Thursday, 26 January 2017

অহেতুক

অহেতুক

বুকুৰ বেদনাত ফুলে কাইটিয়া গোলাপ ,
বেদনাত ফুলা ফুল জোপাৰ
সুগন্ধ মুল্যহীন
ই সদায় বিষাদ বিষাদ গোন্ধায় ৷
কিবা পাইছো
কিবা হেৰুৱাইছো
প্ৰাপ্তি অপ্ৰাপ্তিৰ অহেতুক জীৱন
যেন বহাগ আহিছে আৰু গৈছে ৷
অপেক্ষা মাঠোন
শুভ দিনৰ
সেউজীয়া হোৱা ৷
সেউজীয়া বোৰ এদিন শুকাব
পাত বোৰ সৰিৱ ৷
কি কৰো
এনেবোৰ খন্তেকিয়া সুখ
অহেতুক জীৱনৰ ৷
কেতিয়াবা সূখি হৈ হৈ
দুখি হও ,
আৰু কেতিয়াবা
দুখি হৈ হৈ সূখী হও ৷
সমাপ্তি ঘতিব এদিন
এনেবোৰ দিনৰ ৷
তাৰ পিছত শূণ্য
মাঠোন শূন্য ,
চাৰিয়ো ফালে এন্ধাৰ
মাঠোন এন্ধাৰ ৷
জীৱনৰ সেষত
বিকল দেহৰ আগত
লোভে বিদ্ৰুপ কৰে ,
দুদিন কান্দিব কোনবাই
তাৰ দুদিন পিছত আকৌ হাহিব ৷
ইয়াকে চাই চাই
ক্ষ্যোভৰ হাহি মাৰিব আত্মাই ,
আৰু কৱ জীৱন সচাই অহেতুক
থিক সুগন্ধি সুন্দৰ ফুলৰ দৰেই
ফুলে মৰহি যায়
ৰূপ সুগন্ধ হেৰাই ,
সেইবাবেই ফুলৰ মনত
সুগন্ধ সোন্দৰ্য অহেতুক ৷

উত্প মেধি

No comments:

Post a Comment