Tuesday, 17 January 2017

আজি শিল্পী দিৱস

আজি শিল্পী দিৱস

মই গোন্ধ পাইছো
খোজৰ উমান পাইছো
তেওঁ আহিছে
আকাশে বতাহে খোজৰ ধ্বনি
ভাঁহি আহিছে সুৰ আৰু লয় ।
গছৰ পাতে পাতে
বিৰিষৰ কোঁহে কোঁহে
গীতৰ লয় ।
কি বুলি সম্বোধন জনাওঁ আজি
হে মহান শিল্পী
সুৰকাৰ গীতিকাৰ
ৰূপৰ কোঁৱৰ জ্যোতি প্ৰসাদ ?
তুমি সাংস্কৃতিক দ্বিগিজয়েৰে
ধৰণী ধৰি
বান্ধিছিলা অসম বাসীক ।
আজি আকৌ এবাৰ
প্ৰেমৰ ডোলেৰে
বান্ধি পেলোৱা প্ৰতি অসমীয়াক
হৃদয়ে হৃদয়ে উঠলি উঠক ভাতৃত্ববোধ
আৰু তুমি বহি লোৱা
অসমীয়াৰ মন্দিৰ , মছজিদ , গীৰ্জা
আৰু নামঘৰৰ মণিকূটত ।
বিনু ফুকন ৷৷


No comments:

Post a Comment