Monday, 16 January 2017

তেওঁ হেনো মোৰ কবিতাৰ অডিঅ' শুনি শুই যায়

তেওঁ হেনো মোৰ কবিতাৰ অডিঅ' শুনি শুই যায়

তেওঁ হেনো মোৰ কবিতাৰ অ'ডিঅ' শুনি শুই যায়
তেওঁ একো বিনিময় নিবিচৰাকৈ ভাল পায় মোক
মোৰ অনুৰাগী তেওঁ
মই ক'লো এটা চুমা খাব দিবা ওঁঠত
তেওঁ লাজতে মৰহিল
মই এক আভাজত তেওঁৰ চকুলৈ চালোঁ
চকুত লাজ
ওঁঠত ৰঙাকৈ এটা হাঁহি
ভাৱিছিলো সাৱটি ধৰো
তেওঁ আঁতৰি পলাল
সোণালী হৰিণী
হৰিণী সোণালী
দুৰৈৰ পৰাই এজাক্ পখিলা ফুৱাই দিলে
পখিলাবোৰ এজাক সেউজ সপোন হৈ আহিছিল
তেওঁ দুৰৈৰ পৰাই পলক নেপেলোৱাকৈ মোলৈ চাই থাকিল
তেওঁ এজাক্ বৰষুণ হৈ মোৰ দেহত বৰষি থাকিল
মই ক'লো কিয়নো ভিজালি মোক আৱতৰীয়া বৰষুণত
হে' মোৰ কবিতাৰ অনুৰাগী নাৰী
তেওঁ ক'লে ৰৈ থাক সুন্দৰ কোঁৱৰ
এটা হেতুলুকাই দূৰৈত জুৰিছে গান
এহেতেলুকা ৰ'দ হৈ তোমাক শুকুৱাম
তেওঁৰ বৰষুণত মই তিতিলো
তেওঁৰ ৰ'দত মই শুকুৱালো ভিজা শৰীৰ
এইবাৰ তেওঁ আকাশলৈ উৰামাৰি কাণে কাণে শুনালে দুটি গান
এটা ৰ'দৰ আনটো বৰষুণৰ
মই বুৰ্বকৰ দৰে পখিলাবোৰ চাই থাকিলো
আৰু এটা কবিতাৰ বাবে বাট চাই ৰ'লো

নৱাকাশ ৷৷

No comments:

Post a Comment