Monday, 30 January 2017

এনেকৈয়ে ভাগি যায় সপোন

এনেকৈয়ে ভাগি যায় সপোন



'ত থাকে মোৰ ঈশ্বৰ
দুখত যেতিয়া কদৰ্যময় মোৰ বুকুৰ গৰ্ভ
ভেনামাখিৰ ভেনভেননিয়ে
ঈশ্বৰৰ পদূলিত কি সুৰ তোলে !
হৃদয় তন্ত্ৰীত ঠেকা খোৱা
ঈশ্বৰ প্ৰেৰিত দূতৰ ভেকাহিত
গলি নি:শেষ হয় মোৰ অস্তিত্ব
জীৱন-মৰণৰ সন্ধিক্ষণত ক'ত লুকায়
মোৰ ঈশ্বৰ
গৃহবন্দী কৰে নেকি কোনোবাই
মোৰ ঈশ্বৰক
ঈশ্বৰৰ সন্ধানত চলাথ কৰোঁ
দুস্তৰ মৰু প্ৰান্তৰ
.
তলাতলত শুই থাকে নেকি মোৰ ঈশ্বৰ
সেয়ে
এঠেঙীয়া বগলী হৈ
ছহিদ হোৱাৰ আখৰা কৰোঁ
মোৰ ঈশ্বৰৰ প্ৰতীক্ষাত
.
ভেনামাখি গুচাবলৈ
নিস্তেজ দুহাতেৰে বৃথা চেষ্টা কৰোঁ
কেতিয়া সাৰ পাব মোৰ প্ৰভু ঈশ্বৰ
অস্তিত্ব জীয়াই তুলিবলৈ
সূৰ্যমুখী সপোনৰ বাট কাটি
দিঠক হ'বনে ঈশ্বৰৰ আশীৰ্বাদ
অথবা
ছহিদৰ বাটেৰে বুলিব বাট
ছিগি থৈ
মোৰসূৰ্যমুখী সপোনৰ আঁত !


তিলক চন্দ্ৰ নাথ ।

No comments:

Post a Comment