কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৪৫): (০১-০৭) ফেব্ৰুৱাৰী, ২০১৭
পৰ্যালোচক : পৰী পাৰবীন ওৰফে পাৰবীন চুলতানা
পুনৰীক্ষণ (৪৫): (০১-০৭) ফেব্ৰুৱাৰী, ২০১৭
পৰ্যালোচক : পৰী পাৰবীন ওৰফে পাৰবীন চুলতানা
আদিকথা:
---------------
---------------
কবিতা শব্দটোৱেই
দুৰ্বোধ্য । ই কোনো সূত্ৰ মানি নচলে । ই নিৰ্দিষ্ট পৰিসৰৰ কোনো কাঠামোৰ মাজত আৱদ্ধ নহয় । বিপৰীতে মানৱ মনৰ পৰিধি নাই
। কোনোৱে ক'বলৈ বিচাৰে, কবিতা হ’ল মনৰ ভাৱ প্ৰকাশৰ এক পোনপটীয়া মাধ্যম । সেই হেতুকে মনৰ ভিতৰত জুমি চাবলৈ নাজানিলে আচলতে কবিতাৰ
বিশ্লেষণ সম্ভৱ নহয় ।
কবিতা নিৰ্বাচন
আৰু বিষয়বস্তু:
--------------------------------------------
--------------------------------------------
যিয়েই নহওক কিয়
ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ কবিতাৰ পৰ্যালোচনাৰ ভাৰ মোৰ ওপৰত ন্যস্ত কৰাৰ লগে লগে মই সময় নামৰ আপুৰুগীয়া কাৰকটোলৈ
মনত পেলাইছিলো । লগতে সন্দিহান হৈছিলো নিজৰ দক্ষতা
সম্পৰ্কে । মই নিজেই শিকাৰু, গতিকে এই পৰ্যালোচনাই কিমানদূৰ এক সমালোচনাৰ ৰূপ
পাবলৈ সক্ষম হ'ব মোৰ ধাৰণা নাই। এই সপ্তাহটিত বহুত কেইটি উল্লেখযোগ্য কবিতা
আছিল যদিও বিবিধতাৰ কাৰণে মাধৱ দত্ত, কিৰণ গগৈ, মৌচুমী বৰি আৰু অভিলাষ বৰঠাকুৰৰ কবিতা চাৰিটা নিৰ্বাচন কৰা হ’ল । মাধৱ দত্তৰ ‘শব্দ’ কবিতাটোত আমি সাম্প্ৰতিক সমাজৰ এক প্ৰতিফলন দেখা পাওঁ, কিৰণ গগৈৰ ‘মই ল'গ পোৱা আবেলিটো’ কবিতাটোত কবিৰ মনৰ সতে সময়ৰ চিৰন্তন সম্পৰ্কৰ কথা দেখুৱাব বিচৰা হৈছে ।
মৌচুমী বৰিৰ “তোমালৈ চালেই” কবিতাটোত অস্তগামী সূৰুযৰ হেঙুল ৰূপ । ফাগুন ফাগুন গোন্ধোৱা সময়খিনিত
প্ৰেমৰ বিষয়বস্তুৰে অভিলাষ বৰঠাকুৰৰ কম শব্দৰে
মন ভৰাই পেলাব পৰা কবিতাটোও বাচনিত উঠিল ।
পৰ্যালোচনা (১):
-----------------------
-----------------------
শিৰোনামঃ শব্দ
কবিঃ মাধৱ দত্ত
কবিঃ মাধৱ দত্ত
কিহৰ শব্দ ?
আৰ্তনাদৰ ৷
কাৰ আৰ্তনাদ ?
নিস্বজনৰ,
ৰাজনীতিৰ ঘৃণীত পাশা খেলত
সৰ্বস্ব হেৰুওৱা
পদ - দলিত জনৰ ৷
কোনোবা কাপুৰুষৰ
কামনাৰ বলি
কোনোবা
বধিৰ তিৰুতাৰ ৷
নিষ্ঠুৰ চিকাৰিৰ
বুলেটৰ আঘাটত
মাতৃহাৰা হোৱা
নিমাখিত
অসহায়
গঁড়ৰ পোৱালিৰ ৷
সকলো একাকাৰ হৈ
সৃষ্টি হোৱা কৰুণ শব্দ ৷
নিকৰুণ শব্দ ৷
সেই শব্দ তুমি শুনিছা ?
