আখৰুৱা : literati গোটৰ কবিতাৰ পৰ্যালোচনা
পুনৰীক্ষণ (৪৪): ১-৭ জানুৱাৰী, ২০১৭: প্ৰথম খণ্ড :
পৰ্যালোচক : হিমাক্ষী বৰা
পুনৰীক্ষণ (৪৪): ১-৭ জানুৱাৰী, ২০১৭: প্ৰথম খণ্ড :
পৰ্যালোচক : হিমাক্ষী বৰা
কবিতাৰ অনুৰাগী
হিচাবে মই কবিতাৰ এজন সাধাৰণ পঢ়ুৱৈ মাথো। "আখৰুৱা" মঞ্চ খনৰ উপৰি কবিতাৰ পৰ্যালোচনা দূৰৈৰ কথা, কবিতা বিষয়ত মন্তব্য কৰিবলৈ যোৱাটোও মোৰ বাবে বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ
দৰে। কবিতাৰ আলোচনা বুলিলে এয়া মোৰ প্ৰথম প্ৰয়াস। পৰ্যালোচনাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা প্ৰচুৰ অধ্যয়ন, উপলব্ধি, কবিতাৰ ধাৰা, বিষয়বস্তুৰ জ্ঞান এই সকলো দিশৰ পৰা মোৰ দক্ষতা একেবাৰে
শূন্য। সেয়েহে কবিতাৰ এজন সাধাৰণ অনুৰাগীৰ
দৃষ্টিৰে মই চাৰিটা কবিতাৰ আলোচনা কৰিবলৈ যত্ন কৰিছোঁ। কবিতাৰ পঠনে মানুহক জীৱন আৰু জগতক গভীৰভাৱে উপলব্ধি কৰাত সহায় কৰে । কবিতা লিখা সহজ সাধ্য
নহয়। কবিতাই কবিৰ চিন্তাৰ, অনুভৱৰ জগতখনক প্ৰতিবিম্বিত কৰে। সেয়ে কবিতাৰ আলোচনা আমাৰ বাবে
দুৰূহ, দুঃসাধ্য।
আমি আলোচনা কৰিবলৈ
লোৱা কবিতা সমূহ হৈছে অতি সাম্প্ৰতিক সময়ৰ কবিতা। যিসমূহ বহু ক্ষেত্ৰত দুৰূহ। কিন্তু এটা কথা ঠিক যে আধুনিক
কবিতা দুৰ্বোধ্য নহয়। যাৰ বোধ বুদ্ধি প্ৰখৰ, মননশীলতা তীক্ষ্ণ তেনে পাঠকৰ বাবে বহু
সময়ত আধুনিক কবিতা সুখপাঠ্য। কবিতাৰ যথাৰ্থ
সংজ্ঞা আৰু বৈশিষ্ট বিচাৰি আমি প্ৰায়ে উজুটি খাওঁ। নতুন কবিৰ কবিতাৰ জগতখন বিচিত্ৰ। আধুনিক কবিতাই বহুক্ষেত্ৰত কবিতাৰ স্বাভাৱিক প্ৰাচীৰ
ভাঙি বোধগম্যতাৰ পথাৰত খোজ পেলাইছে। এই ছাঁ, পোহৰৰ ছৱিবোৰৰ মাজত মোৰ এই আলোচনা মোৰ
সহজ বোধগম্যতাৰ লিখিত প্ৰয়াস।
