Wednesday, 11 January 2017

আলাপ শিতানঃ 'কবিৰ মনৰ কথা' (দ্বিতীয় খণ্ড) - কবি: প্ৰকাশ ভূঞা

আলাপ শিতানঃ 'কবিৰ মনৰ কথা' (দ্বিতীয় খণ্ড) - কবি: প্ৰকাশ ভূঞা

নমস্কাৰ গ্ৰহণ কৰিব।

আখৰুৱাৰ আলাপ শিতানত ইতিমধ্যে আমি আখৰুৱাৰ সদস্য তথা তৰুণ প্ৰজন্মৰ কবি প্ৰকাশ ভূঞাৰ সৈতে ফেচবুক বাৰ্তালাপৰ জৰিয়তে যুগুতোৱা 'কবিৰ মনৰ কথা'ৰ প্ৰথম খণ্ড ২৪ জুলাই, ২০১৬ তাৰিকে প্ৰকাশ কৰিছিলোঁ। সেই খণ্ডলৈ আপোনালোকে জনোৱা সঁহাৰিয়ে কবি গৰাকীৰ লগতে আমাকো উৎসাহিত কৰিছে। সেই প্ৰক্ৰিয়াৰে আজি দ্বিতীয় খণ্ড আগবঢ়াবলৈ লৈছোঁ।

এইটো খণ্ডত কবিৰ সৈতে কিছু তাত্বিক দিশৰ আলোচনা হৈছে। সেয়ে কবিতা বিষয়টোক অধিক ওচৰ চপাই অনাৰ কাৰণে, আপোনালোকৰ মনোযোগ বিশেষভাৱে কামনা কৰিলোঁ।

আশাকৰোঁ ইতিমধ্যে প্ৰকাশিত 'কবিৰ মনৰ কথা'ৰ প্ৰথমটো খণ্ডৰ দৰে এইবাৰো আপোনালোকৰ আন্তৰিক সঁহাৰি সঁহাৰি পাম।

ধন্যবাদ।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
২৭ জুলাই, ২০১৬
___________________________________

আখৰুৱাঃ 'One day, Gregor Samsa, a traveling salesman, wakes up to find himself transformed into a giant insect' এই ধৰণে আৰম্ভ হোৱা Franz Kafkaৰ 'The Metamorphosis' উপন্যাসে তোমাৰ কৈশোৰ কালতে যি প্ৰভাৱ পেলালে সেয়া সঠিক বুলি ভাবানে? যিহেতু তুমি কৈছা যে এই উপন্যাসখন পঢ়া বাবে বা 'অধ্যয়ণশীলতাই এজন চৈধ্য বছৰীয়া কিশোৰৰ জগতখন, একে বয়সৰ সাধাৰণ কিশোৰ এজনতকৈ বেলেগ' কৰিছিল। সেই অৰ্থত এয়া প্ৰাকৃতিক জানো?

প্ৰকাশ ভূঞা : এই কিতাপখন পঢ়াৰ বাবেই যে মোৰ মনোজগতখন একে বয়সৰ আন এজনতকৈ পৃথক আছিল তেনে নহয়। আপোনাৰ প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ ৷ এই বিষয়ে অলপ বাখ্যা কৰি কোৱাৰ প্ৰয়োজন হ’ব, যিহেতু আপুনি ‘পৰিৱৰ্তনবোৰ প্ৰাকৃতিক হয়নে, অথবা তেনে পৰিৱৰ্তন হোৱা উচিত নে বুলি সুধিছে।। তাৰ আগতে এটা কথা কৈ থোৱা উচিত হ’ব, মই যে কৈছো, এই ভিন্ন মনোজগতৰ কথা, এনে নহয় যে সেয়া মই তেতিয়াই পৃথকীকৰণ কৰিব পাৰিছিলো ... উপলব্ধি এটা আছিল যে কৰ’বাত মোৰ জগতখনৰ elements বোৰ, যাক লৈ মোৰ চিন্তা ভাবনা। আৱেগ, অনুভূতিৰ কেন্দ্ৰ এটা গঢ় লৈ উঠিছিল, সেয়া মই সমনীয়াসকলৰ মাজত দেখা নাছিলোঁ। কেতিয়াবা এই উপলব্ধিটোৱে এক নিসংগতাবোধৰো সৃষ্টি কৰিছিল, এই যে মই ভাবি থকা কথাবোৰ সমনীয়া দুই চাৰিজনৰ লগত পাতিব নোৱাৰোঁ, মোৰ অনুভূতিখিনি তেওঁলোকে বুজি পোৱাকৈ বুজাব নোৱাৰোঁ, সেই উপলব্ধিটোৱে এক একাকীত্বৰ সঘন অনুভৱ কৰাইছিল।

