কবিতাৰ সুৰাপান
কবিতাবোৰ চিত্রকল্পৰে
মচি-সাজি চিক্ চিকীয়া কৰি
মই মাথোঁ লিখি গৈছো ! লিখি গৈছো !
কেতিয়াবা কাগজত
আন কেতিয়াবা মনৰ দলিচাত
কোনোবা দিনা বলুকাত
নাজানে ! তুমি পঢ়িছানে নাই ?
গঢ়-পিত নথকা আখৰবোৰে
ফাল নথকা কলমটোৰে
তোমাৰ হৃদয়ৰ দুৱাৰ-খিৰিকী খুলিব পাৰিছে জানো ?
দোকমোকালিতে উঠি
আহিনৰ সৰা শেৱালি বুটলিবলৈ যাওঁতে
এটা কবিতা তোমাৰ নামত
নিগৰি ওলোৱা ওঁঠৰে
সদায় আউল নলগাকৈ
শব্দৰ জাল গাঁথো
অপেক্ষা কৰো পিছদিনা
বাতৰি কাকতত প্ৰকাশ পাব
আৰু তুমি পঢ়িবা ।
নাজানো ! তুমি পঢ়িলানে নাই ?
তোমাকলৈ লিখা কবিতাবোৰ
মোৰ বাবে এটা দামী নিচা !
প্ৰতিদিন পান কৰো ।
মই যে তোমাৰ বাবে কবিতাৰ সুৰাপান কৰো
তুমি কোনো দিনে বুজি নুঠিলা ।
আজি বলুকাত এটা কবিতা
তোমাৰ নামত লিখিলো
কাইলৈ ধুলি- ধুমুহাই
ধুই নিব !
অন্তৰৰ সঁজাত থাকি যাব
শব্দ শৃঙ্খলবোৰ
তোমাৰ আৰু মোৰ কবিতাৰ
সৰ্ম্পক সিমানেই ।
No comments:
Post a Comment