নাযায় নুপুৱায়
ৰাতি:
সেউজীয়াৰ সপোন
দেখি
মানুহে পাৰ হৈ আহে তপত বালি।
মানুহে পাৰ হৈ আহে তপত বালি।
মৰুময় দিনবোৰ
আঁতৰি
সেউজীয়াৰে ভৰে মানুহৰ পুৱা-গধূলি।
সেউজীয়াৰে ভৰে মানুহৰ পুৱা-গধূলি।
জুনুককৈ বিয়পে
হালধীয়া অনায়াসে।
মানুহ হোৱাটো
সঁচাকৈ বৰ কঠিন
নাযায় নুপুৱায় ৰাতি ।
নাযায় নুপুৱায় ৰাতি ।
ණ মনোহৰ দত্ত।
No comments:
Post a Comment