গাওঁ এৰি যেতিয়া নগৰলৈ আহিছিলো, কটনত নাম লগাইছিলো, উচ্চতৰ মাধ্যমিত পঢ়াৰ কাৰণে, তেতিয়া লাহে লাহে এনে কিছুমান সহপাঠীক লগ পাইছিলো, যিসকলৰ লগত কথাপাতি অনুভৱ হ’বলৈ ধৰিছিল যে মই মোৰ চিন্তা-ভাবনাৰ সৈতে একেবাৰেই অকলশৰীয়া নহয়... মই এনে এজন সহপাঠীক লগ পাইছিলো, যাৰ চিন্তা-অনুভূতি, জীৱনবোধ মোতকৈও গভীৰ আছিল সেইটো বয়সত.. আমি যাক সাধাৰণ ভাষাত maturity বুলি কওঁ..এই কথাখিনি এই কাৰণেই গুৰুত্বপূৰ্ণ যে তেনে সহপাঠী কেইজনক লগ নোপোৱা হ’লে মোৰ নিজৰ মানসিক সুস্থিৰতাক লৈ হয়তো নিজৰেই এক সন্দেহ হ’ব পাৰিলে হয়, এক আত্ম দ্বণ্ডত মই ভূগিব পাৰিলোঁ হয়, যি হয়তো স্বাভাৱিকভাবে এজন কিশোৰৰ বয়ঃসন্ধি কালত হ’ব পাৰে, ধৰক যেনে- নিজকে এইবুলি প্ৰশ্ন কৰা যে “মই normal নহয় নেকি?" ... এটা উদাহৰণ দিওঁ, মোৰ যেতিয়া ১৩ নে ১৪ বছৰ বয়স, তেতিয়া গাঁৱত মোতকৈ দুবছৰে ডাঙৰ ছোৱালী এজনীয়ে এদিন বাটত লগ পাই মোক কৈছিল- “ইমান নপঢ়িবি, পাগল হ’বি।” .. মোৰ নিৰ্জনতা, নিসংগতা প্ৰিয় স্বভাৱটো বহুতৰ দৃষ্টিত abnormal আছিল..মই কিন্তু নিজকে তেনে ধৰণে abnormal বুলি ভবা নাছিলো। মই কিতাপৰ মাজেৰে, গাঁৱৰ চাৰিসীমাৰ বাহিৰত থকা অন্য এখন পৃথিৱীৰ সন্ধান পাইছিলো, পাৰ্থিৱ আৰু অপাৰ্থিৱ দুই ভাবেই .. মোৰ দৃঢ় বিশ্বাস আছিল যে, মই চকুৰে নেদেখা পৃথিৱীখন অবাস্তৱ নহয় ...মই গাঁৱত দেখি থকা মানুহখিনিৰ জীৱন সংগ্ৰাম, দুখ-সুখ আৰু অভিজ্ঞতাৰ বাহিৰেও আন বিভিন্ন ধৰণৰ অভিজ্ঞতা মানুহে জীৱনত লাভ কৰে বুলি কিতাপৰ মাজেৰে মই বুজি উঠিছিলো..গাওঁ বুলিলে ভূগোলৰ বাহিৰেও আন কিছুমান ভৌগলিক অৱস্থিতিও এইখন পৃথিৱীত আছে বুলি মই জানিছিলো..

ই মোৰ মনোজগতখনৰ uniqueness খিনিৰ বিষয়ে মোক সজাগ আৰু আত্মবিশ্বাসী কৰি তুলিছিল ক্ৰমে ক্ৰমে ..আৰু এটা গুৰুত্বপুৰ্ণ কথা হৈছে, মোৰ মা-দেউতাই কেতিয়াও মোক তুলনা কৰা নাছিল কাৰো লগত ..মোক কোৱা নাছিল যে মই মেট্ৰিকত ষ্টেণ্ড কৰা ল’ৰাটোৰ দৰে হ’ব লাগিব..জীৱনৰ অভিজ্ঞতাবোৰ নিজৰ ধৰণে বুজি লোৱাৰ বাবে এক পৰিৱেশ দিছিল তেওঁলোকে ..এই কথাটো এইকাৰণে গুৰুত্বপূৰ্ণ যে এক নিৰ্দিষ্ট মাপকাঠী নিৰ্ধাৰণ কৰি নিদিয়ালৈকে এজন কিশোৰৰ মনত প্ৰাকৃতিক, অপ্ৰাকৃতিকৰ ধাৰণাটো concrete হৈ নাথাকে..জীৱনৰ অভিজ্ঞতাসমূহৰ ফালে তেওঁলোকে চাই থাকে অপাৰ বিস্ময়েৰে, দৃষ্টি থাকে অসীমত...

