Monday, 30 January 2017

প্ৰেমৰ পোৰ্টট্ৰেইট

প্ৰেমৰ পোৰ্টট্ৰেইট

.
মই চিত্ৰকাৰ
প্ৰেয়সীৰ চুলিৰ ৰহস্যময়তাৰ
মগ্ন চেতনাত ডুব যোৱা বেলিৰ দৰেই
মগ্ন সেওঁতাৰ সেই অৰণ্যত
ডুব যোৱা চুলি আৰু মোৰ ব্যৱধান শূণ্যতা !
.
মই যাতায়াত কৰিছোঁ
সন্ধিয়াৰ খোজৰ মৌনতাৰ পৰা
উজাগৰ ৰাতিৰ জোনাকলৈ
মোৰ আঙুলিত গুন-গুন গান
তাইৰ আঙুলিত গভীৰ সুৰ
মেহফিল আৰু যুগলবন্দীত
আমাৰ চাৰিটা চকুৰ বিশুদ্ধ আলাপ
কানপাতি শুনিছো
কুঁৱলীৰ দৰেই সেই নিষ্পাপ মাত !
.
মই অংকন কৰা সেই দুটি ওঁঠৰ পোহৰত
শেৱালী আহি সৰে
মই পোহৰৰ সুবাসত গলি গলি
ডুব যাওঁ ফৰকাল চেতনাত
কেনভাছত দেখোঁ উৰি ফুৰা এটা ৰঙা পখিলা
কিছু স্পষ্ট
কিছু অস্পষ্ট
কিম্বা তাইৰ শৰীৰত লিপিট খোৱা
হেঙুলীয়া পোহৰৰ জিলমিলনি……!!!!


লোচন কৌশিক ।

No comments:

Post a Comment