Wednesday, 11 January 2017

আলাপ শিতানঃ 'কবিৰ মনৰ কথা' (প্ৰথম খণ্ড) - কবি: প্ৰকাশ ভূঞা

আলাপ শিতানঃ 'কবিৰ মনৰ কথা' (প্ৰথম খণ্ড) - কবি: প্ৰকাশ ভূঞা
নমস্কাৰ গ্ৰহণ কৰিব।
আখৰুৱাৰ আলাপ শিতানৰ 'কবিৰ মনৰ কথা'ত ইতিমধ্যে আমি আখৰুৱাৰ সদস্য, কবি ক্ৰমে অনিতা গগৈ, নৱাকাশ, নিশাংক মিলন, চামচুল হক আৰু জোনমণি দাসৰ সৈতে হোৱা বাৰ্তালাপ প্ৰকাশ কৰিছোঁ। সেই প্ৰক্ৰিয়াৰে আখৰুৱাৰ সদস্য তথা এগৰাকী তৰুণ কবি হিচাপে প্ৰকাশ ভূঞাৰ সৈতে, সামগ্ৰিকভাৱে কবিতা সম্বন্ধে কিছু কথা পাতিব বিচাৰিছিলো আৰু প্ৰকাশে সন্মতি দিয়া কাৰণে আৰু সহযোগ কৰা বাবে- তেওঁলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আশাকৰোঁ পূৰ্বৰ 'কবিৰ মনৰ কথা' সমূহৰ দৰে এইবাৰো শিতানটোলৈ মাননীয় সদস্যসকলৰ সঁহাৰি পাম।
ধন্যবাদ।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
২৪ জুলাই, ২০১৬
_____________________________
আখৰুৱাঃ আখৰুৱাৰ জন্মলগ্নৰ এগৰাকী ঘনিষ্ঠ সদস্য তথা এগৰাকী তৰুণ কবি হিচাপে 'আলাপ' শিতানৰ বাবে, ফেচবুক বাৰ্তালাপৰ ভিত্তিত যুগুতোৱা 'কবিৰ মনৰ কথা'লৈ তোমাক আন্তৰিক আদৰণি জনাইছোঁ।
প্ৰকাশ ভূঞাঃ ধন্যবাদ।
আখৰুৱাঃ 'কবিৰ মনৰ কথা' শিতানত প্ৰথমতেই তোমাৰ পৰা জানিব বিচাৰিম কবিতাৰ প্ৰতি তুমি কেতিয়াৰ পৰা আকৃষ্ট আৰু কিয়?
প্ৰকাশ ভূঞাঃ কবিতা লিখিবলৈ কৰা চেষ্টাৰ আৰম্ভণি হৈছিল ১২ বছৰ বয়সৰ পৰা। তেতিয়া মই ষষ্ঠ শ্ৰেণীত..কিন্তু সেয়া কবিতা নাছিল, হয়তো পদ্য আছিল দুই এটা.. তেতিয়াই কবিতাই কিয় আকৰ্ষণ কৰিছিল,স্পষ্টকৈ ক'বলৈ টান হ'ব ৷...হয়তো ছন্দই আকৰ্ষণ কৰিছিল..মই বহুত সৰুৰে পৰা সৰ্ব্বভুক আছিলো সাহিত্যৰ ক্ষেত্ৰখনত ৷ কিতাপবোৰ পঢ়োতে হোৱা আৱেগ অনুভুতি বোৰৰ স্বতঃস্ফূৰ্ত্ত প্ৰকাশৰ বাট এটা বিচাৰি পাইছিলো কবিতাৰ মাজেৰে ৷ এক ধৰণৰ সৃষ্টিৰ আকাংক্ষা আৰু ৰোমাণ্টিকতা আছিল কবিতাৰ প্ৰতি , হয়তো সেয়াই আৰম্ভণি ৷
আখৰুৱাঃ বুজিলো। ষষ্ঠ শ্ৰেণীত তুমি কি লিখিছিলা মনত পৰে নেকি?
মনত পৰে যদি বা হাততে পোৱাত আছে যদি তোমাৰ তেতিয়াই লিখা পুৰণি কবিতা বা পদ্য আখৰুৱাৰ পাঠকৰ বাবে এটি দিব পাৰিবানে।
.
