Saturday, 21 January 2017

ৰূপোৱালী মেঘৰ ছায়া খণ্ড-২

ৰূপোৱালী মেঘৰ ছায়া
খণ্ড-২
দেওবাৰৰ দিনটো অৰুন্ধতীৰ বৰ প্ৰিয় ৷ গোটেই সপ্তাহটোত থকাৰ দৰে পুৱাৰ খদম দম খিনি সেইদিনা নাথাকে ৷ অনুৰাগেও তাইক সেইদিনা দেৰিকৈ ফোন কৰি শোৱাৰ পৰা উঠাই দিয়ে,তাৰপিছত তাই আৰামত ব্ৰেকফাষ্ট কৰে আৰু টিভিত প্ৰগেম চাই ৷ অৰুন্ধতীৰ স্বামী অনুৰাগ থাকে অসমত ৷ অ.এন.জি.চিৰ চাকৰিয়াল, চৈধ্য দিনীয়া অন-অফ কৰে অনুৰাগে অৰ্থাৎ চৈধ্য দিন সংসাৰ আৰু চৈধ্য দিন চাকৰি৷ দুবছৰীয়া বিবাহিত জীৱনৰ ৰোমান্টিকতাখিনি এতিয়াও ৰজনীগন্ধাৰ সুবাসৰ দৰেই বিয়পি আছে দুয়োৰে মাজত৷সদায় পুৱা অনুৰাগে অৰুন্ধতীক শোৱাৰ পৰা জগাই দিয়া নিয়ম, এই নিয়ম অনুৰাগে নিজেই সৃষ্টি কৰি লৈছে --- অৰুন্ধতীৰ পুৱাৰ দুচকু মেল খাব লাগিব অনুৰাগৰ উমাল মৰমৰ স্পৰ্শৰে আৰু সেই নিয়মৰ কেতিয়াবা ব্যতিক্ৰম হলেই সৰু লৰাৰ দৰে অনুৰাগে ওফোন্দ পাতে ৷ ভাল লাগে অৰুন্ধতীৰ ! অনুৰাগৰ মৰমখিনি হৃদয়ভৰাই অনুভৱ কৰে তাই ৷অৰুন্ধতীৰ মনত আছে বিয়াৰ পিছত অনুৰাগে অৰুন্ধতীক কৈছিল –“তোমাক মই বিন্দুমাত্ৰ আনৰ হব নিদিওঁ,তুমি মোৰ মোৰ আৰু মোৰ৷সেইকথা মনত পৰিলে মাজে মাজে ভয় হয় অৰুন্ধতীৰ অত্যাধিক মৰমে অনুৰাগক অভিমানী কৰি নুতুলেটো!!
আজি প্ৰাপ্তি আহিব ৷অৰুন্ধতীয়ে তাইক দিনটো থকাকৈ মাতিছে ৷ গা-পা ধুই তাই ভাতৰ যোগাৰ কৰাত লাগিল ৷ মৃদু ভলিউমত গান বজাই গান শুনি শুনি পাকঘৰত কাম কৰি থাকিল ৷ দুপৰীয়া বাৰ' বজাত প্ৰাপ্তি আহিল ৷কোঠাত সোমায়েই অৰুন্ধতীৰ হাতত মিঠাইৰ টোপোলা আৰু সৰু গিফট এটা তুলি দিলে৷
:
মিঠাই আনিছবাৰু বুজিছো, এই গিফটটো আকৌ কিয় দিছ’? মোৰ না জন্মদিন না এনিভাৰ্ছেৰী!অৰুন্ধতীয়ে কৈ উঠিল৷
:
গিফটটো খুলি চা ছোন আগতে
প্ৰাপ্তিৰ কথাত অৰুন্ধতীয়ে গিফটটো খুলিলে – “ফাৰ্ষ্ট লভপাৰফিউম৷ পাৰফিউমটোৱে অৰুন্ধতীক নষ্টালজিক কৰি তুলিলে৷
:
আমাৰ বেঞ্চত বহা আটাইকেইজনীয়ে যে ফাৰ্ষ্ট লভপাৰফিউম লগাইছিলো,ফাৰ্ষ্ট লভ হওক বুলি! সেয়ে আজি শিলিগুৰি বজাৰত বিচাৰি বিচাৰি তোলৈ কিনি আনিছো
:
