Monday, 23 January 2017

পুনৰীক্ষণ (৪৩) : ০৮- ১৫ ডিচেম্বৰ,২০১৬: দ্বিতীয় খণ্ড

পুনৰীক্ষণ (৪৩) : ০৮- ১৫ ডিচেম্বৰ,২০১৬: দ্বিতীয় খণ্ড
পৰ্যালোচক: তৃষ্ণা ডেকা
_______________________________
পৰ্যালোচনাৰ বাবে নিৰ্ধাৰিত কবিতাসমূহ..
ক)পত্নী- জনজিৎ গোস্বামী
খ)আনলাকি ১৩- ইন্দিৰা দিগন্ত

ক)পত্নী- জনজিৎ গোস্বামী
মই মৃতদেহ এটি হৈ পৰি থকাৰ মুহূৰ্তত
তুমি ঘৰত ধূনা লৈ ব্যস্ত আছিলা।
ফিৰিঙতিত আন্ধাৰ হৈ গৈছে জোনবোৰ
চৰৈৱতি চৰৈৱতি
মই সেই জোনৰ ছাঁই!
অলপ ফ্লাছবেকঃ
বছৰচেৰেক আগতে ইয়াতেই
বিয়া বুলি ঘটনা এটি ঘটিছিল।
ঘটনাৰ পৰিঘটনাত পুতলা বাট বুলিছিলা তুমি।
জালিকটা নক্ষত্ৰৰ সংঘটনত ক্ষত- বিক্ষত মোৰ মেজ- কিতাপ- কাপ ইত্যাদি।
তুমি এইবোৰ দেখি ভৱাৰ দৰে ইমান ভদ্ৰ মই নাছিলো অৱশ্যেই!!
এতিয়াহে ভাৱিছো- তোমাক বহু কথা কোৱাই নহ'ল।
সেই দিনটোতঃ
প্ৰিয়ে, পাপে মোৰ জীৱনৰ সীমা চেৰাই গৈছিল।
জেওৰা ভাঙি গাঁৱৰ ষাড়গৰুকেইটাৰ দৰে খেদি আহিছিল মৃত্যু।
সেই মূহুৰ্তত মই কি বিচাৰিছিলো- জীৱন নে মৃত্যু
'ব নোৱাৰিম সঠিক।
সেয়াই স্বাভাৱিক আছিল।
প্ৰাপ্য মৃত্যুক খেদি পঠিয়াবলৈ তোমাক কিহে পাইছিল?!
সেই ঘটনাৰ বছৰচেৰেক পিছত আজিঃ
নাজানো কোন সীৰলুৰে বুকুখন মোৰ সী থৈছা।
তেজে তেজে তোমাৰ ত্যাগ আৰু লোতক।
আস! ইমান লুণীয়া...
খাৰেৰে দুখবোৰ ধূই ল'ম আমি।
সাৱিত্ৰী আজি মই ক'বলৈ বাধ্য সঁচা কথা-
ভাল পাওঁ তোমাক।
আৰু তোমাৰ সৌজন্যত নকৈ ভাল পাবলৈ শিকিছো জীৱন।
তুমি মোৰ সাহস হৈ পৰিছা
আৰু জীৱনৰ উশাহ।
(মই বাৰু হ'ব পাৰিছোনে তোমাৰ!)
যি ভাৱা নিঃসন্দেহে ক'বা।
তোমাৰ ভাৱনা- চিন্তাক সন্মান জনাবলৈ মই প্ৰস্তুত।
ভালপোৱা দ্বৈত প্ৰণালীৰ বীজগণিত।
তুমি সুখীনে?
ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ কবিতাবোৰৰ ভিতৰত অন্যতম আছিল জনজিৎ গোস্বামীৰ 'পত্নী' শিৰোনামৰ কবিতাটি। এই কবিতাটি নিঃসন্দেহে এক পাঠকক চুই যাব পৰা কবিতা। কবিতাটো কবিয়ে স্বগতোক্তিৰ আৰ্হিত নিৰ্মাণ কৰিছে। কবিতাটোৰ বক্তাজন এজন ৰোগগ্রস্ত স্বামী। তেওঁ মৃত্যুশয্যাত। বক্তাৰ সাদৰী পত্নী যথেষ্ঠ ধৰ্মবিশ্বাসী আৰু ই ভাৰতীয় সমাজত সহজে উপলব্ধ ঘৰ এখনৰ প্রতিচ্ছবি দাঙি ধৰিছে--
"মই মৃতদেহ এটি হৈ পৰি থকাৰ মুহূৰ্তত
তুমি ঘৰত ধূনা লৈ ব্যস্ত আছিলা"
পত্নীৰ উজ্জ্বল, সতেজ,সুন্দৰ দেহ মনৰ পৰিৱৰ্তে বক্তাৰ শৰীৰ ৰোগগ্রস্ত। সেয়ে তেওঁ উল্লেখ কৰিছে...
"মই সেই জোনৰ ছাঁই"
এই কবিতাটোৱে এজন পাঠকক মহাভাৰতত উল্লিখিত সাৱিত্ৰী- সত্যবানৰ কাহিনীলৈ মনত পেলাই দিয়ে। কবি অতি কৌশলী। তেওঁ বক্তাৰ পত্নীৰ নাম ৰাখিলে 'সাৱিত্ৰী'এই ক্ষেত্ৰত 'সাৱিত্ৰী' কেৱল এটা নাম নহৈ এটা প্রতীকৰ নাম 'লে।যেনেদৰে কাহিনীমতে সাৱিত্ৰীয়ে সত্যবানৰ মৃত শৰীৰলৈ যমৰাজৰ হাতৰপৰা আত্মা ওভোতাই আনিব পাৰিছিল নিজৰ নিষ্ঠা,বিশ্বাস,
ধৰ্মপৰায়ণতা,পৱিত্ৰতা আৰু স্বামীভক্তিৰ কাৰণে, ঠিক তেনেদৰে এই কবিৰ বক্তাইও অনুভৱ কৰিছে যেন তেওঁৰ অথৰ্ব শৰীৰত প্রাণ সংস্হাপিত হৈ আছে কেৱল তেওঁৰ সাদৰী পত্নীৰ শুশ্রুষা,ভালপোৱা,ধৰ্মপৰায়ণতা আৰু কৰ্মপটুতাৰ কাৰণে। সেয়ে বক্তা পত্নীৰ প্রতি কৃতজ্ঞ।
"প্ৰাপ্য মৃত্যুক খেদি পঠিয়াবলৈ তোমাক কিহে পাইছিল?!
সেই ঘটনাৰ বছৰচেৰেক পিছত আজিঃ
নাজানো কোন সীৰলুৰে বুকুখন মোৰ সী থৈছা।
তেজে তেজে তোমাৰ ত্যাগ আৰু লোতক
আস! ইমান লুণীয়া...
খাৰেৰে দুখবোৰ ধূই ল'ম আমি।
সাৱিত্ৰী আজি মই ক'বলৈ বাধ্য সঁচা কথা-
ভাল পাওঁ তোমাক।
আৰু তোমাৰ সৌজন্যত নকৈ ভাল পাবলৈ শিকিছো জীৱন।
তুমি মোৰ সাহস হৈ পৰিছা
আৰু জীৱনৰ উশাহ।
(মই বাৰু হ'ব পাৰিছোনে তোমাৰ!)"
বক্তা অনুতপ্ত। তেওঁ স্বীকাৰ কৰিছে যে পত্নীক যথোপযুক্ত সন্মান আৰু মৰ্যাদা দিয়া নাছিল--
"তুমি এইবোৰ দেখি ভৱাৰ দৰে ইমান ভদ্র
মই নাছিলো অৱশ্যেই!!