আখৰুৱাৰ কবিতাৰ পৰ্যালোচনা শিতান 'পুনৰীক্ষণ'ৰ এইটো খণ্ডৰ বাবে (১ - ৭) জানুৱাৰীৰ কবিতাৰ পৰা সন্নিৱিষ্ট কৰা কবিতা কেইটা হৈছে -
আখৰুৱাৰ কবিতাৰ পৰ্যালোচনা শিতান 'পুনৰীক্ষণ'ৰ এইটো খণ্ডৰ বাবে (১ - ৭) জানুৱাৰীৰ কবিতাৰ পৰা সন্নিৱিষ্ট কৰা কবিতা কেইটা হৈছে -
১) কৃষ্ণ - দুলাল
হাজৰিকা
২) মাটিৰ মানুহ - অচ্যুত কুমাৰ বৰা
৩) মধ্যবিত্ত - প্ৰশান্ত শৰ্মা
৪) নাযায় নুপুৱায় ৰাতি - মনোহৰ দত্ত
২) মাটিৰ মানুহ - অচ্যুত কুমাৰ বৰা
৩) মধ্যবিত্ত - প্ৰশান্ত শৰ্মা
৪) নাযায় নুপুৱায় ৰাতি - মনোহৰ দত্ত
১) কৃষ্ণ
~ দুলাল হাজৰিকা
~ দুলাল হাজৰিকা
কৃষ্ণ, প্ৰেমৰ পাশেৰে ৰাধাক বন্দী
কৰাৰ আগত
এবাৰ কিয় নাভাবিলা ৰাধাৰ সংসাৰৰ
কথা
নে তোমাৰ আৰু ৰাধাৰ বতাহত ভাহি
ফুৰা কথাবোৰ
কোনোবা আওকথীয়াৰ প্ৰতিশোধৰ
ফচল ?
কিন্তু তোমাৰ বাঁহীটোতো সত্য
স্বামীৰ অগোচৰে ৰাধাক দিবলৈ
বাঁহীৰ মাততকৈ আৰু উৎকৃষ্ট সংকেত
কি থাকিব পাৰে
পৰকীয়া প্ৰেমত উন্মাদ তোমাৰ হিয়া
ৰাধাক যদি ভালেই পাইছিলা
ভোমোৰা হৈ আতৰি গলা কিয় পাছত
নে ৰস শোহা বাহি ফুলৰ প্ৰয়োজন
নোহোৱা হ’ল তোমাৰ
ৰুক্মিণী, সত্যভামাক পাই ৰাধাক পাহৰি গলা
ৰাধাৰ ভুলো তাতেই
পুৰি মৰিবলৈকে চগাৰ পাখি গজে।
অৱশ্যে ৰাধাৰ নো কি দোষ
প্ৰেমে যে মগজুতকৈ হৃদয়ৰ ভাষাতহে
কথা পাতে ,
কৃষ্ণ , তোমাৰ উতনুৱা স্বভাবৰ
প্ৰতিফল
যুগে যুগে ৰাধাই ভুগি থাকিব
আজিকালি ৰাস আহিলেই
ৰাধাৰ বুকুৰ মাজৰ সাঁচি ৰখা
উচুপনিবোৰ
কৃষ্ণৰ বাঁহীৰ সুৰ হৈ ভাহে
যমুনাৰ তীৰলৈ ৰাধা আৰু নাহে
শূন্যতাৰে গধুৰ অন্তৰখনে
জোনাকৰ স্পৰ্শত চাটি-ফুটি কৰে
পূৰ্ণিমাৰ জোনটো ৰাধাৰ কপালত
একুৰা জুই হৈ জ্বলে।
কৰাৰ আগত
এবাৰ কিয় নাভাবিলা ৰাধাৰ সংসাৰৰ
কথা
নে তোমাৰ আৰু ৰাধাৰ বতাহত ভাহি
ফুৰা কথাবোৰ
কোনোবা আওকথীয়াৰ প্ৰতিশোধৰ
ফচল ?