প্ৰকাশ ভূঞাঃ মোৰ দহ বছৰ বয়সত মই লিখা পুৰণি কবিতা বা পদ্য আখৰুৱালৈ আগবঢ়ালোঁ-
স্বাধীনতা
১৯৪৭ চনৰ ১৫ আগষ্ট
ভাৰত স্বাধীন হ'ল।
বগা চাহাবৰ দেশ গুছি
ক'লা চাহাবৰ হ'ল।
মহাত্মাৰ দেশ সিদিনা
দ্বিখণ্ডিত হ'ল
হিন্দুস্তান আৰু পাকিস্তান
দুখৰ দেশৰ জন্ম হ'ল
শংকৰ, আজানৰ দেশত
দুৰ্নীতি, বিভেদে ল'লে বাহ.......।
ৰচনা: ১৫ এপ্ৰিল ২০০২
আখৰুৱাঃ কবিতাটোৰ বাবে ধন্যবাদ। ওপৰত তুমি কোৱা কথাৰ পৰা অনুমান কৰিব পাৰি যে- প্ৰায় ১২/১৪ বছৰ বয়সতেই তুমি সাহিত্যৰ যিবোৰ কিতাপ পঢ়িছিলা, তাৰ মাজেৰেই সৃষ্টি হোৱা আৱেগ, অনুভুতিয়ে তোমাক কবিতাৰ কাষলৈ লৈ গৈছিল। কিন্তু কোৱা হয় কবিতা কবিৰ স্বতঃস্ফুৰ্ততাৰ প্ৰকাশ। তোমাৰ কথাত স্বতঃস্ফূৰ্ত্ততা কিদৰে সম্পৰ্কিত? নে তুমি ভাবা যে অধ্যয়নেই মানুহৰ মনত কাব্যৰ প্ৰতি আকৰ্ষণ সৃষ্টি কৰে?
প্ৰকাশ ভূঞাঃ কবিতা যদি কবিৰ অকল স্বতঃস্ফূৰ্ত্ত আৱেগ বা চিন্তাৰ প্ৰকাশ বুলি আমি কওঁ, তেতিয়া ভুল হ'ব... স্বতঃস্ফূৰ্ত্ততাৰ ধাৰণাটো Wordsworth-ৰ কবিতাৰ সংজ্ঞাৰ পৰা আহিছে মই যিমানদূৰ জানো ... Wordsworth-এ কৈছিল " "Poetry is the spontaneous overflow of powerful feelings: it takes its origin from emotion recollected in tranquility." ...এই "recollected in tranquility" কথাটোৰ এক গভীৰ অৰ্থ আছে... একধৰণৰ সাহিত্যিক ৰোমাণ্টিকতা, ৰোমাণ্টিক বিপ্লৱবাদীতাৰ পৰা, প্ৰকৃত কবিতাক চিনি পোৱাৰ বাবে কথাখিনি খুব জৰুৰী ৷
মই কৈছিলো যে, কিতাপ পঢ়ি হোৱা আৱেগ, অনুভুতিবোৰৰ প্ৰকাশৰ মাধ্যম আছিল কবিতা.. অধ্যয়নে এজন চৈধ্য বছৰীয়া কিশোৰৰ মনোজগতখন অলপ বেলেগ কৰে, সমবয়সীয়া আন এজনতকৈ ৷ এটা উদাহৰণ দিও, মই তেতিয়া ষষ্ঠ শ্ৰেণীত.. স্কুলৰ libraryৰ পৰা Kafkaৰ Metamorphosisৰ অসমীয়া ভাঙণিখন আনি এদিন পঢ়িলোঁ... তাৰ পিছত এনেকুৱা ভয় লাগিল, তিনিদিনমান ৰাতি টোপনি অহা নাছিল...এমাহমান মই কিতাপখন চুবলৈকে ভয় কৰিছিলো...
সেয়া মোৰ স্বতঃস্ফূৰ্ত্ত অনুভুতি আছিলl...
.সেই ৰহস্যময় মনোজগতখনত পৃথিৱীখনৰ জটিলতাবোৰে, যাৰ লগত মোৰ চিনাকি হৈছিল কিতাপৰ মাজেৰে, ভীষণ ভাবে ক্ৰিয়া কৰিছিল.. ফলত জীৱনলৈ থকা এক ধৰণৰ innocence, যি সাধাৰণতে সেইটো বয়সত থাকে, মই সেয়া হেৰুৱাইছিলো বহু সৰুতেই.. এক ধৰণৰ innocence নাথাকিলে কবিতা মাথো ভাবৰ স্বতঃস্ফূৰ্ত্ত প্ৰকাশ হৈ নাথাকে, ই এক জীৱনবোধলৈ ৰূপান্তৰ হ'ব ধৰে..কাব্যৰ প্ৰতি আকৰ্ষণৰ বাবে অধ্যয়ন জৰুৰী নহয়.. যি কোনো লোকেই কবিতাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে.. কিন্তু কাব্যৰ মাজেৰে সত্যৰ সন্ধান কৰিবলৈ অধ্যয়ন আৰু উপলব্ধি অত্যন্ত জৰুৰী....
