লাবানত এৰাতি
_______________
লাবানত প্ৰেম বিচাৰি গৈছিলো
অ'ত ত'ত সিঁচৰতি হৈ আছিল
তোমাৰ খোজৰ প্ৰতিধ্বনি
হৃদয়ৰ আক্ বাক্ বোৰ ক্ৰমে
সেউজীয়াৰ পৰা হালধীয়া হৈ পৰিছিল
তোমাৰ এটি খোজত খাছী ছোৱালী
হোৰালৈ বহি পিতৃপ্ৰধান সমাজক
পহৰা দি আছে ,
আনটোত গীৰ্জাৰ কৰেল ধ্বনি ।
চিপচিপয়া বৰষুণ আৰু পাইনৰ মাজে মাজে
নিৰিবিলি পৰিবেশত
তোমাৰ স্পন্দনৰ টোপাল টোপাল নিয়ৰ
কণাৰ মাজত মুকুতা বিচাৰি পালো
তোমাৰ জপং জপং খোজত
খাছীৰ নিয়মানুবৰ্ত্তিতা আৰু বন্ধুত্বৰ প্ৰতিচ্ছবি ।
হৃদয়ৰ সহযোগিতাৰ জপনা খুলি ,
শুভেচ্ছা জনাই উভতি আহিছিলোঁ ।
_______________
লাবানত প্ৰেম বিচাৰি গৈছিলো
অ'ত ত'ত সিঁচৰতি হৈ আছিল
তোমাৰ খোজৰ প্ৰতিধ্বনি
হৃদয়ৰ আক্ বাক্ বোৰ ক্ৰমে
সেউজীয়াৰ পৰা হালধীয়া হৈ পৰিছিল
তোমাৰ এটি খোজত খাছী ছোৱালী
হোৰালৈ বহি পিতৃপ্ৰধান সমাজক
পহৰা দি আছে ,
আনটোত গীৰ্জাৰ কৰেল ধ্বনি ।
চিপচিপয়া বৰষুণ আৰু পাইনৰ মাজে মাজে
নিৰিবিলি পৰিবেশত
তোমাৰ স্পন্দনৰ টোপাল টোপাল নিয়ৰ
কণাৰ মাজত মুকুতা বিচাৰি পালো
তোমাৰ জপং জপং খোজত
খাছীৰ নিয়মানুবৰ্ত্তিতা আৰু বন্ধুত্বৰ প্ৰতিচ্ছবি ।
হৃদয়ৰ সহযোগিতাৰ জপনা খুলি ,
শুভেচ্ছা জনাই উভতি আহিছিলোঁ ।
ණ লীনা হাজৰিকা ৷৷
No comments:
Post a Comment