মই জীৱনী পঢ়ি ভাল পাইছিলো...আব্ৰাহাম লিংকন, মহাত্মা গান্ধীৰ my experiments with truthৰ অমিয় দসে কৰা অসমীয়া ভাঙণি, বুদ্ধ ইত্যাদি অনেক জীৱনৰ বিষয়ে পঢ়িছিলো..এখন কিতাপ আছিল দীনেশ বৈশ্যই লিখা ‘শতাধিক মহান বিজ্ঞানী’ যিখন মোৰ খুব প্ৰিয় কিতাপ আছিল...অসমৰ লেখকসকলৰ ভিতৰত পঢ়িছিলো পদ্মনাথ গোহাঞি বৰুৱাৰ জীৱনী, বেজবৰুৱাৰ জীৱনী, মণিৰাম দেৱানৰ জীৱনী...তেওঁলোকৰ জীৱনে মোক শিকাইছিল বহু কথা, উৎসাহ পাইছিলো, জীৱনৰ মহত্বৰ দিশে উধাৱলে চেষ্টা কৰিছিলো, অসীম কিবা এটাই যেন খেদি ফুৰিছিল..

Metamorphosis আছিল মোৰ মনোজগতখনত গভীৰ প্ৰভাৱ পেলোৱা এখন কিতাপ ..মই ভাবোঁ, মই পঢ়াা প্ৰতিখন কিতাপৰে এক ভূমিকা আছিল মোৰ মনোজগতখন গঢ় দিয়াত ..গাঁৱৰ পুথিভৰাল, প্ৰাইমেৰী স্কুলৰ পুথিভৰাল আৰু হাইস্কুলৰ পুথিভৰালৰ মই সদব্যৱহাৰ কৰিছিলো ..নিজে কিনি পঢ়া কিতাপতো আছিলেই ..আমাৰ কাষৰ ঘৰৰ মামা এজন এল,পি স্কুলৰ প্ৰধান শিক্ষক আছল ...তেতিয়া চাগে চৰকাৰৰ পৰা কিতাপ আহিছিল স্কুলৰ পুথিভৰালৰ কাৰণে ... তেওঁৰ পৰা আনি পঢিছিলো অসম বিজ্ঞান সমিতিয়ে কেইবাটাও খণ্ডত উলিওৱা পৃথিৱীৰ ইতিহাস জাতীয় কিতাপ ...তাত এককোষী জীৱৰ পৰা কেনেকৈ মানুহ বা আন স্তন্যপায়ী প্ৰাণীৰ সৃষ্টি হ’ল, বিৱৰন প্ৰক্ৰিয়াৰ মাজেৰে, সেয়া পঢ়িছিলো ...মানুহৰ ক্ৰমবিকাশৰ ইতিহাস পঢ়িছিলো ...জ্যোতিৰ্বিজ্ঞানৰ কিছু কিতাপ আছিল অসম বিজ্ঞান সমিতিয়ে উলিওৱা ..কিতাপবোৰ খুব ভাল আছিল l... আজিকালি সেইবোৰ কিতাপ বিচাৰি নাপাও ..বুৰঞ্জীৰ ভিতৰত অসমৰ বুৰঞ্জীৰ কেইবাখনো কিতাপ পঢ়িছিলো, প্ৰাগজ্যোতিষৰ পৰা প্ৰাচীন কামৰূপ হৈ আধুনিক অসম সৃষ্টি হোৱালৈকে ..সূৰ্য কুমাৰ ভূঞাৰ কিতাপো আছিল তাৰ মাজত ..আৰু আছিল 'আহোমৰ দিন' কিতাপখন .. মামা জনৰ পৰা আনি পঢ়িছিলো গ্ৰীচ আৰু ৰোমান সাম্ৰাজ্যৰ বুৰঞ্জী, মিচৰ আৰু বেবীলনৰ বুৰঞ্জী, আৰু কেইখনমান কিতাপ আছিল, সম্ভৱতঃ অসম প্ৰকাশন পৰিষদে উলিয়াইছিল, তাত আছিল মানুহৰ সভ্যতাসমূহৰ বুৰঞ্জী...কিতাপসমূহৰ কথা এইকাৰণে উল্লেখ কৰিছো যে আজিকালি এই কিতাপবোৰ কাৰো ওচৰত নেদেখো ..মোৰো ভালকৈ মনত নাই কি নাম আছিল কিতাপবোৰৰ..কাৰোবাৰ ওচৰত যদি এই চিৰিজবোৰ আছে জনাই যেন..

