Friday, 20 January 2017

মোৰ সজীৱ প্ৰেম

মোৰ সজীৱ প্ৰেম
__________________
মোৰ চকুৰ প্ৰতি টোপাল চকুপানীত
তোমাৰ প্ৰেমবোৰ সজীৱ কৰি ৰাখিছো !
অট্টালিকাত থকা হ'লে
হয়টো মই তোমাৰ প্ৰেমক
ঢুকি নাপালোহেতেন !
এতিয়া প্ৰতি দিন
নিগৰি ওলোৱা চকুলোত
তোমাৰ প্ৰেম
মই নিজ হাতে
বৰ আটোমটোকাৰীকৈ
মুকুতাৰ দৰে খামুচি ধৰিছো ।


লীনা হাজৰিকা ৷৷

No comments:

Post a Comment