কিন্তু তোমাৰ বাঁহীটোতো সত্য
স্বামীৰ অগোচৰে ৰাধাক দিবলৈ
বাঁহীৰ মাততকৈ আৰু উৎকৃষ্ট সংকেত
কি থাকিব পাৰে
পৰকীয়া প্ৰেমত উন্মাদ তোমাৰ হিয়া
ৰাধাক যদি ভালেই পাইছিলা
ভোমোৰা হৈ আতৰি গলা কিয় পাছত
নে ৰস শোহা বাহি ফুলৰ প্ৰয়োজন
নোহোৱা হ’ল তোমাৰ
ৰুক্মিণী, সত্যভামাক পাই ৰাধাক পাহৰি গলা
ৰাধাৰ ভুলো তাতেই
পুৰি মৰিবলৈকে চগাৰ পাখি গজে।
অৱশ্যে ৰাধাৰ নো কি দোষ
প্ৰেমে যে মগজুতকৈ হৃদয়ৰ ভাষাতহে
কথা পাতে ,
কৃষ্ণ , তোমাৰ উতনুৱা স্বভাবৰ
প্ৰতিফল
যুগে যুগে ৰাধাই ভুগি থাকিব
আজিকালি ৰাস আহিলেই
ৰাধাৰ বুকুৰ মাজৰ সাঁচি ৰখা
উচুপনিবোৰ
কৃষ্ণৰ বাঁহীৰ সুৰ হৈ ভাহে
যমুনাৰ তীৰলৈ ৰাধা আৰু নাহে
শূন্যতাৰে গধুৰ অন্তৰখনে
জোনাকৰ স্পৰ্শত চাটি-ফুটি কৰে
পূৰ্ণিমাৰ জোনটো ৰাধাৰ কপালত
একুৰা জুই হৈ জ্বলে।
১৯৪০ দশকত আধুনিক
অসমীয়া কবিতাৰ গতিধাৰা ৰোমাণ্টিক ভাৱৰ পৰা বহুদূৰ আঁতৰি আহিল যদিও কবিতাৰ বিষয়বস্তু বিশেষকৈ প্ৰেম প্ৰকাশৰ কাব্যিক
শৈলীত ৰোমান্টিক কবিতাৰ সুৰ ক'ৰবাত ৰৈ গ'ল।
কবি দুলাল
হাজৰিকাৰ কৃষ্ণ কবিতাটিতো কবিয়ে বৈষ্ণৱ সংস্কৃতিৰ
অন্যতম আকৰ্ষণীয় চৰিত্ৰ কৃষ্ণৰ চলনা আৰু ৰাধাৰ প্ৰেম, বিদ্বেষ, কৃষ্ণৰ প্ৰতাৰণা আদি সুন্দৰকৈ বৰ্ণনা কৰিছে। কবিতাটিত ৰাধা প্ৰতাৰণা আৰু চলনাৰ বলি
হোৱা বিশেষ নাৰী চৰিত্ৰ। য'ত ৰাধাৰ সৰল প্ৰেম, অনুভৱক কৃষ্ণৰ কাম
ব্যৱহাৰে মোক্ষম আঘাত হানিছে। কবিতাটি অধিক কৌতূহল পূৰ্ণ কৰাৰ লগতে চৰিত্ৰ দুটিক অধিক মনোগ্ৰাহী কৰাৰ থল আছে যেন লাগে। বহু কথা আওপকীয়াকৈ ক'বলৈ যত্ন কৰিছে যদিও ফুল নাৰীৰ সহজ তুলনাৰ দৰে বাখ্যাই বিষয় বস্তু অধিক স্পষ্ট কৰি
তুলিছে। বাঁহীৰ সুৰৰ বৰ্ণনা কবিতাটিত সুন্দৰ ৰূপত উপস্থাপন কৰিছে। য'ত একে সময়তে বাঁহী প্ৰতাৰণাৰ আহিলা হিচাপে আৰু আনহাতে আত্মগ্লানিৰ প্ৰতীক হিচাপে বৰ্ণিত হৈছে।
কবিতাৰ শেষৰ অংশত ৰাধাৰ আত্মমগন আৰু কৃষ্ণৰ উদাসীনতা
বৰ্ণনা কৰিছে। য'ত সকলো আঘাত সহ্য কৰি নিজৰ দুখৰ বিপৰীতে নিজৰ বাবে এটা সূৰ্য্য গঢ়া এমুঠি
পোহৰক আমন্ত্ৰণ জনোৱাৰ সপোন দেখিব পাৰিছে। কবিতাটোত
ৰাধা- কৃষ্ণৰ সহজ ছবিখনক সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰাইছে। কবিতাটিৰ মাজেৰে কবিয়ে সাধাৰণ জীৱনবোৰৰ পৰকীয়া প্ৰেমৰ ৰূপ বৰ্ণনা কৰিবলৈ চেষ্টা
কৰা যেনো বোধ হয়। কবিতাৰ শিৰোনামা যদিও কৃষ্ণ, ইয়াত ৰাধাৰ অন্তৰৰ বৰ্ণনা কৰিবলৈ কবিয়ে
বেছি চেষ্টা কৰিছে। আনহাতে কবিতাটিৰ শেষৰ শাৰী কেইটি, বিশেষকৈ
"ৰাধাৰ বাঁহীৰ সুৰ....