আখৰুৱাঃ কিন্তু দেখা যায় যে সাম্প্ৰতিক সময়ৰ অসমীয়া কবি সকল অধ্যয়নৰ প্ৰতি সিমান আকৰ্ষিত নহয় যেন লাগে। তথাপি অনেকেই কবিতা লিখিছে, লিখে বা লিখিব। এইযে তুমি ক'লা কাব্যৰ মাজেৰে সত্যৰ সন্ধান কৰিবলৈ অধ্যয়ন আৰু উপলব্ধি অত্যন্ত জৰুৰী- তেনেকৈ আমাৰ কবি সকলে ভাবে জানো?
প্ৰকাশ ভূঞাঃ ভাবে নে নেভাবে, সাধাৰণীকৰণ কৰি মই কোৱাটো ভুল হ'ব.. যদি নেভাবে তেন্তে ভবা উচিত..মই ভাবো কবিতাৰ বিষয়টো জীৱনবোধৰ গভীৰতা আৰু আত্মাৰ উৎকৰ্ষ সাধনৰ লগত জড়িত...যিসকল কবিয়ে কবিতাৰ বিষয়ে মোৰ দৰে ভাবে, তেওঁলোকে জীৱনৰ এটা নহয় এটা পৰ্যায়ত অধ্যয়ন আৰু উপলব্ধিৰ কথাটোও নিশ্চয় বুজিব ..গীতাৰ ভাষাৰে 'perfected knowledge' সত্যৰ সাধনাৰ বাবে এটা premise... যদিও এইটোও সত্য যে, perfected knowledge is itself an end, not just a mean...আৰু এইটোও আমি মনত ৰখা উচিত যে, perfected knowledge এটা জীৱনজোৰা সাধনা... এক কথাত ক'বলৈ হ'লে- an ideal that we must strive for..
আখৰুৱাঃ মানুহৰ জ্ঞান অৰ্জন বিষয়টো যিদৰে এক জীৱনজোৰা সাধনা, কবিতাও কবিৰ এক জীৱনজোৰা সাধনা। এই কথা যদিহে সত্য বুলি ধৰা হয়, তেন্তে আজিৰ এচাম কবিয়ে নিজৰ কবিতা জনপ্ৰিয় কাকত-আলোচনীত প্ৰকাশ হোৱাটোকেই কিয় সফলতা বুলি ভাবে? তেনেকৈ কিছু কবিয়ে নিজৰ কবিতা জনপ্ৰিয় কাকত-আলোচনীত প্ৰকাশ নহ'লে বিফল হোৱা বুলি ভবা দেখা যায়। এনে কিয় হয়?
প্ৰকাশ ভূঞাঃ নিজকে বিফল হোৱা বুলি যিসকলে ভাবে, তেওঁলোকে নিশ্চয় সত্যৰ সন্ধান কৰা নাই, আত্মাৰ উৎকৰ্ষ সাধনৰ কথা ভাবি কবিতাৰ সাধনা কৰা নাই...
আখৰুৱাঃ তোমাৰ কবিতা লিখাৰ প্ৰথম স্তৰটো ১৪ বছৰতেই আৰম্ভ হৈছিল, যি বিষয়ে আগতে পাতিলো। কিন্তু জীৱনবোধেৰে তুমি কেতিয়াৰ পৰা কবিতা লিখা আৰম্ভ কৰিছিলা? আৰু তেনে ধৰণৰ তোমাৰ এটি কবিতা উল্লেখ কৰিবা নেকি।
প্ৰকাশ ভূঞাঃ জীৱন আছে মানে জীৱনবোধতো থাকিবই....কথা হ'ল, তাৰ গভীৰতা কিমান... ই এটা জীৱন জোৰা প্ৰক্ৰিয়া.. এজন কবিৰ বা লেখকৰ প্ৰতিটো সৃষ্টিতেই তেওঁৰ জীৱনবোধৰ উমান পোৱা যায়েই কম বেছি পৰিমাণে...
