Friday, 27 January 2017

পুনৰীক্ষণ (৪৩) : ২৪- ৩১ ডিচেম্বৰ,২০১৬: চতুৰ্থ খণ্ড

পুনৰীক্ষণ (৪৩) : ২৪- ৩১ ডিচেম্বৰ,২০১৬: চতুৰ্থ খণ্ড
পৰ্যালোচক: কল্যাণী বৰ্মন
_________________________
সমাজৰ দাপোনস্বৰূপ সাহিত্যৰ অতি পুৰণি ধাৰাটোৰে নাম কবিতা ।অতি আৱহমান কালৰে পৰা মানুহৰ মাজত কবিতা প্ৰচলিত হৈ আহিছে বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰথম গোলকীয় পিণ্ডৰ ধাৰণাটোক কবিতাৰ উঁহ বুলি যদি ধৰা হয় , তেনেহ'লে নামাংকিত পৃথিৱীৰ ধাৰণাটোক কবিতাৰ স'তে তুলনা কৰিব পাৰি ।ইংৰাজ সমালোচক ফিলিপ চিডনিৰ মতে "কবিতা সাহিত্যৰ সকলো ঠাল-ঠেঙুলিৰ ভিতৰত পুৰণি আৰু ই পূৰ্বৰ পৰাই মানুহক সভ্য কৰি আহিছে ।" কবিতা কেৱল কাল্পনিক ঘটনাৰ বৰ্ণনাই নহয় , প্ৰাণৱন্ত ৰূপত পতিয়ন যাব পৰাকৈ কৰা বৰ্ণনা ।
সভ্য সমাজ সৃষ্টি হোৱাৰে পৰা কবিতাই ভিন্নজনৰ ভিন্ন মত বহন কৰি চলি আহিছে ।মননশীল কবিতাই মানুহৰ প্ৰকৃতিৰ এখন চিত্ৰকল্প আমাৰ আগত দাঙি ধৰে ।ই এক ধৰণৰ জ্ঞান , যি লাহে লাহে ক্ৰিয়া কৰে ।পাঠকক কোনো কথাত পতিয়ন নিওৱাৰ কৌশল নহয় ।এক কথাত আমাৰ মনৰ সৃজনীশীল কল্পনাৰ সাধাৰণ নিৰ্মাণেই কবিতা ।অৰ্থাৎ বহল পৰিসৰৰ কাব্যৰ সংকীৰ্ণ ৰূপেই হ'ল কবিতা ।প্ৰকৃত কবিতা এটাৰ প্ৰতিটো অংগই নিজৰ স্থিতিক নায্য প্ৰমাণ কৰিব পাৰিব লাগিব ।
ক্ষুদ্ৰ পৰিসৰৰ বহল ভাবৰ অৰ্থবহনকাৰী কবিতা এটাৰ নিকট উদ্দেশ্য সত্য উদ্ঘাটন নহয় , বৰং ইয়াৰ প্ৰাথমিক চৰ্ত হ' অনুভূতিক আনন্দ প্ৰদান কৰা ।বিশাল অৰ্থত কাব্যৰ নিকট উদ্দেশ্য সত্য উদ্ঘাটন হ'ব পাৰে অথবা আনন্দদানো হ'ব পাৰে ।কিন্তু বিষয়ৰ ভাৱ-ভংগী , ছন্দ , লয় , ঠাঁচ , অলংকাৰ আদি বিভিন্ন অংগই নিৰ্দিষ্ট সন্তোষ দান কৰি সামগ্ৰিকভাৱে কবিতা এটাই দিয়া আনন্দৰ পৰিমাণেই কবিতা এটাৰ সামৰ্থৰ নিৰ্ণায়ক মূল্যায়ন ।
সাহিত্যৰ এই স্পৰ্শকাতৰ , অতি সংবেদনশীল ধাৰা কবিতাৰ নিখুঁত পৰ্যালোচনা কৰাটো অতি দুৰূহ কাম ।কিয়নো কবিৰ সঠিক মনোভাৱ উদ্ধাৰ কৰা সহজ কথা নহয় ।তথাপিও আখৰুৱা গোটৰ স্বাৰ্থত মনোহৰ দত্ত দাদাৰ একান্ত ইচ্ছা আৰু তাগিদাত অৱশেষত অন্য এক স্বাদ লোৱা আৰু দিয়াৰ ক্ষুদ্ৰ প্ৰয়াস ।
