'অণুগল্প'(৩)
সেন্দূৰীয়া সপোনৰ বাটত
সেন্দূৰীয়া সপোনৰ বাটত
লুংলুঙীয়া
আলিবাটটিৰে বেলিটি যাৱৰে হ’ল ৷ মায়াই বাৰেপতি পদূলিলৈ অহা-যোৱা কৰি আছে ৷ আন্ধাৰ আৰু পোহৰৰ তাগিদাত যেন
তাইৰ চকুহাল অস্তমিত আবেলিৰ দৰেই হৈ পৰিছে ৷
সৌ ফাগুনৰ দিন
এটিতে গীতে তাৰ নামৰ সেন্দূৰকণ মায়াৰ শিৰৰ
স্বপ্নত আঁকি দিম কৈছিল ৷ তাই গীতক সুধিছিল,’কৃষ্ণচূড়াৰ ৰংবোৰ কিয়বা ইমান আলফুল ?’ সি মাথোঁ নীলিম আকাশখনলৈ চাইছিল ৷ সুখৰ পম খেদি খেদি মৌন ওঁঠ মুখৰ
হৃদয়খন মুখৰিত হৈ পৰিছিল এটি গীতৰ গুণগুণনি ৷
টিলিং.... টিলিং
...... তাইৰ বুকুখন চিৰিং কৰি গ’ল ৷ আজি দুসপ্তাহ ধৰি গীতে চিঠিৰ উত্তৰ দিয়া
নাই ৷ আজিও ডাকোৱালজনে একো বাতৰি নিদিলে ৷ বুকুৰ খুবলিত এশ এবুৰি ভাৱনাই ভিৰ তুলি তাই প্ৰতিটো নিশা উজাগৰে পাৰ কৰিছে ৷ নিৰৱতাৰ আঁচলখন টানি পুৰণি
চিঠিবোৰতে জোনাকৰ উপমা ৰচে ৷ তাকে লৈ এতিয়া তাই আৱিস্কাৰ কৰিছে নিজক গীতৰ সুবিশাল সেউজীয়াৰ ভাঁজত ৷ তথাপি লাহে লাহে অপেক্ষাৰ দো খোৱা প্ৰতিটো ক্ষণ
প্ৰতিটো সতেজ সহাৰি মেলানি মাগিচে আন্ধাৰৰ বুকুত ৷
ණ অংকুৰ শইকীয়া ৷৷
No comments:
Post a Comment