Tuesday, 3 January 2017

ভিন্ন ভিন্ন

ভিন্ন ভিন্ন

অনেক মানুহৰ ভীৰৰ মাজতো
প্ৰত্যেকৰে খোজৰ দিশ
প্ৰত্যকৰে গন্তব্য স্থান
বেলেগ ।বাটে ও নাজানে কাৰ লক্ষ্য ক'
তথাপি বাটৰে যোৱা অনেক জনক
আঁকুৱালি লয় বাটে।
সবৰে মূৰৰ ওপৰত এখনেই আকাশ
তথাপি আকাশ চোৱাৰ হেঁপাহ বেলেগ
জোনাক উপচা ৰাতি
কবিৰ চোতালত জোন জ্বলে কবিতা হৈ
প্ৰেমত জ্বলে হেঁপাহ হৈ
দুখত শোক হৈ
তথাপি জোন জ্বলে।
বৰ্ষাত বৰষুণ
কাৰোবাৰ বাবে দুখ হৈ
কাৰোবাৰ বাবে অনুভৱ হৈ
কাৰোবাৰ বাবে ব্যাকুলতা
তথাপি বৰষুণ
বৰষুণ হৈ সৰে।
ভিন্ন মানুহ
ভিন্ন মন
ভিন্ন অনুভৱ
পৰিচয় মাথো মানুহ।



পৰিমলা কোঁৱৰ । 

No comments:

Post a Comment