এই কিতাপবোৰে মোক সংযোগ কি দিছিল মানুহৰ অতীতৰ লগত, লাগিলে সি যি ৰূপতেই নহওক কিয়..সভ্যতাৰ গতি, মানুহৰ destiny আদিৰ বিষয়ে সজাগ কৰি তুলিছিল মোক.. ইলিয়াদ, ওদিচী, ৰামায়ণ, মহাভাৰত পঢ়িছিলো তেতিয়াই...পুৰাণৰো বহু কাহিনী পঢ়িছিলো..উপন্যাসো পঢ়িছিলো.. হিতেশ ডেকাৰ উপন্যাস সমূহে জোকাৰি গৈছিল ভিতৰখন ...মনত আছে, মই যোগেশ দাসৰ 'ডাৱৰ আৰু নাই'খন পঢ়িছিলো পঞ্চম শ্ৰেণীত থাকোঁতে... তেতিয়া সেইখন অসমীয়া স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যতালিকাৰ ভিতৰত আছিল.. মই বাইদেউ এজনীৰ পৰা এটা ৰবিবাৰে খুজি আনি চাৰি ঘণ্টাত পঢ়ি শেষ কৰিছিলো একে বহাত..হোমেন বৰগোহাঞিৰ উপন্যাস আৰু আন কিতাপবোৰ একান্ত ভক্তৰ দৰে পঢ়িছিলো..আৰু পঢ়িছিলো, সৌৰভ কুমাৰ চলিহাৰ গল্পসমূহ, শীলভদ্ৰৰ গল্পসমূহ, মামনি ৰয়চম গোস্বামীৰ উপন্যাস আৰু গল্প...ৰঞ্জু হাজৰিকাৰ কিতাপবোৰ আছিল তাৰ মাজত, দস্যু ভাস্কৰ, পাফু চিৰিজো আছিল..শৰাইঘাট প্ৰকাশনে কালজয়ী সাহিত্য বুলি চিৰিজ এটা উলিয়াইছিল- বিশ্ব সাহিত্যৰ কিছুমান বিখ্যাত উপন্যাসৰ, সেয়াও পঢ়িছিলো...চন্দামামা, টিংকল, পঢ়িছিলো তাৰ মাজতেই . লুকাই-চুৰকৈ বিস্ময়, ৰহস্যও পঢ়িছিলো কাৰোবাৰ ওচৰত পালে..বিশ্ব সাহিত্যৰ লগত চিনাকি হৈছিল অনুবাদৰ মাজেৰে..মই অসমীয়া মাধ্যমত পঢ়িছিলো.. Hemingway'ৰ 'Old man and the sea' পঢ়া হৈছিল তেনেকৈয়ে, পঢ়িছিলো Pearl S buckৰ 'The good earth'... গল্প্ৰ ভিতৰত আছিল টলষ্টয়, চেকভ, মোপাছাঁ (Maupassant) ইত্যদি...

এইখিনি বৰ্ণনা এইকাৰণে দিব লগা হ'ল যে ই আপোনাক সহায় কৰিব এইটো কথা বুজাত যে কেনেকৈ কিতাপে মোৰ মনোজগতখনক এক সুকীয়া ধৰণে গঢ় দিছিল. প্ৰাকৃতিক অথবা অপ্ৰাকৃতিকৰ ধাৰণাটো আপেক্ষিক (relative) হয়.. আমি যিমান দূৰ দেখা পাওঁ, সিমান দূৰলৈহে চিনি পাব পৰা হওঁ..মই দেখা জগতখন মোৰ বাবে প্ৰাকৃতিকেই আছিল..আৰু প্ৰতিজন মানুহেই নিজৰ ধৰণে পৃথিৱীখন, জীৱনটোক বুজি উঠে, নিজৰ অভিজ্ঞতাৰ মাজেৰে.. অভিজ্ঞতাৰ অপাৰ প্ৰকাৰ ভেদক আমি স্বীকাৰ কৰি লোৱা উচিত...এজনৰ বাবে যি প্ৰাকৃতিক সি আন এজনৰ বাবে নহ'বও পাৰে..

আখৰুৱা: তোমাৰ অধ্যয়নশীলতাৰ কথা জানিলো। প্ৰাকৃতিক বুলি যি কৈছিলো সেয়া হ'ল বয়সতকৈ বা সময়তকৈ আগতে হোৱা মানুহৰ অভিজ্ঞতাই জীৱনক অসুবিধাত পেলাই বুলি ভাবা নেকি? যদি নাভাবা, কিয় নাভাবা? আকৌ ই কিদৰে কবিতাৰ লগত সম্পৰ্কিত বা কবিতাক ই কিদৰে উন্নত কৰে বুলি ভাবা?