শুনিছা কেতিয়াবা ??
যদি শুনা নাই—
তুমি সৰ্বকালৰ কলা ৷
নিৰোগী শৰীৰতো
অকাল ব্যাধি তোমাৰ ৷
তুমি নিষ্ঠুৰ পিশাচতকৈও,
যি পিশাচে
বধিৰ যুৱতীৰ ইজ্জত লুটিব পাৰে,
সেই পিশাচতকৈও ৷
যি চিকাৰিয়ে নিঠৰুৱা কৰে গঁড়ৰ পোৱালিটিক,
সেই চিকাৰিতকৈও নিষ্ঠুৰ তুমি ৷
তুমি বন্য
তুমি জঘন্য ৷
এদিন শব্দৰেই চিকাৰ হ'বা তুমিও ৷
মহাকালৰ
মহনিনাদ বাজিব যিদিনা,
পদপিষ্ট হ'বা তুমিও ৷
সময়ৰ হাতত অৱশ্যম্ভাৱী
মৃত্যু তোমাৰো ৷
সময় থাকোতেই
শব্দৰ সন্ধান কৰা ৷
আৰ্তনাদৰ ৷
কাৰ আৰ্তনাদ ?
নিস্বজনৰ,
ৰাজনীতিৰ ঘৃণীত পাশা খেলত
সৰ্বস্ব হেৰুওৱা
পদ - দলিত জনৰ ৷
কোনোবা কাপুৰুষৰ
কামনাৰ বলি
কোনোবা
বধিৰ তিৰুতাৰ ৷
নিষ্ঠুৰ চিকাৰিৰ
বুলেটৰ আঘাটত
মাতৃহাৰা হোৱা
নিমাখিত
অসহায়
গঁড়ৰ পোৱালিৰ ৷
সকলো একাকাৰ হৈ
সৃষ্টি হোৱা কৰুণ শব্দ ৷
নিকৰুণ শব্দ ৷
সেই শব্দ তুমি শুনিছা ?
শুনিছা কেতিয়াবা ??
যদি শুনা নাই—
তুমি সৰ্বকালৰ কলা ৷
নিৰোগী শৰীৰতো
অকাল ব্যাধি তোমাৰ ৷
তুমি নিষ্ঠুৰ পিশাচতকৈও,
যি পিশাচে
বধিৰ যুৱতীৰ ইজ্জত লুটিব পাৰে,
সেই পিশাচতকৈও ৷
যি চিকাৰিয়ে নিঠৰুৱা কৰে গঁড়ৰ পোৱালিটিক,
সেই চিকাৰিতকৈও নিষ্ঠুৰ তুমি ৷
তুমি বন্য
তুমি জঘন্য ৷
এদিন শব্দৰেই চিকাৰ হ'বা তুমিও ৷
মহাকালৰ
মহনিনাদ বাজিব যিদিনা,
পদপিষ্ট হ'বা তুমিও ৷
সময়ৰ হাতত অৱশ্যম্ভাৱী
মৃত্যু তোমাৰো ৷
সময় থাকোতেই
শব্দৰ সন্ধান কৰা ৷
কবিতাটোত কবিয়ে
সাম্প্ৰতিক সময়ৰ এখন ছবি দাঙি ধৰিছে ।আজিৰ সমাজ অস্থিৰ সমাজ । নীতিজ্ঞানশূন্য সমাজত অহৰহ চলিছে লাভ-লোকচানৰ অংক ।
বৈষয়িক লালসাত ন্যস্ত মানুহে বিনাপ্ৰয়োজনে বিনাদ্বিধাই
অনুভূতিবোৰ ভৰিৰে গচকিছে । সেই গচকত আৰ্তনাদ কৰি উঠিছে নিস্বজনে । মহাভাৰতৰ যুগৰে পৰা চলি অহা কুটিল ৰাজনীতিৰ পাকচক্ৰত সৰ্বস্ব হেৰুৱাব লগা
হয় দলিতজনে । সাম্প্ৰতিক সময়তো সেয়া ব্যতিক্ৰম ঘটা নাই । কবিয়ে প্ৰশ্ন কৰিছে,
কাৰ আৰ্তনাদ ?
