Tuesday, 10 January 2017

আত্মকথা

আত্মকথা
-------------
অতীতৰ তলিৰ পৰা উঠি আহি বহিছো
হাতুৰীৰ থন থন শব্দ¸ বাস্তৱ আস্ফালন
*
মই চটফটাইছো ¸ ব্যৰ্থ ভৰা জীৱনৰ বিপুল সম্ভাৰ
ঘিটমিট আন্ধাৰতো দেখিছো যন্ত্ৰনাৰ নিষিদ্ধ অভিসাৰ
*
মই চিনিছো চালাম মাৰি বেকা হোৱা হাতবোৰ¸ খহটা কাঁচিবোৰ
জৰাজীৰ্ণ সন্ধিয়া চিকুনাই ¸ মই ইয়াতেই ৰৈছো
*
মই উভতি চাইছো এৰি অহা পচিশ বছৰ
পুৰাতন নক্ষত্ৰৰ তলত এখন মুখ¸ এটা হাঁহি আৰু এজাক সপোন
*
চকুত চকুপানী¸ যাক সমাজে পংগু বুলি কয়
তাতেই সাজিছো পুহৰ পিছৰ আঘোন
*
মই বাৰে বাৰে মনত পেলাইছো মোৰ তেজত কিহৰ কলঢল
কবৰ খান্দি ভাগৰি নপৰা দহোটা আঙুলি
*
শীতাৰ্ত আঙুলিৰে স্পৰ্শ কৰিছো পানীত উপঙা শিল
এই আঙুলিৰে লিখিছো নিজৰ ইতিহাস¸ অন্ধকাৰ ঘৃনিত সংবিধান
*
মই জানো¸ এটা বিন্দুৰ পৰাই সৃষ্টি হয় পৃথিৱী
কেনেকৈ শেষ হয় শেষ নোহোৱা কাহিনী ।

No comments:

Post a Comment