Thursday, 19 January 2017

প্ৰতি, আখৰুৱা সমিপেষু

প্ৰতি, আখৰুৱা সমিপেষু
~~~~~^~~~~~^~~~~
নমস্কাৰ আখৰুৱা,
মোৰ আইৰ পলসুৱা মাটিৰ
সঁজাল ধৰা কঠিয়া,
ৰুবলৈ মই মাটি চহোৱা নাই,
অতিকে ব্যস্ত মই,
অতিকে আত্মন্যস্ত ৷
মাথোঁ চাই ৰৈছো
বিমুগ্ধ নয়নেৰে
আনে কৰা খেতিৰ
হালি জালি থকা
শষ্য শ্যামলা
চিৰ সেউজীয়া
চকু জুৰুৱা ৰুপ,
কি যে অপৰুপ !!!
সঁচাই আখৰুৱা,
সুন্দৰ তোমাৰ সৃষ্টি !!
ন ন গঁজালি মেলিছে
খেনোবোৰ সঁজাল ধৰিছে,
খেনোবোৰ চপাবৰ হৈছে;
কণ জহা ধানৰ সুৱাসে
মোৰ পঁজাৰ চৌপাশ
আমোলমোলাইছে ৷
কি স্নিগ্ধ সেই সুৱাস !!
আস !!
অদূৰৰ পৰাই লৈছো দীঘল উশাহ ৷
কেৱল সুৱাসেইনে ??
খেনোবোৰ শষ্য
সোনালী বৰণ ধৰি
অসমীৰ আকাশত
ৰাঙলি আভা সানিছে ৷
পুৱা সূৰুযৰ কিৰণে
চেনেহৰ চুমা আঁকিছে ৷
পিছে ,
হে আখৰুৱা !
ভয়ো হয় কেতিয়াবা ৷
যদিহে আহে বলিয়া বান ?
প্ৰতিৰোধৰ বাবে লাগে
সবল বান্ধ

ইতি
এজন নিঃকিণ বাটৰুৱা ৷

মাধৱ দত্ত৷৷

No comments:

Post a Comment