মাঘ পালেহি বসুন্ধৰা
শীত ফালি
কুৱঁলীবোৰ ঠেলি
মাঘ পালেহি বসুন্ধৰা৷
তোৰ সপোনৰ সুহুৰিত এতিয়াও
বাজে কি নাবাজে
হেপাঁহৰ আখৰা!!
কুৱঁলীবোৰ ঠেলি
মাঘ পালেহি বসুন্ধৰা৷
তোৰ সপোনৰ সুহুৰিত এতিয়াও
বাজে কি নাবাজে
হেপাঁহৰ আখৰা!!
নৈৰ বুকুত মাছৰ
উজান দেখি
আপাহত দেও পাৰা
মনত পৰেনে বসুন্ধৰা?
মাঘৰ মেজিত
জুইত পোৰা
পকা মঙহৰ টুকুৰা৷৷
আপাহত দেও পাৰা
মনত পৰেনে বসুন্ধৰা?
মাঘৰ মেজিত
জুইত পোৰা
পকা মঙহৰ টুকুৰা৷৷
তোৰে সতে
মাঘৰ আনন্দ
কিদৰে পাহৰো?
স্মৃতিৰ বোকোচাত আজিও
ঘনাই একোলা বহো৷
মাঘৰ আনন্দ
কিদৰে পাহৰো?
স্মৃতিৰ বোকোচাত আজিও
ঘনাই একোলা বহো৷
ঠেঁটুৱৈ ধৰা
ৰাতিবোৰ
নিহালীৰ জাপত
পাৰ হ'ল বসুন্ধৰা৷
সেমেকা পোহৰত
জিলিকি উঠিল
মেজিৰ জুইঁকুৰা৷
নিহালীৰ জাপত
পাৰ হ'ল বসুন্ধৰা৷
সেমেকা পোহৰত
জিলিকি উঠিল
মেজিৰ জুইঁকুৰা৷
আইৰ আখল আৰু
ঢেঁকীৰ মাত়তো
আকৌ এবাৰ
মাঘ পালেহি বসুন্ধৰা ৷
ঢেঁকীৰ মাত়তো
আকৌ এবাৰ
মাঘ পালেহি বসুন্ধৰা ৷
ණ জোনমনি গগৈ ৷
No comments:
Post a Comment