পাগলী
মোৰ জগতখন বেলেগ
জগত
তোমাৰ দৰে নহয়
মোৰ সাজ মোৰ কাপোৰ
অলপ বেলেগ হয়
মোৰ চুলি আউলি বাউলি
গাখন চাফ চিকুণ নহয়
চলন ফুৰনৰ নতুন ধৰণ
আটাইয়ে দেখি পায়
সমাজৰ বাকি কিজনৰ
লগতে কিবা নিৰিজাই
ৰেহেৰূপ চাই সতকাই
লোকে মোক সেয়ে চাগে
পাগলী বুলি কয়
তোমাৰ দৰে নহয়
মোৰ সাজ মোৰ কাপোৰ
অলপ বেলেগ হয়
মোৰ চুলি আউলি বাউলি
গাখন চাফ চিকুণ নহয়
চলন ফুৰনৰ নতুন ধৰণ
আটাইয়ে দেখি পায়
সমাজৰ বাকি কিজনৰ
লগতে কিবা নিৰিজাই
ৰেহেৰূপ চাই সতকাই
লোকে মোক সেয়ে চাগে
পাগলী বুলি কয়
হয় মই অলপ আচহুৱা
দিন ৰাতিৰ হিচাপ নোপোৱা
নিয়ম কানুন লাজ মান
সকলো কাতি কৰি থোৱা
চেগ চাই সুবিধা লোৱা বোৰে
মোৰ ওচৰত নিলাজ হোৱা
মোলৈ নো কিহৰ মান
কালৈ নো ভয়
নিষ্ঠুৰতাৰ শিলাঘাতত
একে চাটে
আটায়ে একগোট হয়
আৰু নির্দ্বিধাই মোক
পাগলী বুলি কয়
দিন ৰাতিৰ হিচাপ নোপোৱা
নিয়ম কানুন লাজ মান
সকলো কাতি কৰি থোৱা
চেগ চাই সুবিধা লোৱা বোৰে
মোৰ ওচৰত নিলাজ হোৱা
মোলৈ নো কিহৰ মান
কালৈ নো ভয়
নিষ্ঠুৰতাৰ শিলাঘাতত
একে চাটে
আটায়ে একগোট হয়
আৰু নির্দ্বিধাই মোক
পাগলী বুলি কয়
মোৰো চাগে আছিলে
ঘৰ
জানানে বাৰু ক'তে
কি বুলি মোক মাতিছিলে
এতিয়াচোন পাগলী বুলিয়েই মাতে
চুলিতে মোৰ যিমান জটা
বুদ্ধিতো সিমানেই লেঠা
চাৱনী মোৰ সেয়ে ভোবোকা
খঁহটা শোঁহোটা গা
নকটা দীঘল মলিন নখ
নোধোৱা মুখত লেতেৰা গোন্ধ
সেয়ে মোৰ পৰিচয়
মোক পাগলী কয়
জানানে বাৰু ক'তে
কি বুলি মোক মাতিছিলে
এতিয়াচোন পাগলী বুলিয়েই মাতে
চুলিতে মোৰ যিমান জটা
বুদ্ধিতো সিমানেই লেঠা
চাৱনী মোৰ সেয়ে ভোবোকা
খঁহটা শোঁহোটা গা
নকটা দীঘল মলিন নখ
নোধোৱা মুখত লেতেৰা গোন্ধ
সেয়ে মোৰ পৰিচয়
মোক পাগলী কয়
নিজৰে মোৰ পৰিচয়
নাই
তথাপি জানো কোনোবাই
কেতিয়া গম নোপোৱাকৈ
পেটতে সঁচ দি যায়
অঘৰী পাগলী তেনেকৈ
একো নুবুজাকৈ
মাতৃত্বৰ সোৱাদ পায়
নিজকে চম্ভালিব নোৱাৰা
হুচ বুদ্ধি হৰা মাকজনী
কেতিয়া জানো নিঠৰুৱা হয়
একো গমিব পিতিব নোৱাৰাজনীক
সেয়ে পাগলী বুলি কয়
তথাপি জানো কোনোবাই
কেতিয়া গম নোপোৱাকৈ
পেটতে সঁচ দি যায়
অঘৰী পাগলী তেনেকৈ
একো নুবুজাকৈ
মাতৃত্বৰ সোৱাদ পায়
নিজকে চম্ভালিব নোৱাৰা
হুচ বুদ্ধি হৰা মাকজনী
কেতিয়া জানো নিঠৰুৱা হয়
একো গমিব পিতিব নোৱাৰাজনীক
সেয়ে পাগলী বুলি কয়
মোৰ মুখা নাই বাবে
তোমালোকৰ মুখাবোৰ দেখি থাকোঁ
ভকো ভাওনা নাই বাবে
মোৰ জগতত মই সুখী থাকোঁ
তোমালোকৰ গালি শপনি
ঘৃণা অৱহেলা যিমান আছে
মোক দিয়া তোমালোকে
অচেতন মনত ডাঙি লৈ যাওঁ
প্রতিপল তোমালোকর মনত
কত উৎকণ্ঠা কতনা ভয়
নির্ভয়া হৈ থাকো
সকলোৰে মোক
পাগলী বুলি কয়
কবি:- ණ জ্যোতিষ
কুমাৰ দেৱ তোমালোকৰ মুখাবোৰ দেখি থাকোঁ
ভকো ভাওনা নাই বাবে
মোৰ জগতত মই সুখী থাকোঁ
তোমালোকৰ গালি শপনি
ঘৃণা অৱহেলা যিমান আছে
মোক দিয়া তোমালোকে
অচেতন মনত ডাঙি লৈ যাওঁ
প্রতিপল তোমালোকর মনত
কত উৎকণ্ঠা কতনা ভয়
নির্ভয়া হৈ থাকো
সকলোৰে মোক
পাগলী বুলি কয়
No comments:
Post a Comment