নিস্বজনৰ,
ৰাজনীতিৰ ঘৃণীত পাশা খেলত
সৰ্বস্ব হেৰুওৱা
পদ - দলিত জনৰ ৷
নিস্বজনৰ,
ৰাজনীতিৰ ঘৃণীত পাশা খেলত
সৰ্বস্ব হেৰুওৱা
পদ - দলিত জনৰ ৷
কবি নিৰাশ হৈছে ।
অপৰাধীৰ জঘন্যতম কাৰ্যই প্ৰতিক্ৰিয়া কৰিছে কবিৰ প্ৰতিবাদী কলমত । মূকবধিৰ গাভৰুৰ ওপৰত চলোৱা নিৰ্যাতনত কবি
হতাশ হৈছে । অৰ্থনৈতিক লাভালাভৰ বলি হৈছে কাজিৰঙাৰ
এশিঙীয়া গড় । খড়্গ কাটি নিয়া গড়ৰ মৰণকাতৰ আৰ্তনাদে, লগতে মাতৃহাৰা গঁড়পোৱালিটিৰ কৰুণ চকুলোৱে
কবিক অস্থিৰ কৰি তুলিছে।
কোনোবা কাপুৰুষৰ
কামনাৰ বলি
কোনোবা
বধিৰ তিৰুতাৰ ৷
নিষ্ঠুৰ চিকাৰিৰ
বুলেটৰ আঘাটত
মাতৃহাৰা হোৱা
নিমাখিত
অসহায়
গঁড়ৰ পোৱালিৰ ৷
কামনাৰ বলি
কোনোবা
বধিৰ তিৰুতাৰ ৷
নিষ্ঠুৰ চিকাৰিৰ
বুলেটৰ আঘাটত
মাতৃহাৰা হোৱা
নিমাখিত
অসহায়
গঁড়ৰ পোৱালিৰ ৷
আৰ্তনাদৰ এনেবোৰ
শব্দই দ্বিতীয়জনে শুনা পাইছেনে, যদি পাইছে
তেওঁলোককো কবিৰ দৰে আমনি কৰিছেনে বুলি কবিয়ে প্ৰশ্ন
কৰিছে । কবিয়ে শ্লেষ টানি কৈছে, যিসকলক এনেবোৰ
কথাই আমনি নকৰে তেওঁলোক জঘন্যতম অপৰাধীতকৈও নিকৃষ্ট মানসিকতাসম্পন্ন । কোনে জানে কোন মুহূৰ্তত তেওঁলোকো এনে
শব্দৰ বলি হ’ব লগা হয, গতিকে সময় থাকোতেই সকলোকে সাৱধান কৰাৰ
প্ৰয়োজন আহি পৰিছে ।
সেই শব্দ তুমি
শুনিছা ?
শুনিছা কেতিয়াবা ??
যদি শুনা নাই—
তুমি সৰ্বকালৰ কলা ৷
নিৰোগী শৰীৰতো
অকাল ব্যাধি তোমাৰ ৷
তুমি নিষ্ঠুৰ পিশাচতকৈও,
যি পিশাচে
বধিৰ যুৱতীৰ ইজ্জত লুটিব পাৰে,
সেই পিশাচতকৈও ৷
যি চিকাৰিয়ে নিঠৰুৱা কৰে গঁড়ৰ পোৱালিটিক,
সেই চিকাৰিতকৈও নিষ্ঠুৰ তুমি ৷
তুমি বন্য
তুমি জঘন্য ৷
এদিন শব্দৰেই চিকাৰ হ'বা তুমিও ৷
মহাকালৰ
মহনিনাদ বাজিব যিদিনা,
পদপিষ্ট হ'বা তুমিও ৷
সময়ৰ হাতত অৱশ্যম্ভাৱী
মৃত্যু তোমাৰো ৷
সময় থাকোতেই
শব্দৰ সন্ধান কৰা ৷
শুনিছা কেতিয়াবা ??