....................... একুৰা জুই হৈ জ্বলে"।
এই শাৰী কেইটিয়ে
প্ৰথমৰ বৰ্ণিত ছবিখনক অস্পষ্ট ধাৰণা এটা দিছে। য'ত কবিতাৰ ভাৱ আৰু চৰিত্ৰৰ গুৰুত্বৰ সনাসনি
হৈছে। এই সকলোবোৰৰ বিপৰীতে হাজৰিকাৰ কবিতাই পাঠকক অন্য সোৱাদ প্ৰদান কৰিছে।
২) মাটিৰ মানুহ
~ অচ্যুত কুমাৰ বৰা
~ অচ্যুত কুমাৰ বৰা
চৰাইৰ কিচিৰ মিচিৰ
মাতবোৰৰ
বাবেই
সেউজীয়া গছবোৰ বুকুত খামুচি জীয়াই থাকোঁ
বাবেই
সেউজীয়া গছবোৰ বুকুত খামুচি জীয়াই থাকোঁ
জীয়া এখনি শীতল
নদী
তৃষ্ণাতুৰ ভৱিষ্যতৰ বাবে অহৰহ
কলিজাত কঢ়িয়াই ফুৰোঁ।
তৃষ্ণাতুৰ ভৱিষ্যতৰ বাবে অহৰহ
কলিজাত কঢ়িয়াই ফুৰোঁ।
শিপাবোৰ ছিঙি
পেলাব নোৱৰাৰ
দোষতেই
শিলৰ পৃথিৱীত আমি মাটিৰ মানুহ।
তোমালোকে মন গলেই ভাঙা
মন গলেই গঢ়া
সময় তোমালোকৰ হাতৰ পুতলা
ভঙা পতাৰ খেলত নেফা-নেফ কৰা
আমাৰ নিশকটিয়া উশাহ।
দোষতেই
শিলৰ পৃথিৱীত আমি মাটিৰ মানুহ।
তোমালোকে মন গলেই ভাঙা
মন গলেই গঢ়া
সময় তোমালোকৰ হাতৰ পুতলা
ভঙা পতাৰ খেলত নেফা-নেফ কৰা
আমাৰ নিশকটিয়া উশাহ।
একেটিয়ে বিশ্বাস
মাটিবোৰ শিল নহয় কোনোদিন
একেটিয়েই আশা
শিলবোৰ মাটি হ'ব এদিন।
মাটিবোৰ শিল নহয় কোনোদিন
একেটিয়েই আশা
শিলবোৰ মাটি হ'ব এদিন।
কবিতা যদিও নিজৰ
মনৰ পৰা নিগৰি ওলোৱা ব্যক্তিগত অনুভৱৰ সুকুমাৰ কলা, কবিতাত স্বদেশ প্ৰীতিৰ ছবিখনৰ সমান্তৰালভাৱে নিজস্ব
স্বাধীনতাকাংক্ষী, শোষণ-নিষ্পেষণৰ বিৰোধ ছবি এখনো বহু সময়ত
ফুঁটি উঠে। সকলো যুগৰ সকলো কবিতাৰ ক্ষেত্ৰতে এনে হয়।
কবি অচ্যুত কুমাৰ
বৰাৰ মাটিৰ মানুহ কবিতাই সাধাৰণ খাটি খোৱা