প্ৰকাশ ভূঞা : যদি মানুহ এজন অনুভূতিশীল হয়, তেন্তে অভিজ্ঞতাৰ পৰা মানুহৰ consciousness বাঢ়ে, জীৱনবোধৰো গভীৰতা বাঢ়ে... গতিকে মই নেভাবোঁ যে সময়তকৈ আগতে হোৱা অভিজ্ঞতাই জীৱনক অসুবিধাত পেলায়..মই আগতেই কৈছো যে কবিতাৰ বিষয়তো জীৱনবোধৰ গভীৰতা আৰু আত্মাৰ উৎকৰ্ষ সাধনৰ লগত জড়িত.. ই আমাক সত্যৰ ওচৰ চপাই আনে.. আৰু কবিতা সত্যৰ যিমান ওচৰ চপা হয়, সিমানে ইয়াৰ মানদণ্ডও বাঢ়ে..

আখৰুৱা: 'শিয়ালিয়ে নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি' বোলা নিচুকনি গীতৰ যি প্ৰৱাহ অসমীয়া মনত বৈ থাকে, সিয়ে আমাৰ চিন্তা চেতনাক প্ৰভাৱিত কৰে। সেয়া অধ্যয়নশীলতাৰ অন্তৰায় হয় নেকি?

প্ৰকাশ ভূঞা : অধ্যয়নশীলতাৰ অৰ্থ যদি accumulation of knowledge without digesting it, rhetorical and polemical exercise of words নহয় আৰু উদ্দেশ্য যদি exercise of knowledge as a weapon of power নহয়, তেন্তে আপুনি কোৱা ধৰণৰ নিচুকণি গীত্টোত যি কোমলতা আছে, সি অধ্যয়নশীলতাৰ অন্তৰায় নিশ্চয় নহয়...

আখৰুৱা: বাৰু। সাধাৰণতে আখৰুৱাত অনেকে কবিতা দিয়ে। এই সকল কবিৰ মাজত কিছু কবি আছে, যিসকল কাব্যৰ প্ৰতি আগ্ৰহী। কিন্তু সঠিক দিশত আগুওৱাৰ বাট বিচাৰি নাপায় আৰু এক প্ৰকাৰ নিজৰ ওপৰতেই সন্দিহান হয়। এই অৱস্থাৰ অৱসান কিদৰে সম্ভৱ?

প্ৰকাশ ভূঞা : সকলোৰে বাবে এটাই সমাধান হ'ব নোৱাৰে। তথাপি সন্দিহান হোৱাৰ ক্ষেত্ৰত ক'ব পাৰি যে নিষ্ঠা লাগিব, জীৱনত উচ্চ আদৰ্শ এটাক প্ৰতিপাল কৰিব লাগিব নিজৰ মাজত- তেতিয়া হয়তো ৰাস্তা এটা পোৱা যাব।

আখৰুৱা: আখৰুৱাৰ জন্ম লগ্নৰ সদস্য হিচাপে তুমি কবিতাৰ 'পুনৰীক্ষণ'ৰ যি পৰিকল্পনা কৰিছিলা, সেয়া সঠিক দিশত আগুৱাইছে বুলি ভাবানে?

প্ৰকাশ ভূঞা : হয়, কম বেছি পৰিমাণে সঠিক দিশতেই আগবাঢ়িছে৷ পৰিৱেশ এটা গঢ়ি উঠিছে৷ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ৷ আৰু যিটো মোৰ পৰিকল্পনাৰ মুখ্য কথা আছিল l..বাকী মানদণ্ড উন্নত কৰাৰ প্ৰচেষ্টা আমি চলাই যাব লাগিব..

আখৰুৱা: ইয়াত যি ত্ৰুটী আছে সিবোৰ কিদৰে আঁতৰাব পাৰি?

প্ৰকাশ ভূঞা : প্ৰতিগৰাকী পৰ্যালোচকে নিজৰ চিন্তা-বুদ্ধিৰে পুণৰীক্ষন কৰে.. গতিকে সাৰ্বজনীন ত্ৰুটি বুলি একো আঙুলিয়াই দিব নোৱাৰি..আমি সদস্যসকলৰ লগতে পৰ্যৱেক্ষকসকলেও যেতিয়া শিকাৰ মানসিকতালৈ, সহযোগ কৰিম, তেতিয়া যদি ব্যক্তিগতভাবে কাৰোবাৰ কিবা ভুল-ত্ৰুটি হৈছেও সেয়া শুধৰণি কৰা সম্ভৱ হ'ব..