যদি শুনা নাই—
তুমি সৰ্বকালৰ কলা ৷
নিৰোগী শৰীৰতো
অকাল ব্যাধি তোমাৰ ৷
তুমি নিষ্ঠুৰ পিশাচতকৈও,
যি পিশাচে
বধিৰ যুৱতীৰ ইজ্জত লুটিব পাৰে,
সেই পিশাচতকৈও ৷
যি চিকাৰিয়ে নিঠৰুৱা কৰে গঁড়ৰ পোৱালিটিক,
সেই চিকাৰিতকৈও নিষ্ঠুৰ তুমি ৷
তুমি বন্য
তুমি জঘন্য ৷
এদিন শব্দৰেই চিকাৰ হ'বা তুমিও ৷
মহাকালৰ
মহনিনাদ বাজিব যিদিনা,
পদপিষ্ট হ'বা তুমিও ৷
সময়ৰ হাতত অৱশ্যম্ভাৱী
মৃত্যু তোমাৰো ৷
সময় থাকোতেই
শব্দৰ সন্ধান কৰা ৷
পৰ্যালোচনা (২):
-----------------------
-----------------------
শিৰোনামঃ মই ল'গ পোৱা আবেলিটো
কবিঃ কিৰণ গগৈ
কবিঃ কিৰণ গগৈ
হেলনীয়া আবেলিৰ
বেলিটো
লুকাব খুজিছিল
লঠঙা গছজোপাৰ আঁৰত...
ৰং ঘঁহি ৰশ্মিবোৰ সৰকি আহি
অত ত'ত পৰিছিল ।
গধূলি এটা আহিল
আবেলিটো গুছি গ'ল.
গধূলিটোৰ লগত
লাহে লাহে আন্ধাৰে আৱৰি ধৰিলে
ক্ষয়িষ্ণু পৃথিৱীৰ ক্ষতবোৰ ।
ঘোলাপানীৰ নদীখনে
শোষন কৰিলে পোহৰবোৰ ।
শাপগ্ৰস্ত আবেলিটোৰ হুমুনিয়াহত
মইও ক্ৰমান্বয়ে উটি গলো আন্ধাৰৰ দেশলৈ
লুকাব খুজিছিল
লঠঙা গছজোপাৰ আঁৰত...
ৰং ঘঁহি ৰশ্মিবোৰ সৰকি আহি
অত ত'ত পৰিছিল ।
গধূলি এটা আহিল
আবেলিটো গুছি গ'ল.
গধূলিটোৰ লগত
লাহে লাহে আন্ধাৰে আৱৰি ধৰিলে
ক্ষয়িষ্ণু পৃথিৱীৰ ক্ষতবোৰ ।
ঘোলাপানীৰ নদীখনে
শোষন কৰিলে পোহৰবোৰ ।
শাপগ্ৰস্ত আবেলিটোৰ হুমুনিয়াহত
মইও ক্ৰমান্বয়ে উটি গলো আন্ধাৰৰ দেশলৈ
প্ৰতীকধৰ্মী
কবিতাটো লিখিছে কবি কিৰণ গগৈয়ে । ধুনীয়া আবেলিটোক কবিয়ে নিজৰ জীৱনৰ মধুৰতম সময়খিনিৰ সৈতে তুলনা কৰা যেন ভাৱ হয় । নিঃসংগ
উদাসীন সময়বোৰত ৰঙৰ প্ৰলেপ সানিবলৈকে আহিছিল আবেলি আবেলি
গোন্ধোৱা কোমল ৰ’দৰ হেঙুল কিৰণ । সেই কিৰণে কবিৰ নিৰলস সময়খিনি ধন্য কৰি তুলিছিল ।
হেলনীয়া আবেলিৰ
বেলিটো
লুকাব খুজিছিল
লঠঙা গছজোপাৰ আঁৰত...
ৰং ঘঁহি ৰশ্মিবোৰ সৰকি আহি
অত ত'ত পৰিছিল ।
লুকাব খুজিছিল
লঠঙা গছজোপাৰ আঁৰত...
ৰং ঘঁহি ৰশ্মিবোৰ সৰকি আহি
অত ত'ত পৰিছিল ।
কিন্তু সময় গতিশীল
। জীৱনো গতিশীল । উকা কেনভাচখন ৰং তুলিকাৰে সজাই তোলোতেই বৰণীয়া সময়বোৰত বৰণহীনতাই ছৱি আঁকিবলৈ ধৰে ।
প্ৰকৃতিৰ আওতাৰ বাহিৰত কোনোৱেই নহয় ।
কবিও হাৰি যোৱা নাই । আবেলিৰ ৰংবোৰ বেৰঙী হৈছিল লাহে লাহে । এলান্ধুকলীয়া আন্ধাৰ লৈ গধূলিটো নামি আহিল । হেঙুলৰঙী
আবেলিটো গধূলিত জাহ যোৱাৰ দৰে কবিৰ
ৰঙীন সময়বোৰো বিষাদৰ সাগৰত জাহ গ’ল ।
গধূলি এটা আহিল
আবেলিটো গুছি গ'ল.