আখৰুৱাৰ ২৪ - ৩১ ডিচেম্বৰৰ ভিতৰত মুঠ এঘাৰটা কবিতা অন্তৰ্ভুক্ত হয় ।প্ৰায় প্ৰতিটো কবিতাই ভিন্ন স্বাদৰ আছিল ।আখৰুৱাৰ নিয়ম অনুযায়ী দুলাল হাজৰিকাৰ 'জীৱন' , দিব্যজ্যোতি বাণিক্যৰ 'বিচ্ছেদ' আৰু প্ৰশান্ত শৰ্মাৰ 'হুমুনিয়াহ' - এই তিনিটা কবিতা নিৰ্বাচন কৰিলোঁ ।
(ক) জীৱন~ দুলাল হাজৰিকা
আমাৰ আগে আগে গৈ থাকে আমাৰ ছাঁ
অথচ ক'বলৈ সময় নাই
আন্ধাৰ-পোহৰৰ বাটেৰে আমি গৈ থাকো
অনিশ্চয়তাৰ খোজ দি দি
খোপনি হেৰালেও থমকি ৰোৱাৰ কথা নাথাকে
ভুল-শুদ্ধ সময়ক দি আমি গৈ থাকোঁ
অলীক কল্পনাৰে স্বপ্নৰ জাল গোঁঠো
আৰু নিজৰেই জালত বন্দী হৈ ধৰফৰাওঁ
ছাঁটো পাহৰিলেও ছাঁটোৱে আমাক নাপাহৰে
ভুল ভাবিও কেতিয়াবা ভাল লাগে
আৰু কিছুমান কথা নভবাই ভাল
আমাৰ যাত্ৰাত যতি নপৰিবৰ বাবেই
ছাঁটোৰ কথাও পাহৰি থকা ভাল
সুখী হোৱাৰ , দুখী হোৱাৰ সফল অভিনয় কৰি
নিজেই দৰ্শক হৈ নিজৰ পৰাই বা বা লওঁ
এনেদৰেই আমি গৈ থাকো নেদেখা ছাঁটোৰ লগত
আৰু এদিন ছাঁটোত মিলি যাওঁ কোনোদিন উভতিব নোৱাৰাকৈ ।
দুলাল হাজৰিকাৰ মননশীল কবিতাটোত দেখিবলৈ পোৱা গৈছে জীৱনৰ অন্য এক দৰ্শন কবিতাটোত কবিয়ে 'জীৱন'ৰ প্ৰতীক ৰূপে উপস্থাপন কৰিছে আমাৰ 'ছাঁ'ক ।
"আমাৰ আগে আগে গৈ থকে আমাৰ ছাঁ
অথচ ৰ'বলৈ সময় নাই
আন্ধাৰ-পোহৰৰ বাটেৰে আমি গৈ থাকো
অনিশ্চয়তাৰ খোজ দি"
'আন্ধাৰ-পোহৰ'ৰ ব্যঞ্জনাই মানুহৰ ভাল-বেয়া সময়ক প্ৰতিনিধিত্ব কৰিছে ।
কল্পনাবিলাসী মানুহৰ স্বভাৱ সুলভ সকলো কথাই কবিয়ে সুন্দৰ ভাষাৰে প্ৰকাশ কৰিছে ।
" অলীক কল্পনাৰে স্বপ্নৰজাল গোঁঠো
আৰু নিজৰেই জালত বন্দী হৈ ধৰফৰাওঁ "
আকৌ এজন দাৰ্শনিকৰ দৰেই কবিয়ে জীৱনক উপলব্ধি কৰি জীয়াই থকাৰ আনন্দ প্ৰকাশ কৰিছে ।
" ভুল ভাবিও কেতিয়াবা ভাল লাগে
আৰু কিছুমান কথা নভবাই ভাল
আমাৰ যাত্ৰাত যতি নপৰিবৰ বাবেই
ছাঁটোৰ কথাও পাহৰি থকা ভাল ।"
