Saturday, 28 January 2017

কাঁচিয়লী সপোনৰ ডিঙা

কাঁচিয়লী সপোনৰ ডিঙা

হঠাতে হৈ চৈ লাগিল আলবাটটো ৷ জাকৈয়া জাক ওলাই গ'ল ৷ জুনুক-জানাক উশাহত ভৰ দি প্ৰতিটো শব্দই ভৰুণ পৃথিৱীৰ আঁচলত থুপি থুপি কুঁহি মেলিছিল ৷ লাহে লাহে পদুম পাহি বছা কলাফুলত এআঁঠু বোকা-পানীৰ অভিমানী আখৰা স্বৰূপৰ শুভাৰম্ভনি ৷ লাহি বিৰিণা কঁপাদি এঢৌ হাঁহি হাঁহিছে-নাচিছে, মলয়াত ভাঁহিছে ৷ ধৰফৰীয়া সপোন এটি এটি দ'কৈ শিপাই কঁকালৰ খালৈ উভৈনদীৰ ৰং ৷ সন্ধিয়াটিও সুদূৰত ঢাপলি মেলিলে। ভাগৰত মৰা আকাশৰ ৰংবোৰ পদুলিমুৰৰ একোণত নিমাওমাও হৈয়ে ৰ'ল ।।


অংকুৰ শইকীয়া ৷
("
কাঁচিয়লী সপোনৰ ডিঙা" মোৰ জীৱনৰ-কুঠৰীৰ সুখ-দুখেৰে ভৰা এবুকু কাঁচিয়লী দ এমুঠি জোনাক হয়তো অনুভৱী চোতালৰ এথুপি কবিতাৰ ছন্দেৰে আৱৰা অনুভৱ-সঁফুৰা........... ।)

No comments:

Post a Comment