Sunday, 1 January 2017

শুভ নৱবৰ্ষ

শুভ নৱবৰ্ষ

"ঐ ছোৱালী , আগফালৰ তলাটো লগাই থৈ যাম | পিছফালেৰে অহা যোৱা কৰিবি বাহিৰলৈ | গেটত তলা লগাই যাম , নহ'লে বৰানীহঁতৰ আপীৰ লগত দিনটো আড্ডা মাৰিবি নহয়, সিহঁতো নাথাকে আজি | ফ্ৰিজতে কালি খানাৰ পৰা লৈ অহা ৰৈ যোৱা কিবাকিবি আছে , তাকে উলিয়াই ৰ'দত বহি খাই ল'বি | গা ধোৱা কাপোৰবোৰ বাথৰূমে বাথৰূমে পৰি আছে ,গোটাই লৈ ধুই পেলাবি | বছৰৰ প্ৰথম দিনাই এলাহতে ঘৰখন নোমোচাকৈ নথ'বি | আজি তোৰ আৰামেই আৰাম...."
"হেৰা হ'ল নে নাই তোমাৰ ? ইহঁত গাড়ীত বহিলেই | দুয়োজনীৰে কথা কি শুনাহিচোন | বছৰৰ প্ৰথমদিনটোত ঘৰত আৰু অলপ সময়ো সোমাই থকাৰ ইচ্ছা নাই হেনো | "
বৰুৱাৰ মাতত বৰুৱানীয়ে খৰধৰ কৈ ওলাই গ'| যোৱাৰ সময়ত কৈ গ'ল-"দিনটো তই এনেইহে থাকিবি | ফুলনিখনৰ বনবোৰ বাঢ়িছে তাকে চিকুনাই থবি |"

নিৰুপমা ডেকা |  

No comments:

Post a Comment