আমাৰ জীৱনটো এখন নাটকৰ দৰে ।কিন্তু এই নাটকৰ ভাৱৰীয়া আৰু দৰ্শক আমি নিজেই নিজৰ জীৱনৰ খতিয়ান নিজেই লৈ এদিন উশাহ এৰো ।কবিৰ ভাষাত -
"আৰু এদিন ছাঁটোত মিলি যাওঁ কোনোদিন উভতিব নোৱাৰাকৈ ।"
'ছাঁ'ৰ লগত মিলি যোৱা কথাশাৰীয়ে আমাৰ মৃত্যুৰ প্ৰতীক হৈ জিলিকিছে ।
জীৱনবোধেৰে পৰিপূৰ্ণ 'জীৱন' কবিতাটোৰ উপস্থাপন সৰল আৰু প্ৰাঞ্জল ।কবিতাটি স্তৱকত বিভাজিত হ'লে আৰু বেছি আকৰ্ষণীয় হ'লহেতেঁন ।
(খ) বিচ্ছেদ~ দিব্যজ্যোতি বাণিক্য
.
ৰাতিপুৱাৰ তোমাৰ সিক্ত চুলিৰ পৰা
সৰি পৰা শেষ টোপাল পানী মই আছিলোঁ
.
কিছুসময় পিছত উঠি অহা ৰ'দজাকে
মোক শুহি ল'লে মজিয়াৰ পৰা
.
তুমি গমেই নোপোৱা
'দ নহলেও বোধয় মজিয়াৰ মাটিয়ে
মোক শুহি ল'লেহেতেন
.
তোমাক কোৱাই নহ'
তোমাৰ চুলিৰ পৰা নিগৰি নিগৰি
মই কিদৰে নিঃশেষ হ'লোঁ।
দিব্যজ্যোতি বাণিক্যৰ 'বিচ্ছেদ' কবিতাটো কাৰুণ্যৰে ভৰা সম্পৰ্কৰ অৱসান হোৱা এটি ৰোমান্টিক কবিতা ।
"ৰাতি পুৱাৰ তোমাৰ সিক্ত চুলিৰ পৰা
সৰি পৰা শেষ টোপাল পানী মই আছিলোঁ "
কবিয়ে নিজকে প্ৰেয়সীৰ চুলিৰ সৰি পৰা পানীৰ টোপালৰ লগত ৰিজাইছে ।'সৰি পৰা' বিচ্ছেদৰ প্ৰতীক ।আকৌ
"কিছুসময় পিছত উঠি অহা ৰ'দজাকে
মোক শুহি ল'লে মজিয়াৰ পৰা "
এই শাৰী দুটা মন কৰিলে দেখা যায় ''' বাহ্যিক শক্তিৰ প্ৰতীক আৰু 'মজিয়া' মনৰ প্ৰতীক হৈ প্ৰকট হৈছে ।
বক্ৰোক্তি কবিতাৰ এক বিশেষ গুণ ।অৰ্থাৎ বক্তব্য বিষয়টোক সাধাৰণ ভাষাত পোনপটীয়াকৈ নকৈ এনেভাৱে কোৱা হয় , তাৰপৰা এক প্ৰকাৰ চমৎকৃতি বা বিচিত্ৰতা ওপজে ।
"তুমি গমেই নোপোৱা
'দ নহ'লেও বোধয় মজিয়াৰ মাটিয়ে
মোক শুহি ল'লেহেতেন"
'মজিয়াৰ মাটি' মনৰ অন্তৰ্দ্বন্দৰ প্ৰতীকধৰ্মী ব্যঞ্জনা ।মসৃন গতিৰে কবিয়ে সমাপ্ত কৰা কবিতাটোৰ শেষ স্তৱকত মনৰ আক্ষেপ প্ৰকাশ পাইছে ।
দেখা-নেদেখা , বুজা-নুবুজা এক ধাৰাণাই কবিতাক সদায়ে এক মাধুৰ্য প্ৰদান কৰে। 'বিচ্ছেদ'ৰ এই কুঁৱলীসনা ছবিয়ে ভাবিবলৈ বহু থল দিছে ।
(গ)হুমুনিয়াহ~ প্ৰশান্ত শৰ্মা
এসোঁতা বতাহ
উজাই আহি থাকিল
ঠেক বঙিয়াটোৰে
