Thursday, 9 March 2017

নাৰী দিৱস ණ মেঘালী ৰাজকুমাৰী



নাৰী দিৱস

৮ মাৰ্চ
নাৰীৰ বাবে এখনি আকাশ
নাৰীৰ বাবে এখনি পৃথিৱী
নাৰীক ভগাই লোৱা হ'ল ।
(2)
ইতিহাসৰ পাত হাকুটিয়ালো
পৃষ্ঠাবোৰ মেলি মেলি চালো
তুলাচনীত জুখিলোঁ
দৰ -দাম স্থিতাৱস্থাত ।
(3)
এখন হৃদয় কৃষ্ণৰ
ষোল্লশ হেনো গোপী
টনা -আজোঁৰাত চলে দিন আৰু ৰাতি
হা কৃষ্ণ হা কৃষ্ণ ,সংসাৰৰ নীতি নীয়মদূৰণিলৈ ঠেলি
আমাক কেনি নিলে কেনি নিচে আজি ।
ৰাজ্য জয় অসুৰক বধ ,দেশৰ শান্তিত
নাৰী
দ্ৰৌপদীৰ হাতত পঞ্চ ভাতৃৰ বোজা
সূৰ্যই সানিলে কুন্তীক কালিমা
কুন্তী বেশ্যা ,সূৰ্য ভগৱান ।
নাৰী_তোমাৰ প্ৰেমৰ মূল্যই বা ক'?
নাক কটা শূৰ্পণখা
সীতাৰ বসুমতীত ঠাই
চকু বান্ধি যিমানেই আস্ফালন নকৰা তুমি গান্ধাৰী
----------
মনু সংহিতাই ক'লে -------
------"
নাৰীৰ ঠাই নৰকত "--------
(4)
পিতায়ে সাজি দিলে ওখকৈ চকোৱা
আয়ে ক'লে,বাজলৈ নেজাবি
চৌদিশে বাউলি বতাহ
চকৰি ,চিলা নাসাজিবি নাসাজিবি
এইবোৰ ঘূৰ্ণী বতাহ ।
(5)
এতিয়া গোলকীয় হাট
অভিলাষী সপোন
বেচা -কিনা ,দৰ- দাম
ৰূপালী পৰ্দাত সোনালী কিৰণ
অৱশেষত বজাৰৰ ডাষ্টবিনত
পিতলীয়া ৰং।
(6)
আজি লমা -লমে সৰিব ভাষণৰ ফুলজাৰী
ভ্ৰূকুটি কোঁচাই শুনিম
------কিন্ত নাৰী ,
------------
তোমাৰো যে ,আছে দুখ
সম্প্ৰতি ,বাটৰ কাষত পৰি ৰয় মাতৃ
আন্ধাৰত মুখ গুঁজি উচুপে পিতৃ
আৱৰ্জনাত খোজ পেলায় মৰমৰ ভগ্নী
ভাতৃ নীৰৱ দৰ্শক ।
(7)
মই নকওঁ নাৰী তুমি অৰ্দ্ধআকাশ
মই নকওঁ নাৰী তুমি দেৱী
মই নকওঁ নাৰী তুমি মাতৃ
মই কম ,মই কম
------""
তুমি নাৰী ,সহনশীলতাৰ প্ৰতীক "" ---------
কবি:- মেঘালী ৰাজকুমাৰী ।

No comments:

Post a Comment