গধূলিটোৰ লগত
লাহে লাহে আন্ধাৰে আৱৰি ধৰিলে
ক্ষয়িষ্ণু পৃথিৱীৰ ক্ষতবোৰ ।
ঘোলাপানীৰ নদীখনে
শোষন কৰিলে পোহৰবোৰ ।
শাপগ্ৰস্ত আবেলিটোৰ হুমুনিয়াহত
মইও ক্ৰমান্বয়ে উটি গলো আন্ধাৰৰ দেশলৈ
আবেলিটো গুছি গ'ল.
গধূলিটোৰ লগত
লাহে লাহে আন্ধাৰে আৱৰি ধৰিলে
ক্ষয়িষ্ণু পৃথিৱীৰ ক্ষতবোৰ ।
ঘোলাপানীৰ নদীখনে
শোষন কৰিলে পোহৰবোৰ ।
শাপগ্ৰস্ত আবেলিটোৰ হুমুনিয়াহত
মইও ক্ৰমান্বয়ে উটি গলো আন্ধাৰৰ দেশলৈ
পৰ্যালোচনা (৩) :
------------------------
------------------------
শিৰোনামঃ তোমালৈ
চালেই
কবিঃ মৌচুমী বৰি
কবিঃ মৌচুমী বৰি
আবেলি পৰত
তোমালৈ চালেই মোৰ খোজ মন্থৰ হয়
ৰৈ ৰৈ চাই যাওঁ তোমাক
ঐশ্বৰিক সৌন্দৰ্যৰে মহীয়ান হৈ পৰা তুমি
তোমাৰ সুন্দৰতাত
বাকৰুদ্ধ হৈ ৰওঁ মই
ৰৈ যাওঁ চাই যাওঁ
ৰৈ যাওঁ চাই যাওঁ
তুমি শৌৰ্য বীৰ্যৰ প্ৰাচীনতম কাব্য
তুমি সঞ্জীৱন
তুমি প্ৰিয়তম
হে সূৰ্য -- তোমাক প্ৰণাম ৷৷
তোমালৈ চালেই মোৰ খোজ মন্থৰ হয়
ৰৈ ৰৈ চাই যাওঁ তোমাক
ঐশ্বৰিক সৌন্দৰ্যৰে মহীয়ান হৈ পৰা তুমি
তোমাৰ সুন্দৰতাত
বাকৰুদ্ধ হৈ ৰওঁ মই
ৰৈ যাওঁ চাই যাওঁ
ৰৈ যাওঁ চাই যাওঁ
তুমি শৌৰ্য বীৰ্যৰ প্ৰাচীনতম কাব্য
তুমি সঞ্জীৱন
তুমি প্ৰিয়তম
হে সূৰ্য -- তোমাক প্ৰণাম ৷৷
কবিতাটোত কবিয়ে
শক্তি আৰু সৌন্দৰ্যৰ প্ৰতীক সূৰুযৰ অস্তমিত ৰূপত সন্মোহিত হৈ পৰিছে ।
আবেলিৰ হেঙুল ৰঙে কবিৰ মনত ৰসৰ সঞ্চাৰ কৰিছে । অস্তগামী সূৰুযৰ অপৰূপ সৌন্দৰ্যত মোহিত হৈ কবিয়ে প্ৰিয়তমৰ লগত ৰিজাইছে । শেষৰ স্তৱকত ইয়াৰ প্ৰমাণ পোৱা যায় ।
আবেলিৰ হেঙুল ৰঙে কবিৰ মনত ৰসৰ সঞ্চাৰ কৰিছে । অস্তগামী সূৰুযৰ অপৰূপ সৌন্দৰ্যত মোহিত হৈ কবিয়ে প্ৰিয়তমৰ লগত ৰিজাইছে । শেষৰ স্তৱকত ইয়াৰ প্ৰমাণ পোৱা যায় ।
তুমি শৌৰ্য বীৰ্যৰ
প্ৰাচীনতম কাব্য
তুমি সঞ্জীৱন
তুমি প্ৰিয়তম
হে সূৰ্য -- তোমাক প্ৰণাম ৷।
তুমি সঞ্জীৱন
তুমি প্ৰিয়তম
হে সূৰ্য -- তোমাক প্ৰণাম ৷।
সূৰ্য অপাৰ শক্তিৰ
গৰাকী । অফুৰন্ত শৌৰ্যৰ কাৰক । বীৰ্যৰ স্ৰজক । পুৰাতন কালৰে পৰা সূৰ্যদেৱতাৰ পূ্জা হৈ আহিছে। মহাভাৰতত সূৰুযৰ পৰম
শক্তিৰ কথা উল্লেখ আছে ।
ঈশ্বৰৰ অনন্ত সৃষ্টি সূৰুযৰ মহীয়ান ৰূপত কবি বাকৰুদ্ধ হৈ পৰে । চাই চাই হেঁপাহ নপলায় কবিৰ ।
লিখিছে কবিয়ে,
