Thursday, 30 March 2017

বোবা ~ চামচুল হক


বোবা ৩১ মাৰ্চ



আজি মোৰ উপভোগৰ দিন নে
উপবাসৰ
উইলোজোপাৰ তলত বহি কি ভাবিছা
মৰাশ কঢ়িয়াবলৈ কিছু কথা গিলিব লাগে
কবৰ দিব লাগে
আৰু আৰু
অভিনয় কৰিব লাগে



প্ৰশংসা বুটলিব লাগিলে
অভিনেতা হোৱা
ঋণত লোৱা বিজুলি হাঁহিৰে ঢাকি থোৱা
কজলা ডাৱৰবোৰ



চলিব লাগিলে গিলিব লাগিব
:
চালকৰ উক্তি
মদপী বুলি নক'বা



জেকেট পিন্ধি থাকিলেই নাভাবিবা
জুই নালাগিব গাত
কোনে নুমুৱাব পাৰে কাৰ জুই



আহিলে আহক বৰষুণজাক
নেদেখা দুৱাৰখনেদি
উক দি উঠা জুইকুৰাক নিচুকাবলৈ
৩১ মাৰ্চ
জুইলগা দিন
অসফল বৰষুণৰ দিন ৷

বি:
~ চামচুল হক

1 comment:

  1. কবিতাৰ শিৰোনাম 'বোবা ৩১ মাৰ্চ'হে হ'ব লাগে ৷ অকল 'বোবা' হ'ব নোৱাৰে ৷ শুধৰণিৰ প্ৰয়োজন ৷

    ReplyDelete