহেই একো একোখন পৃথিৱী
পৃথিৱী- যাৰো থাকে ক'বলৈ অলেখ কাহিনী
পৃথিৱী- যাৰ শ্ৰোতা নাই
চৰাইৰ মাত শুনি
মানুহবোৰ ৰৈ থাকে সূৰ্য্যোদয়লৈ
মাছবোৰক সোধে-
নৈৰ ঢৌবোৰে
'লৈ লৈ যায় বেলিক প্ৰতিদিনে গধুলি
সূৰ্যাস্তৰ আগতে
তেওঁলোকৰো যে থাকে ক'বলৈ
সময়েও পাহৰা সময়ৰ বহু কথা ।


ৰাজীৱ ডেকা ৷৷

No comments:

Post a Comment