ঈশ্বৰৰ অনন্ত সৃষ্টি সূৰুযৰ মহীয়ান ৰূপত কবি বাকৰুদ্ধ হৈ পৰে । চাই চাই হেঁপাহ নপলায় কবিৰ ।
লিখিছে কবিয়ে,
ঐশ্বৰিক
সৌন্দৰ্যৰে মহীয়ান হৈ পৰা তুমি
তোমাৰ সুন্দৰতাত
বাকৰুদ্ধ হৈ ৰওঁ মই
ৰৈ যাওঁ চাই যাওঁ
ৰৈ যাওঁ চাই যাওঁ
তোমাৰ সুন্দৰতাত
বাকৰুদ্ধ হৈ ৰওঁ মই
ৰৈ যাওঁ চাই যাওঁ
ৰৈ যাওঁ চাই যাওঁ
পৰ্যালোচনা (৪):
-----------------------
-----------------------
শিৰোনামঃ <অনুপস্থিত>
কবিঃ অভিলাষ বৰঠাকুৰ
কবিঃ অভিলাষ বৰঠাকুৰ
তিতি থকা চুলিকোচা
ফণিয়াই ফণিয়াই তাই মোক সুধিছিল
মাঘী পূৰ্ণিমাৰ জোন ক'ত লুকাল?
মই কৈছিলো তোমাৰ কপালত.....
মাঘী পূৰ্ণিমাৰ জোন ক'ত লুকাল?
মই কৈছিলো তোমাৰ কপালত.....
শিৰোনামবিহীন
কবিতাটো লিখিছে কবি অভিলাষ বৰঠাকুৰে । সদ্যবিবাহিতা পত্নীৰ সান্নিধ্য, তাতে মাঘী
পূৰ্ণিমাৰ পুৱতি নিশা । সদ্যস্নাতা পত্নীৰ কঁপালৰ সেন্দুৰটি মাঘী পূৰ্ণিমাৰ জোনটিৰ দৰেই উজ্জ্বল দেখাইছিল ।
আকুল হৈ পৰিছিল কবিমন। তিতি থকা চুলিৰ পৰা নিগৰা এটোপ
দুটোপ সুষমাই তেওঁৰ আকুলতাক গাঢ় কৰি তুলিছিল ।
কম শব্দত বহুল প্ৰকাশ কবিতাটিৰ এটি বৈশিষ্ট্য। শিৰোনাম এটি থকা হ’লে কবিতাটিৰ মান আৰু ওপৰলৈ গ’লহেঁতেন। এতিয়া বতাহত ফাগুনৰ সুগন্ধি । সৰাপাতৰ খৰমৰণিত প্ৰেমবিচ্ছেদৰ কেঁকনি ।ৰ’দত ফাগুনৰ সেন্দুৰ ৰং । বতাহত শিমলু, মদাৰ, পলাশৰ ৰেণু । ফাগুণে প্ৰেমৰ বতৰা কঢ়িয়ায় । গতিকে অভিলাষ বৰঠাকুৰৰ প্ৰেমৰ সুবাস কঢ়িওৱা কবিতাটোৱে পৰ্যালোচনাটিত এক বিশেষ ঠাই ল’লে ।
কম শব্দত বহুল প্ৰকাশ কবিতাটিৰ এটি বৈশিষ্ট্য। শিৰোনাম এটি থকা হ’লে কবিতাটিৰ মান আৰু ওপৰলৈ গ’লহেঁতেন। এতিয়া বতাহত ফাগুনৰ সুগন্ধি । সৰাপাতৰ খৰমৰণিত প্ৰেমবিচ্ছেদৰ কেঁকনি ।ৰ’দত ফাগুনৰ সেন্দুৰ ৰং । বতাহত শিমলু, মদাৰ, পলাশৰ ৰেণু । ফাগুণে প্ৰেমৰ বতৰা কঢ়িয়ায় । গতিকে অভিলাষ বৰঠাকুৰৰ প্ৰেমৰ সুবাস কঢ়িওৱা কবিতাটোৱে পৰ্যালোচনাটিত এক বিশেষ ঠাই ল’লে ।
অন্তকথা:
-------------
-------------
পৰ্যালোচক হিচাপে
এখনি অনভিজ্ঞ হাতেৰে একলম আগবঢ়াব লগীয়া হোৱাত বিভিন্ন ভুল-ত্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক । এই সপ্তাহত বহুতো উচ্চ
মানদণ্ডৰ কবিতাৰে আখৰুৱাৰ সপ্তাহ ভৰি আছিল যদিও বাছনিৰ
