Thursday, 5 January 2017

হুঁমুনিয়াহ

হুঁমুনিয়াহ

হুঁমুনিয়াহবোৰৰ আয়ুস বাঢ়িবলৈ
লোৱা ক্ষণ এটিত
আকৌ এবাৰ
ডায়েৰীৰ পাতখিলা জুমি চাইছিলোঁ৷
তগবগ সেউজীয়াত ডুবি ৰোৱা
নীলা নীলা শব্দবোৰৰ সুবাসটোৱে
পাতখিলাৰ পৰা উঠি আহি
থিতাপি লব খুজিলে বুকুত৷
শিলৰ বুকুত সেউজীয়া শেলাই হল৷
শেলাইত পিচলি
অহা বাটে উভতিল সুবাস৷
তাৰপাছত!!!
অভিযোগ, অনুযোগ, আক্ষেপৰ কাওবাওঁ....
অপ্ৰিয় হলেও সত্য
শেলাই পৰা শিলৰ বুকুত
সেউজীয়া স্থানচ্যুত৷
অন্ততঃ
ন কৈ হুঁমুনিয়াহৰ সহবাস ক্ষণটিৰে৷

ইন্দিৰা দিগন্ত ৷ 

No comments:

Post a Comment