জোনাকৰ পদূলি
"এই মুঠি ধান কাটি আগলি কলপাত খিলাত ভালকৈ
মেৰিয়াই লোৱা "৷ শাহুৱেকৰ কথা শুনি ন-বোৱাৰী আচৰিত হ'ল ৷মা, কথা এটি কওঁনে ? .....কিয়নো এনেকৈ ধানমুঠি ল'ব লাগে ? উহ্ আই তাকো নাজানানে ! নহয় অ' মা মই খেতি-পথাৰৰ কথা ভালকৈ নাজানো যে ৷ হ'ব দিয়া মই তোমাক বুজাই ক'ম ৷ বেলি ভটিয়ালে ৷ ঘৰলৈ গৈ লওঁ বলা ৷
-মা, কথাটো নকলে যে .... ৷বোৱাৰী, আগতে তুমি ভঁড়ালৰ মুখত ধানমুঠি থৈ চাকিগচি জ্বলাই সেৱা কৰি আহাচোন ৷ মই দেউতাৰক থাপনাখন সজাই-পৰাই ল'বলৈ কওঁ ৷
বোৱাৰীয়েকৰ সজল চকুযুৰি দেখি শাহুয়েকৰ বুকুখন বৰফ গলাদি গলি গ'ল ৷ হেৰ' আই আজি জানো লক্ষিমী ঘৰলৈ অনা দিন নহয় ৷ যোৱা কামবোৰ সোনকালে কৰা ৷ এতিয়া সোণটি নিচাদেউহ'ত পাবহিয়ে ৷ মাহ-প্ৰসাদবোৰ ধুবলৈও আছে ৷

ණ অংকুৰ শইকীয়া ৷৷
No comments:
Post a Comment