অঁ প্ৰাপ্তি, কি যে অকৰা চখ এটা আছিল, নহয় আমাৰ?ব দে থেংকছ আ লট প্ৰথমে আমি তই অনা মিঠাইৰে চাহ একাপ একাপ খাই লওঁ তাৰপিছত ভাত খাম, 'ব !
ভাত-পানী খাই দুয়ো বান্ধৱী কথা পাতিবলৈ বুলি বিচনাতে বহি ললে ৷ প্ৰাপ্তিয়েই কথা আৰম্ভ কৰিলে
:
অৰু, মই মোৰ হোষ্টেল জীৱনৰ কথাবোৰ ডায়েৰি এখনত লিখিছোঁ৷অকলশৰীয়া সময়বোৰত সেইবোৰকে লিখি সময় পাৰ কৰোঁ৷পঢ়ি চাবি নেকি তই?
:
আই ঐ দেহি সোনজনী!কিয় নপঢ়িম বাৰু?দিবি আকৌ অৰুন্ধতীয়ে উছাহত কৈ উঠিল৷
:আচলতে কি জানপ্ৰাপ্তি,আমাৰ জীৱনটোৱেই এখন কিতাপ,ত সুখ-দুখৰ সমষ্টিৰে এটি নিটোল কাহিনীৰ জন্ম হয়৷মোৰ তেনেকৈ ডায়েৰি লিখা অভ্যাস নাই কিন্তু মোৰ জীৱনৰ কথাবোৰো ডায়েৰিত লিখিব পৰাকৈ ৰসাল৷ অতীতৰ কিমান স্মৃতিয়ে আমাক আমনি কৰে নহয়? সেইবোৰ একেলেঠাৰিয়ে লিখি গলে এখন উপন্যাসেই হবগৈ যেন লাগে৷
অৰুন্ধতীৰ কথাত প্ৰাপ্তিয়ে মূৰ ডুপিয়ালে৷
এন্ধাৰ হোৱাৰ আগে আগে প্ৰাপ্তিয়ে অৰুন্ধতীৰ হাতত ডায়েৰিখন তুলি দি যাবলৈ ওলাল৷ অৰুন্ধতীয়ে প্ৰাপ্তিৰ লগত ৰংপোলৈকে গল আৰু প্ৰাপ্তিক শিলিগুৰিলৈ যোৱা টেক্সিত উঠাই বিদায় দিলে ৷ তাৰপিছত তাই প্ৰয়োজনীয় বস্তু কেইপদমান বজাৰ কৰি নিজৰ কোৱাৰ্টাৰলৈ উভতি আহিল ৷
০০০০০০০০০০০০০০০
সপ্তাহটো বৰ ব্যস্ততাৰে অৰুন্ধতীৰ পাৰ হল ৷ প্ৰাপ্তিয়ে দি যোৱা ডায়েৰিখন পঢ়িবলৈ তাই দেওবাৰেহে সময় পালে ৷ দুপৰীয়া ভাত-পানী খাই প্ৰাপ্তিৰ ডায়েৰিখন হাতত লৈ তাই বিচনাত পৰিল ৷
হঠাতে কলিং বেলটো বাজি উঠিল৷অৰুন্ধতীয়ে দুৱাৰ খুলি দেখিলে দুজন ছাত্ৰ বাহিৰত ৰৈ আছে এজন সৌৰিণ৷
:
আঁহা অৰুন্ধতীয়ে দুয়োকে ভিতৰলৈ মাতি বহিবলৈ দিলে
:
মে,ছৰি মেএইবাৰলৈ মাফ কৰি দিয়ক৷---সৌৰিণে কান্দো কান্দোকৈ কৈ উঠিল৷
:
নিজেই যে এটা বেয়া কাম কৰিছা, বুজি পাইছা তেন্তে!!এইবাৰলৈ মাফ কৰি দিলোঁ বাৰু!
:
মে, মোক বেক লগাই নিদিব
সৌৰিণৰ কথা শুনি অৰুন্ধতীৰ হাঁহি উঠিল৷সি ভয় খাইছে তেন্তে!ভাবিলে তাই৷
:
ভালকৈ পঢ়িবা৷ভালকৈ পঢ়িলে বেক পোৱাৰ প্ৰশ্নই নুঠে!অৰুন্ধতীয়ে কলে৷
অৰুন্ধতীৰ পৰা বহুবাৰ ক্ষমা খুজি অপৰাধী খোজেৰে সৌৰিণ লগত অহা ছাত্ৰজনৰ সতে গলগৈ৷ (আগলৈ)

মৌচুমী বৰি৷৷

No comments:

Post a Comment