Wednesday, 1 February 2017

"শব্দ" কবি:- ✍ মাধৱ দত্ত ।

"শব্দ"

কিহৰ শব্দ ?
আৰ্তনাদৰ
কাৰ আৰ্তনাদ ?
নিস্বজনৰ,
ৰাজনীতিৰ ঘৃণীত পাশা খেলত
সৰ্বস্ব হেৰুওৱা
পদ - দলিত জনৰ ৷
কোনোবা কাপুৰুষৰ
কামনাৰ বলি
কোনোবা
বধিৰ তিৰুতাৰ ৷
নিষ্ঠুৰ চিকাৰিৰ
বুলেটৰ আঘাটত
মাতৃহাৰা হোৱা
নিমাখিত
অসহায়
গঁড়ৰ পোৱালিৰ ৷
সকলো একাকাৰ হৈ
সৃষ্টি হোৱা কৰুণ শব্দ ৷
নিকৰুণ শব্দ ৷
সেই শব্দ তুমি শুনিছা ?
শুনিছা কেতিয়াবা ??
যদি শুনা নাই
তুমি সৰ্বকালৰ কলা ৷
নিৰোগী শৰীৰতো
অকাল ব্যাধি তোমাৰ ৷
তুমি নিষ্ঠুৰ পিশাচতকৈও,
যি পিশাচে
বধিৰ যুৱতীৰ ইজ্জত লুটিব পাৰে,
সেই পিশাচতকৈও ৷
যি চিকাৰিয়ে নিঠৰুৱা কৰে গঁড়ৰ পোৱালিটিক,
সেই চিকাৰিতকৈও নিষ্ঠুৰ তুমি ৷
তুমি বন্য
তুমি জঘন্য ৷
এদিন শব্দৰেই চিকাৰ হ'বা তুমিও ৷
মহাকালৰ
মহনিনাদ বাজিব যিদিনা,
পদপিষ্ট হ'বা তুমিও ৷
সময়ৰ হাতত অৱশ্যম্ভাৱী
মৃত্যু তোমাৰো ৷
সময় থাকোতেই
শব্দৰ সন্ধান কৰা ৷


কবি:- মাধৱ দত্ত

No comments:

Post a Comment