এতিয়াহে ভাৱিছো-তোমাক বহুকথা কোৱাই নহ'ল"
সেই দিনটোত:
"প্রিয়ে, পাপে মোৰ জীৱনৰ সীমা চেৰাই গৈছিল।"
কবিতাটো কবিৰ কৌশলী হাতৰ পূৰ্ণ প্রকাশ। অলংকাৰৰ প্রাচুৰ্যতাৰে কবিতাটো হৈ উঠিছে আকৰ্ষণীয়। কবিতাটোৰ দুটা উল্লেখযোগ্য উপমা হ'ল-"জেওৰা ভাঙি গাঁৱৰ
ষাড়গৰুকেইটাৰ দৰে খেদি আহিছিল মৃত্যু"। "বছৰচেৰেক আগতে ইয়াতেই বিয়া বুলি ঘটনা এটা ঘটিছিল"। কবিতাটোত ৰূপক হিচাপে ব্যৱহৃত হৈছে "পুতলা বাট","সীৰলুৰে বুকুখন মোৰ সী থৈছা","ভালপোৱা দ্বৈত প্রণালীৰ বীজগণিত।
কবিতাটোৰ শেষত পাপ আৰু ৰোগগ্রস্ত স্বামীৰ পত্নীৰ প্রতি জন্ম হোৱা নতুন ভালপোৱাৰ ইংগিত পোৱা গৈছে। পত্নীৰ প্রতি আনুগত্য প্রকাশ কৰি ভালপোৱাৰ এক সেউজীয়া বাট বুলিবলৈ বক্তাই কৈছে--
"তোমাৰ ভাৱনা চিন্তাক সন্মান জনাবলৈ মই প্রস্তুত।
কবিতাটিত এগৰাকী নাৰীৰ কৰ্মদক্ষতা,শক্তিৰ কথা বুজাই দি নাৰীৰ মৰ্যাদা পুনৰ উদ্ধাৰ কৰি পুৰুষতান্ত্রিক সমাজৰ ভণ্ড আৰু অহংকাৰী স্বামীৰ এক গোপন চিত্ৰ স্পষ্টভাৱে প্রকাশ কৰিবলৈ যত্ন কৰা হৈছে। কবিতাটো নিঃসন্দেহে এক উচ্চ মানৰ কবিতা। কবিলৈ অভিনন্দন।
খ)আনলাকি ১৩- ইন্দিৰা দিগন্ত
আনলাকি!
খিলখিলনি এটাই সী গৈছিল
তোক।
মনত পৰে
ককাই আইতাক কৈছিল
পিছফালৰ পৰা নামাতিবি
যাত্ৰা নাষ্টি হয়|
আৰু তয়
বিজ্ঞানৰ ছাত্ৰ হয়ো
থাকক দে..
