Tuesday, 3 January 2017

মাটিৰ মানুহ

মাটিৰ মানুহ
"""""""""""""
চৰাইৰ কিচিৰ মিচিৰ মাতবোৰৰ বাবেই
সেউজীয়া গছবোৰ বুকুত খামুচি জীয়াই থাকোঁ
জীয়া এখনি শীতল নদী
তৃষ্ণাতুৰ ভৱিষ্যতৰ বাবে অহৰহ কলিজাত কঢ়িয়াই ফুৰোঁ।
শিপাবোৰ ছিঙি পেলাব নোৱৰাৰ দোষতেই
শিলৰ পৃথিৱীত আমি মাটিৰ মানুহ।
তোমালোকে মন গলেই ভাঙা
মন গলেই গঢ়া
সময় তোমালোকৰ হাতৰ পুতলা
ভঙা পতাৰ খেলত নেফা-নেফ কৰা আমাৰ নিশকটিয়া উশাহ।
একেটিয়ে বিশ্বাস
মাটিবোৰ শিল নহয় কোনোদিন
একেটিয়েই আশা
শিলবোৰ মাটি হ'ব এদিন ।


অচ্যুত কুমাৰ বৰা

No comments:

Post a Comment