কেঁকুৰিটো নোপোৱালৈকে
', পথটো বহল হৈছে ।
ঠেকা খাই
বতাহজাক উতলিল
আৰু ....শব্দ এটা বুকুত লৈ
হাউলি পৰিল
চৌপাশ গধুৰ কৰিব পৰাকে
শব্দটোৰ ওজন ।
প্ৰশান্ত শৰ্মাৰ 'হুমুনিয়াহ' কবিতাটোত ফুটি উঠিছে ব্যৰ্থতাৰ এখন ছবি ।
"এসোঁতা বতাহ" - এই শাৰীটোত 'বতাহ' আশাৰ প্ৰতীক হৈ প্ৰকাশ পাইছে ।
"ঠেকা খাই
বতাহজাক উতলিল
আৰু .... শব্দ এটা বুকুত লৈ
হাউলি পৰিল "
এই শাৰীকেইটাৰ 'উতলিল' আৰু 'হাউলি' শব্দ দুটা অৰ্থব্যঞ্জক হৈ প্ৰকাশ পাইছে 'উতলিল' শব্দটোৰ জৰিয়তে খং , ক্ষোভ প্ৰকাশ পাইছে আকৌ 'হাউলি' শব্দটোৱে দুখৰ ভৰ সহিব নোৱাৰাৰ কথাকে বুজাইছে ।দুখৰ ভৰ সহিব নোৱাৰি ওলাই অহা শব্দটোৱে 'হুমুনিয়াহ'
কবিতাটোৰ কঠিন শব্দ হ''বঙিয়াটোৰে' অৰ্থাৎ সুৰংগ ।ব্যক্তিগত 'হুমুনিয়াহ'ৰ পৰা সামাজিক অৱক্ষয় ৰূপ দেখি ওলাই অহা 'হুমুনিয়াহ'লৈ চাব পৰা দৃষ্টিৰ কবিতাটোত কিছু মসৃনতাৰ অভাৱ দেখা পোৱা গৈছে

_______________________________
ব্যৱস্থাপকৰ মন্তব্য:
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনাই যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
(ক) জীৱন~ দুলাল হাজৰিকা
(খ) বিচ্ছেদ~ দিব্যজ্যোতি বাণিক্য
(গ)হুমুনিয়াহ~ প্ৰশান্ত শৰ্মা
৪) এই পৰ্যালোচনাই সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ কৰিলোঁ।
৫) আমাৰ দৃষ্টিত আলোচনাত সন্নিৱিষ্ট কবিতাৰ ভুল বানান আৰু তাৰ শুদ্ধ ৰূপ ইয়াত উল্লেখ কৰিলোঁ আৰু কবিসকলৰ পৰা শুদ্ধতা সম্বন্ধে জানিব বিচাৰিলোঁ, যাতে বানানসমূহৰ শুধৰণি নিশ্চিত কৰিব পৰা যায়।
৬)এইটো খণ্ডৰ কবিতাত থকা ভুল বানানসমূহ:
(ক) জীৱন~ দুলাল হাজৰিকা
নোৱাৰাকৈ-> নোৱৰাকৈ
(খ) বিচ্ছেদ~ দিব্যজ্যোতি বাণিক্য নহলেও-> নহ'লেও
বোধয়-> বোধহয়
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
গীতালী বৰপাত্ৰগোঁহাই
ব্যৱস্থাপকবৃন্দ, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
২৭ জানুৱাৰী, ২০১৭ ইং চন।

No comments:

Post a Comment