আখৰুৱাঃ আমি জানিব বিচাৰিছিলো তোমাৰ প্ৰিয় স্বৰচিত এটি কবিতাৰ বিষয়ে। স্বৰচিত তেনে কোনোটো কবিতা মনলৈ আহিছে নেকি?
প্ৰকাশ ভূঞাঃ তেতিয়াই অৰ্থাৎ ২০০৬ চনৰ ২৬ জুলাই তাৰিখে লিখা মোৰ অন্য এটি কবিতা হ'ল-
আত্মকথাঃ মানৱৰ
সকলো ঠিকেই আছিল
সৌ সিদিনালৈকে
ৰাতিপুৱা উদিত সূৰ্য সন্ধিয়াৰ স্নিগ্ধ জোনাক উপভোগ কৰিছিলো মই৷
একেই আছিল
বন্ধু-বান্ধৱ, আদ্দা, হাঁহি-ধেমালী অহংকাৰ, ভেম, ধনৰ লালসা ক্ষমতাৰ লোভ আৰু অপব্যৱহাৰ সকলো ঠিকেই চলিছিল
মোৰ
কিন্তু
সিদিনা হঠাতে
মন গ’ল কিয় জানো
নিজকে বিচাৰি চাওঁচোন
মোৰ শিপা বিচাৰি বিচাৰি আৱিস্কাৰ কৰিলোঁ মই
অতি বিস্ময়কৰ
শিপা নাই মোৰ
লোভৰ মায়াজালত বন্দী হৈ আঁতৰি আহিলোঁ বহুদূৰ
মই মোৰপৰা৷ সেই দিন ধৰি
মই হেৰুৱাই পেলাইছোঁ মোক
মই মোকেই খেদি ফুৰিছোঁ
অহৰহ
বাৰে বাৰে কাটি কুটি
ছিন্ন ভিন্ন কৰিছোঁ
মোৰ মন, বিবেক
ৰক্তাক্ত কৰিছোঁ দুহাত আপোন ৰক্তেৰে৷
চক্ খাই উঠিছোঁ
বাৰে বাৰে
নিজেই নিজক দেখি
যদিও পলাই ফুৰিব খোজোঁ তথাপি বাৰে বাৰে
সম্মুখীন সেই
ভয়াৱহ স্ফিংক্সৰ
পুনৰ একেটা প্ৰশ্ন
মই কোন, ক’লৈ, ক’ৰপৰা
আৰু কিয়?
ভাবি ভাবি অস্থিৰ মই
ক’ত হেৰুৱাই পেলালোঁ তেন্তে মোৰ ভিতৰৰ মোক?
জখলাৰে নামি আহিছোঁ
মই
মোক বিচাৰি
আৰু চলাথ কৰিছোঁ
অহৰহ
প্ৰতিটো সভ্যতা,
প্ৰতিটো সফলতা
জুমি চাইছোঁ মই মোক সোঁৱৰণীৰ দুৱাৰৰ প্ৰতিটো ফুটাৰে কিন্তু,
মোৰপৰা কিমান আঁতৰত
মই
যেন মৰুৰ মাজত
দিকভ্ৰান্ত পথিক মই হতাশাগ্ৰস্ত, তৃস্নাতুৰ অদূৰত ওৱেছিছ
বুজিও যেন বুজা নাই
চুব খুজিও চুব পৰা নাই
পাইও যেন পোৱা নাই
মই মোক; ক্ষন্তেক ভাবি চাওক, আপোনাৰো যেন তেনে বিস্ময়কৰ, অতি বিস্ময়কৰ বিৱৰ্তন
সময়ৰ, মানৱ জাতিৰ
অতি নিষ্ঠুৰ অথচ ৰূঢ় বাস্তৱ৷
আখৰুৱাঃ এই কবিতাটো লিখিবলৈ কি কথাই তোমাক প্ৰেৰণা দিছিল বা আজি যদি উভতি চোৱা, কবিতাটোত কি ধৰণৰ দৰ্শন উপস্থিত বুলি তুমি ভাবা?
প্ৰকাশ ভূঞাঃ স্পষ্টকৈ একেআষাৰে ক'ব পৰা নাযায়, কি ধৰণৰ দৰ্শন... কিন্তু আজি উভতি চালে ৰোমাঞ্চিত হওঁ, নিজৰ ওপৰত এটা বিশ্বাস অটুত হৈ ৰয় যে সত্যৰ সন্ধান তেতিয়াও আছিলে মোৰ, নিজৰ অজানিতেই... "মই কোন, ক'ৰ পৰা, ক'লৈ, আৰু কিয়? ..."

No comments:

Post a Comment