Tuesday, 31 January 2017

এবুকু অনুভৱৰ মৃত্যুত

এবুকু অনুভৱৰ মৃত্যুত


এসময়ত তেওঁ কবিতা লিখিছিল,
বুকুত গোট মৰা অনুভৱৰ চিঞাহি বোৰ
শব্দ হৈ গতি কৰিছিল ৰিফিলৰ ঠেক্ সুৰংগৰে
আৰু আখৰুৱা কৰি তুলিছিল উকা পৃষ্ঠাবোৰ....
তেওঁ কিন্তু কবি নাছিল !
শিল্প সৃষ্টিৰ তেওঁৰ হাবিয়াস নাছিল ,
কিন্তু গোপনে সিঁচি দিয়া সেউজীয়া অনুভৱ বোৰ
সোনোৱালী হৈ পৰিছিল কৃষ্টিৰ খৰাং উপত্যকাত
আৰু তাৰ প্ৰতিটো ডালত ওলমি ৰৈছিল একোটা জীৱন্ত
কবিতা ।
কবিতা লিখা তেওঁৰ কোনো নিচা নাছিল,
জীৱন যুঁজৰ সঁচা অভিজ্ঞতাৰে পৰিপূষ্ট মনটোৰে
মাথোঁ নীলা কৰি তুলিছিল প্ৰতিখন দলিল ।
স্বীকৃতিৰ লালসাত বিকৃত সৃষ্টিৰ দূৰৈত থাকি
কৰ্ষণ কৰিছিল সাহিত্যৰ পথাৰত,
কিন্তু বেজবৰুৱাৰ উপদেশৰ দৰে মনৰ খূ -দুৱনি মাৰিবলৈ নহয়,
তেওঁ লিখিছিল নিজক বুজি পাবলৈ ।
কিন্তু দূৰন্ত সময়ৰ বাধাহীন গতিত
কেৱল থিয় দি ৰৈছিল এজোপা ফাগুণ সনা বৃক্ষ
আৰু স্মৃতি হৈ পৰি ৰৈছিল শব্দৰ এক অসংলগ্ন এনাজৰী ।
যদিও তেওঁৰ প্ৰতিভাই স্বীকৃতি পালে অকপটে
আৰু প্ৰতিস্হা হ'ল কবিৰ ৰূপত
কিন্তু ...........
সাৰ্থক হ'ল জানো তেওঁৰ কবিত্বময়ী জীৱন,
তেওঁৰ অনুভৱক পালেনে কোনোৱে বুজি ?
এনেদৰেই ক্ৰমাৎ হেৰাই যায়নে এবুকু অনুভৱ ।

হিৰণ্য কুমাৰ বৰা


দলং

লং 

ছায়া হৈ ৰৈ যায়
স্মৃতিৰ জোনাক
তুমি কৈছিলা এদিন
বৈ থাকিব নৈখন
থাকক বৈ
আমাৰ বাবে থাকিব
মাথো এখন দলং
দলংবোৰে জোৰা লগায়
নেভাঙে মৰম !
কিমান দুঃখৰ বোজা
কিমান আবেগৰ ঢ্ল
চিনাকী অচিনাকী হৈ
পাৰ হ
কিমান সময়
বেলি ডুবাৰ পৰা
সোনোৱালী নদীখন
লাহে লাহে ৰূপোৱালী হ
এতিয়াও বহি আছো মই
ন জোনটোত জিলিকিছে আজি
নৈখন , পানীবোৰ আৰু
এখন দলং
আমাৰ দলং
সুব্ৰত মহন্ত


মা

মা



মা, তুমি অনন্যা
মোৰ মানস পটত
তুমি বসুন্ধৰা !
নিজান ৰাতিবোৰত
তোমাৰ তপত নিস্বাস
মোৰ আশাহত হুমুনিয়াহ
একাকাৰ হৈ তৰাৰ কাষ চাপি সোধে
মৰমৰ ঠিকণা ৷
তৰাই নাজানে
নাজানে জোনেও !!
বেলিয়েও কয়
নীলা আকাশক সোধা
নাজানে
নাজানে,
আকাশ বতাহ
জোন বেলি
মাথোঁ নিশ্চুপ - নিৰুত্তৰ !
কোনে জানে
কোনে জানে ??
নিশাই জানে কেৱল
নিষ্ঠুৰ সময়ৰ খেলা ৷
কাঁইটীয়া বাটত
সুখৰ ঠিকণা
এয়া মাথোঁ বিড়ম্বনা
ক্ৰন্দন নহয়
অৰণ্যৰোদন !!
এয়ে জীৱন !
সকলো পাইও
কিবা যেন নাই নাই
মা!
তোমাক বিচাৰি
সন্তানৰ হাঁহাকাৰ
আহাঁ মা
এবাৰ আহাঁ
সোন বুলি মাতা মোক
মাথোঁ এবাৰ
মাথোঁ এবাৰ ৷