সেইবোৰ ৰুৰণি কথা|
তই কৈছিলি
১৩ সংখ্যাটো
তোৰ বাবে আনলাকি|
মাৰে শিৱ মন্দিৰত
তোৰ হৈ চাকি দিয়াৰ দিনা
তইও লঘোণ দিছিলি|
সেয়া চা
তোৰ নাকটো ৰঙা পৰে
কাণ দুখনো|
একো নহয় দে
তোৰ খংটো উঠাই
মোৰ ভাল লাগে|
সিদিনা যে
চোতালৰ যুৰীয়া শালিকা দেখি
তোৰ মুখত হাঁহি বিৰিঙিছিল|
মই
ঘড়ীটোলৈ চাইছিলো
১ বাজি ১৩ মিনিট|
দুয়ো দুয়োৰে চকুলৈ চাইছিলো
ৰংবোৰ বিয়পি পৰিছিল|

ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ কবিতাবোৰৰ ভিতৰৰ অন্যতম "আনলাকি ১৩"
শিৰোনামৰপৰাই অনুমান কৰিব পাৰি যে কবিতাটো অন্ধবিশ্বাসজনিত ধাৰণাসমূহক নিৰ্ভৰ কৰি ৰচনা কৰা হৈছে। সেই ধাৰণা সত্য বুলি প্ৰমাণিত হয় যেতিয়া আমি পঢ়িবলৈ পাওঁ -
"সিদিনা যে
চোতালৰ যুৰীয়া শালিকা দেখি
তোৰ মুখত হাঁহি বিৰিঙিছিল"
"মাৰে শিৱ মন্দিৰত
তোৰ হৈ চাকি দিয়া দিনা
তয়ো লঘোণ দিছিলি"
প্ৰথমৰ পৰাই শেষলৈ ভালকৈ অধ্যয়ন কৰিলে দেখা যায় যে এই কবিতা এটা প্ৰেমৰ কবিতা।দুজন প্ৰণয় প্ৰাৰ্থীৰ মাজৰ কথোপকথনৰ এক ক্ষু্দ্র অংশ যেন কবিতাটোত প্রকাশ পাইছে। প্ৰেমিক এজনে আনজনক কথাৰ চলতে মৃদু তিৰস্কাৰ কৰিছে ।তেওঁলোকৰ কথাৰপৰা নিঃসন্দেহে গম পোৱা গৈছে প্ৰেমিক বিজ্ঞানৰ ছাত্ৰ।
"আৰু তই
বিজ্ঞানৰ ছাত্ৰ হয়ো
থাকক দে"
কবিতাটোত যদিও অন্ধবিশ্বাসক প্রধান বিষয় হিচাপে লোৱা হৈছে তথাপি কবিৰ উদ্দেশ্যে হ'ল দুজন প্রেমিক- প্রেমিকাৰ মাজত থকা আন্তৰিকতাক উপস্হাপন কৰা। কবিতাটো আকৰ্ষণীয় কৰি তুলিছে সহজ সৰল ভাষাই। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা শব্দৰাশিৰে কবিতাটো অত্যন্ত সৰলভাৱে পাঠকৰ আগত উপস্হাপন কৰা হৈছে। প্রেমিক-প্রেমিকাৰ অভিমান,ঠেহ,আব্দাৰ আৰু মৰম আকলুৱা শব্দ -সমষ্টিৰে কবিতাটো পঠনযোগ্য।
_______________________________
ব্যৱস্থাপকৰ মন্তব্য:
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনাই যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
ক) পত্নী- জনজিৎ গোস্বামী
খ) আনলাকি১৩- ইন্দিৰা দিগন্ত
৪) এই পৰ্যালোচনাই সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ কৰিলোঁ।
৫) আমাৰ দৃষ্টিত আলোচনাত সন্নিৱিষ্ট কবিতাৰ ভুল বানান আৰু তাৰ শুদ্ধ ৰূপ ইয়াত উল্লেখ কৰিলোঁ আৰু কবিসকলৰ পৰা শুদ্ধতা সম্বন্ধে জানিব বিচাৰিলোঁ, যাতে বানানসমূহৰ শুধৰণি নিশ্চিত কৰিব পৰা যায়।
৬)এইটো খণ্ডৰ কবিতাত থকা ভুল বানানসমূহ:
ক) পত্নী- জনজিৎ গোস্বামী
ষাড়গৰু-> ষাঁড়গৰু
মূহুৰ্ত-> মুহূৰ্ত।
খ) আনলাকি১৩- ইন্দিৰা দিগন্ত
নাষ্টি-> নাস্তি
তয়-> তই
হয়ো-> হৈয়ো
ৰুৰণি-> পুৰণি
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
গীতালী বৰপাত্ৰগোঁহাই
ব্যৱস্থাপকবৃন্দ, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২৩ জানুৱাৰী, ২০১৭ ইং চন।

No comments:

Post a Comment