Friday, 13 January 2017

আৱাহন ভোগালী বিহুলে

আৱাহন ভোগালী বিহুলে


আঘোনৰে খেতিৰে আগধান
থলোঁ যতনাই
মাঘৰে মেজিৰে ভাত খাবলৈ
ভোগালীকে ধিয়াই
খেতি হল চপোৱা ধাননীৰে পৰা
ধান খেৰ আনি
ভেলা ঘৰ বান্ধিলোঁ পথাৰত
অতিকৈ শুৱনি
চুঙা পিঠা খাও বুলি গোটালোঁ
বাঁহৰে পাব
তিল পিঠাৰ বৰা চাউল কুটে
ঢেঁকীৰে চাব
তিল লাগে নাৰিকল আৰু গুৰ
লাৰু বনাবলে
আটাইলৈ ওলগ আৰু আৱাহন
ভোগালী বিহুলে


জ্যোতিষ কুমাৰ দেৱ৷৷

No comments:

Post a Comment