আখৰুৱা: কিছুৱে ক'ব বিচাৰে উন্নতমানৰ নহ'লে আখৰুৱাই 'পুনৰীক্ষণ' নকৰাই ভাল। তোমাৰ মতামত কি? আৰু 'পুনৰীক্ষণ'ৰ ক্ষেত্ৰত আখৰুৱাই কি ধৰণৰ পদ্ধতি অৱলম্বন কৰা উচিত?

প্ৰকাশ ভূঞা : প্ৰথম কথাটো হ'ল, যিসকলে তেনেকৈ কয়, তেওঁলোকে ভাল দিশটো চাব নিবিচাৰে, they are cinical and probably pessimist.

দ্বিতীয়তে 'নকৰাই ভাল' বুলি যিসকলে ভাবে, তেওঁলোকে নিজে আগবাঢ়ি আহি নিজৰ আলোচনাৰে এটা মাপকাঠীৰ নিৰ্দশন দিব পাৰে..পুনৰীক্ষণৰ উদ্দেশ্য আছিল কবিতাৰ ক্ষেত্ৰখনত এক সুগভীৰ আলোচনাৰ পৰিৱেশ গঢ়ি তোলা .. কাকো তোষামোদ কৰা বা কাকো অপদস্থ কৰা ইয়াৰ কেতিয়াও উদ্দেশ্য নাছিল আৰু ভৱিষ্যতেও হ'ব নালাগে.. প্ৰতিজন পুনৰীক্ষকে নিজৰ চিন্তা-বুদ্ধিৰে, নিজৰ ওচৰত সৎ হৈ পুনৰীক্ষণ কৰিব লাগে... তাকে কৰোঁতে যদি তেওঁৰ ভুল হয়, আৰু বিজ্ঞজনে সেয়া আঙুলিয়াই দিয়ে, তেতিয়া ভুলটো মানি লৈ শুধৰণি কৰিব লাগে..যাৰ সত্যনিষ্ঠা আছে আৰু নিজৰ ওচৰত সৎ, তেওঁৰ নিজৰ ভুল স্বীকাৰ কৰাত কেতিয়াও সমস্যা নহয় ..

আখৰুৱাঃ 'পুনৰীক্ষণ' বা কবিতাৰ সমালোচনাৰ ক্ষেত্ৰত পশ্চিমবংগৰ এগৰাকী বাংলা কবি, যিয়ে ফেচবুকতো কবিতাৰ চৰ্চা কৰে তেখেতৰ লগত কথাপাতোতে কৈছিল যে- 'পশ্চিমবংগ বা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সাম্প্ৰতিক কবিতাৰ যি উত্তৰণ ঘটিছে, তাত কাব্য-সমালোচনাৰ গুৰুত্ব অপৰিসীম। বাংলা কবি সকলে আনকি কবিতাৰ অনুষ্ঠানবোৰতো কবিতা পাঠৰ লগতে, সেই কবিতাৰ বিচাৰ-বিশ্লেষণৰ দিহা কৰে আৰু যিকোনো ধৰণৰ সমালোচনা সহ্য কৰে বাবেই বাংলা কবিতাৰ উন্নতি ঘটিছে। সেয়ে আপোনালোকেও তেনে প্ৰ্য়াস কৰিলে অসমীয়া কবিতাৰ উন্নতি নিশ্চয় হ'ব।' কিন্তু তেনে পৰিৱেশ অসমীয়া কবিতাৰ ক্ষেত্ৰত শূন্য বুলিব পাৰি। সামগ্ৰিকভাৱে অসমীয়া কবিতাৰ ক্ষেত্ৰত উদ্যোগ লোৱাৰ প্ৰয়োজন আছে যদিও, গোট হিচাপে আখৰুৱাই আখৰুৱাৰ কবি সকলৰ কবিতাৰ মানদণ্ড কিদৰে উত্তৰণ ঘটাব পাৰি, সেইদিশত ন্যূনতম অৰিহণা আগবঢ়াব পাৰিলেও আখৰুৱাৰ প্ৰয়াস সফল হ'ব। সেয়ে এই ক্ষেত্ৰত আমাৰ দায়িত্ব বা কৰণীয় কেনে হোৱা উচিত বুলি ভাবা।

প্ৰকাশ ভূঞা: ইয়াৰ উত্তৰত ক'বলগা কথাখিনি আগৰ প্ৰশ্নটোৰ উত্তৰত কোৱা কথাখিনিৰ লগত একে হ'ৱ ৷

আখৰুৱাঃ এইখিনিতে আখৰুৱাৰ পাঠকৰ পৰা অহা প্ৰশ্ন উত্থাপন কৰিম। এগৰাকী পাঠকে সুধিছে- তোমাৰ কবিতাত যি চিত্ৰকল্প তুমি অংকণ কৰা তাৰ উৎস কি বা কিদৰে সিবোৰ তোমাৰ কবিতালৈ আহে?