মাধৱ দত্ত ।

Monday, 30 January 2017

এবাৰ নহয় বাৰেবাৰ

এবাৰ নহয় বাৰেবাৰ



তোমাকেই ধিয়াওঁ
তোমাকেই ভাল পাওঁ
কৈছিলোঁ ক'লোঁ তোমাক
এবাৰ নহয় বাৰেবাৰ
বুকুৰ ঢৌত তুমি
বগাই আহা সপোনত
চকুৰে মৌত তুমি
ওলাই আহা নিজানত
পাইছিলোঁ পালোঁ তোমাক
এবাৰ নহয় বাৰেবাৰ
তেজৰ টোপালত তুমি
উলাহত দহাই যোৱা
উশাঁহৰ আখলত চুমি
পলকত জ্বলাই দিয়া
মৰিছিলোঁ মৰোঁ দেহাত
এবাৰ নহয় বাৰেবাৰ
যৌৱনৰ জ্বলা জুইত
ঢালা উতলা ঘিউ
মনবনৰ নিজান লুইত
'লা গৰা খঁহাই দিওঁ
ভাহিছিলোঁ ভাহোঁ তাত
এবাৰ নহয় বাৰেবাৰ


জ্যোতিষ কুমাৰ দেৱ ।

প্ৰেমৰ পোৰ্টট্ৰেইট

প্ৰেমৰ পোৰ্টট্ৰেইট

.
মই চিত্ৰকাৰ
প্ৰেয়সীৰ চুলিৰ ৰহস্যময়তাৰ
মগ্ন চেতনাত ডুব যোৱা বেলিৰ দৰেই
মগ্ন সেওঁতাৰ সেই অৰণ্যত
ডুব যোৱা চুলি আৰু মোৰ ব্যৱধান শূণ্যতা !
.
মই যাতায়াত কৰিছোঁ
সন্ধিয়াৰ খোজৰ মৌনতাৰ পৰা
উজাগৰ ৰাতিৰ জোনাকলৈ
মোৰ আঙুলিত গুন-গুন গান
তাইৰ আঙুলিত গভীৰ সুৰ
মেহফিল আৰু যুগলবন্দীত
আমাৰ চাৰিটা চকুৰ বিশুদ্ধ আলাপ
কানপাতি শুনিছো
কুঁৱলীৰ দৰেই সেই নিষ্পাপ মাত !
.
মই অংকন কৰা সেই দুটি ওঁঠৰ পোহৰত
শেৱালী আহি সৰে
মই পোহৰৰ সুবাসত গলি গলি
ডুব যাওঁ ফৰকাল চেতনাত
কেনভাছত দেখোঁ উৰি ফুৰা এটা ৰঙা পখিলা
কিছু স্পষ্ট
কিছু অস্পষ্ট
কিম্বা তাইৰ শৰীৰত লিপিট খোৱা
হেঙুলীয়া পোহৰৰ জিলমিলনি……!!!!


লোচন কৌশিক ।

ৰূপান্তৰৰ বর্ণমালা

ৰূপান্তৰৰ বর্ণমালা


সৰিপৰা পকা গছ-পাতৰ দৰেই
বতাহজাকত
নিয়ৰৰ ফুলবোৰ উৰিছে

তৰাৰ চাকিবোৰ নুমুৱাই
পুৱতিৰ শেতেলীত
কুৱঁলিৰ নিহালিখন টানি
জোনটো শুই পৰিছে

পূবৰপৰা পশ্চিমলৈ যেতিয়া তেওঁ আগুৱাই
হেমন্তৰ চেঁচা বতাহজাক হেৰায়
ঘাটে-পথাৰে শৰালিজাকৰ কিচিৰ-মিচিৰ শব্দত
বন-বিৰিখৰ জাকৰুৱা ছাঁ সৰে
নৈৰ পাৰে পাৰে আগুৱাই বতাহজাকে
শুকান পাতবোৰক মাতেগৈ
মর্মৰ ধ্বনিৰে সৰিপৰা পকা গছপাতে বতাহক
বিমুখ কৰিব নোৱাৰে

তোমাৰ অপেক্ষাতে ফুলিছিল ফুল, বৈ আছিল সুগন্ধি।
এতিয়া শীর্ণ নদীৰ বুকুত সোঁতৰ ফুল শুকাই শেঁতা পৰি ৰৈছে।


ৰৌচন আৰা বেগম

মিতভাষ (৫৮)

"মিতভাষ”(৫৮)

তাত ময়ো আছিলো
তাত ময়ো আছিলো ---- ছপোন-ছবুৰি সপোন এটি লৈ ---- এখোজ-দুখোজকৈ আগুৱাই সন্তৰ্পণে সজালো-পৰালো নিজকে---- হৃদয়ৰ ভাষাবোৰ জিঞা পাখি হেন চঞ্চল হ ---- হালধীয়া ঢৌৰে অগাদেৱা বাঢে মৌনতা ---- কিজানি এবাৰ নতুনকৈ পাওঁ হেপাহৰ বসন্ত --- শীতল জোনাক চাই চাই মৌ পগলা মনটো ব্যাকুল.....

অংকুৰ শইকীয়া ৷