ক্ষেত্ৰত কিছু এৰা-ধৰা কৰিব লগীয়া হ’ল, যিহেতু পৰ্যালোচনাত আখৰুৱাৰ সমূহ কবিৰে কবিতাৰ উত্তৰণ
বাঞ্ছনীয় । আখৰুৱা গোটৰ এই প্ৰচেষ্টা সফল হওক।
----------------------------------------------------
----------------------------------------------------
ব্যৱস্থাপকৰ
মন্তব্য:
---------------------------
---------------------------
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা
কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনায় যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে
গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি
আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি
থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ
পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
(ক) শব্দ~ মাধৱ দত্ত।
(খ) মই ল'গ পোৱা আবেলিটো~ কিৰণ গগৈ।
(গ) তোমালৈ চালেই~ মৌচুমী বৰি।
(ঘ) <শিৰোনাম অনুপস্থিত>~ অভিলাষ বৰঠাকুৰ।
(খ) মই ল'গ পোৱা আবেলিটো~ কিৰণ গগৈ।
(গ) তোমালৈ চালেই~ মৌচুমী বৰি।
(ঘ) <শিৰোনাম অনুপস্থিত>~ অভিলাষ বৰঠাকুৰ।
৪) এই পৰ্যালোচনাই
সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ
কৰিলোঁ।
মূল কবিতাত
বৰ্তমানলৈ চকুত পৰা ভুলসমূহ :
(ক) শব্দ~ মাধৱ দত্ত।
ঘৃণীত-> ঘৃণিত
তিৰুতাৰ-> তিৰোতাৰ
চিকাৰিৰ-> চিকাৰীৰ
আঘাটত-> আঘাতত
মহনিনাদ-> মহানিনাদ
তিৰুতাৰ-> তিৰোতাৰ
চিকাৰিৰ-> চিকাৰীৰ
আঘাটত-> আঘাতত
মহনিনাদ-> মহানিনাদ
(খ) মই ল'গ পোৱা আবেলিটো~ কিৰণ গগৈ।
ল’গ- লগ
অত-> অ'ত
শোষন-> শোষণ
মইও- ময়ো
গলো-> গ'লো
অত-> অ'ত
শোষন-> শোষণ
মইও- ময়ো
গলো-> গ'লো
(ঘ)<শিৰোনাম অনুপস্থিত>~ অভিলাষ বৰঠাকুৰ।
চুলিকোচা-> চুলিকোছা
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা
পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
যুগল কিশোৰ নাথ
ব্যৱস্থাপকবৃন্দ, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
৯ মাৰ্চ, ২০১৭
জনজিৎ গোস্বামী
যুগল কিশোৰ নাথ
ব্যৱস্থাপকবৃন্দ, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
৯ মাৰ্চ, ২০১৭
No comments:
Post a Comment