প্ৰকাশ ভূঞা: মই দুটা খণ্ডত প্ৰশ্ন দুটাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম। প্ৰথমতে আহিল উৎসৰ কথা..

মোৰ কবিতাত যিবোৰ চিত্ৰকল্প আছে, সেয়া প্ৰধানতঃ দুই ধৰণে অহা.. এক অজান উৎসৰ পৰা অহা আৰু কিছুমান মই নিজে সৃষ্টি, নিৰ্মাণ কৰা। কিছুমান সময়ত কিছুমান চিত্ৰকল্প ক'ৰ পৰা আহে মই নিজেই নাজানো।..কবিতা এটাৰ ভাৱটোলৈ আত্মস্থ হৈ থাকিলে, কেতিয়াবা শব্দৰ ৰূপত, কেতিয়াবা ছবি একোখনৰ ৰূপত বা কেতিয়াবা সুৰ (music) এটাৰ ৰূপত চিত্ৰকল্প এটা মনলৈ আহে..তাকেই চিন্তাৰ মাধ্যমেৰে refine কৰি নিৰ্মাণ কৰা হয়.. দ্বিতীয় উৎসটো হ'ল নিৰ্মিতি..যেতিয়া এটা চিন্তাক বিমূৰ্ত ৰূপ এটাৰে প্ৰকাশ কৰিব বিচাৰোঁ, তেতিয়া এনেকুৱা নিৰ্মিতিৰ আশ্ৰয় লোৱা হয়.. হয়তো, এনে নিৰ্মিত চিত্ৰকল্পৰ চেতনাখিনি থাকে স্মৃতিৰ মাজত, অবচেতনৰ মাজত, বা কেতিয়াবা সপোনৰ মাজত।

কবিতাত চিত্ৰকল কিদৰে অংকিত কৰিব লাগে, তাৰ কোনো নিৰ্ণায়ক সিদ্ধান্ত নাই।.. কবিৰ ভাব চেতনাৰ জগতখনেই তাৰ ৰূপ নিৰ্দ্ধাৰণ কৰিব।..তথাপি এটা logic থাকে, থাকিব লাগে, চিত্ৰকল্পবোৰৰ সংগঠনত, সংৰচনাত। ৰুচ চলচিত্ৰ পৰিচালক Andrei Tarkovskyয়ে চিনেমাৰ ক্ষেত্ৰত এক Poetic Logic থকাৰ কথা কৈছিল। মই সেই ধৰণৰ logic এটাৰ কথা ক'ব বিচাৰিছোঁ। কথাটো খুব intangible, কেৱল বুদ্ধি বা method এটাৰে সেয়া নিৰ্ধাৰণ কৰিব পৰা নাযায়। এক aesthetic sensibility cultivate কৰিব লাগিব- কথাটো বুজি পাবলৈ। তাৰ বাহিৰেও এক গভীৰ ধৰণৰ দাৰ্শনিক, ওইতিহাসিক আৰু সমাজতাত্বিক উপলব্ধিও লাগিব কবিতাটোৰ বিষয়বস্তুটোৰ ওপৰত। তেতিয়াহে poetic logicটো retain কৰি কবিতাৰ মাজেৰে সত্যৰ সন্ধান কৰা সম্ভৱ হ'ব।

অৱশ্যে দ্বিতীয় কথাটো সকলো কবিতাৰ ক্ষেত্ৰতে প্ৰযোজ্য নহ'বও পাৰে, কবিতাটোৰ বিষয়বস্তুৱে সামৰি লোৱা চিন্তা-চেতনা আৰু অনুভুতিখিনিৰ ওপৰত সেয়া নিৰ্ভৰ কৰিব।

আখৰুৱাঃ এইখিনিতে মনত পৰিছে আখৰুৱাত প্ৰকাশিত তোমাৰ 'এতিয়া আৰু একো নকওঁ' শীৰ্ষক কবিতাটোৰ কথা। কবিতাটো পঠনৰ বাবে ইয়াত তুলি দিলোঁ।

এতিয়া আৰু একো নকওঁ

এতিয়া আৰু একো নকওঁ
বহু কথা হৈ গ'ল
কোৱা
বা নোকোৱা

যিদৰে গছ
পাতৰ পৰি ৰোৱা
ছায়া
পাত কঁপিলে
ছাঁ কঁপে
ছাঁ আৰু পোহৰৰ ৰহস্যময়
মায়া

মাথো শব্দই জানো ভেদিব
এই মায়া
শব্দই জানো আঁকিব কায়া

অভিনৱ অনিত্যৰ
ক্ষণভংগুৰ নিশ্চয়তা

স্থিৰ মাথো বোধিদ্ৰুম

অনন্ত অন্ধকাৰ ভেদি যাৰ শিপাৰ গভীৰতা

এতিয়া আৰু একো নকওঁ
বহু কথা হৈ গ'ল
কোৱা
বা নোকোৱা

(২৩ জুলাই ২০১৩ তাৰিখে আখৰুৱাত প্ৰকাশিত।)

আখৰুৱাঃ এতিয়া তোমাৰ পৰা জানিব বিচাৰিম, এই কবিতাটোত থকা চিত্ৰকল্প কিদৰে কবিতাটোলৈ আহিছিল বা তাৰ নিৰ্মাণ কিদৰে কৰিছিলা।

প্ৰকাশ ভূঞা: বাখ্যা কৰি কোৱাটো সম্ভৱ নহ'ব আৰু মই ক'বও নিবিচাৰোঁ- এই ধৰক কবিতাটোত কোৱাৰ দৰেই, 'শব্দই জানো আঁকিব কায়া'। তথাপি এটা কথা ক'ব পাৰোঁ, ৰাতি কেতিয়াবা ৰাস্তাত খোজ কাঢ়ি ফুৰিলে, street lightৰ ছাঁ-পোহৰখিনিৰ মাজত, গছৰ পাতবোৰ কঁপি থকা দেখোঁ। সি যেন মোক এখন ৰহস্যময় জগতলৈ লৈ যায়। মই প্ৰায়ে সন্মোহিত হোৱাৰ দৰে চাই ৰওঁ। সৰুতে গাঁৱত, জোনৰ পোহৰত গছৰ পাতবোৰ কঁপি থকা দেখিলে এক অপাৰ্থিৱ ধৰণৰ অনুভুতি হৈছিল মোৰ। এক ৰহস্যময়তা, এক যেন আহ্বান অসীমৰ। সেয়ে চাগে এই চিত্ৰকল্পটো আহিল। বাকী কবিতাটোৰ ভাৱখিনি কিছু দাৰ্শনিক চিন্তাৰ পৰা নাছিল।

আখৰুৱাঃ এইযে ক'লা দাৰ্শনিক চিন্তাৰ কথা, তোমাৰ কবিতাই কেনেধৰণৰ দৰ্শনৰ প্ৰতিনিধিত্ব কৰে? নতুবা ৰহস্যময়তাৰ যি দৰ্শন তাৰ দ্বাৰা তুমি আকৃষ্ট নেকি?

প্ৰকাশ ভূঞা: কেনে ধৰণৰ দৰ্শন প্ৰতিনিধিত্ব কৰে, সেয়া এটা শব্দত বা বাক্যৰে বুজাব পৰা নাযাব। আৰু এতিয়াই তেনেধৰণে ক'ব পৰা হোৱাৰ সময় হোৱা নাই। মই এক সনাতন সত্যৰ ওপৰত বিশ্বাস কৰোঁ। পাৰ্থিৱ জগতখনৰ মাজেৰে গৈ অথচ পাৰ্থিৱ জগতখনৰ স্পৰ্শৰ বাহিৰত থকা সেই সত্যৰ সন্ধান কৰিবলৈ চেষ্টা কৰোঁ। বিশ্বাস কৰোঁ ৰাধাকৃষ্ণণে কৰাৰ দৰেই- 'Outer defeats and failure do not touch the inner meaning of life'.. গীতাখনে মোক শক্তি দিয়ে, ইয়াতকৈ বেছি মই ক'ব নোখোজো। কাৰণ মোৰ কাৰণে দৰ্শনৰ বিষয়টো pedantic discourse নহয়, মোৰ বাবে এয়া এক তপস্যা, উপলব্ধি- চিন্তা আৰু কৰ্ম পদ্ধতিৰ।

(আগলৈ)
_______________________________________________________

বি:দ্ৰ: আগ্ৰহী পাঠকৰ সুবিধাৰ্থে প্ৰথম খণ্ডৰ সংযোগটো দিয়া হ'ল:
https://www.facebook.com/groups/aakharuwa/permalink/913399208806433/

No comments:

Post a Comment