জনতাৰ কন্ঠক প্ৰতিনিধিত্ব কৰিছে। কবিয়ে নিজে সেই শোষিত সমাজৰ প্ৰতিনিধি হৈ নিজৰে হা-হুমুনিয়াহ বৰ বিনয়েৰে প্ৰকাশ
কৰিছে। কবিতাটিৰ প্ৰথমাংশৰ চৰাইৰ কিচিৰ মিচিৰ
মাত বুলি কবিয়ে এটা নতুন পুৱাৰ অৰ্থাৎ পোহৰময় আৰু এখন স্বাধীন সমাজৰ কল্পনা কৰিছে, য'ত এবুকু চিৰ প্ৰাণময় আশা লৈ এটা সুন্দৰ ভৱিষ্যতৰ
সমাজৰ বাবে কবিয়ে বাট চোৱাৰ কথা বৰ্ণনা কৰিছে।
"শিপাবোৰ ছিঙি পেলাব নোৱৰাৰ দোষতেই শিলৰ
পৃথিৱীত আমি মাটিৰ মানুহ"
ইয়াত শিপা বুলি কবিয়ে আমাৰ অতীতৰ নিষ্পেষণৰ ইতিহাসৰ কথা বুজাবলৈ চেষ্টা কৰিছে, যাৰ বাবে বাৰে বাৰে এই খাটি খোৱা মানুহবোৰ শোষণৰ বলি হৈছে। বাস্তৱৰ পৃথিৱীখনত এয়াই সত্য যে ক্ষমতা থকা সকলেই আইন নিৰূপণ কৰে, সমাজৰ নীতি ভাঙি নতুন আইন তৈয়াৰ কৰে- যিবোৰ নেকি সাধাৰণ জনতা মানিবলৈ বাধ্য। সাম্প্ৰতিক পৃথিৱীখন যান্ত্ৰিকতা আৰু হৃদয়হীনতাত আক্ৰান্ত। হৃদয়হীন ক্ষমতাত থকা মানুহবোৰৰ এনে মানসিকতাৰ বলি হ'ব লগা হয় সাধাৰণ জনতা।
ইয়াত শিপা বুলি কবিয়ে আমাৰ অতীতৰ নিষ্পেষণৰ ইতিহাসৰ কথা বুজাবলৈ চেষ্টা কৰিছে, যাৰ বাবে বাৰে বাৰে এই খাটি খোৱা মানুহবোৰ শোষণৰ বলি হৈছে। বাস্তৱৰ পৃথিৱীখনত এয়াই সত্য যে ক্ষমতা থকা সকলেই আইন নিৰূপণ কৰে, সমাজৰ নীতি ভাঙি নতুন আইন তৈয়াৰ কৰে- যিবোৰ নেকি সাধাৰণ জনতা মানিবলৈ বাধ্য। সাম্প্ৰতিক পৃথিৱীখন যান্ত্ৰিকতা আৰু হৃদয়হীনতাত আক্ৰান্ত। হৃদয়হীন ক্ষমতাত থকা মানুহবোৰৰ এনে মানসিকতাৰ বলি হ'ব লগা হয় সাধাৰণ জনতা।
কবিতাৰ শেষাংশত কবিয়ে বিনয়েৰে আশা কৰিছে যে
এদিন এই শোষণকাৰী সকলে আত্ম উপলব্ধি কৰি আৰু এইখন সমাজৰ সকলোৱে সমানভাৱে আগুৱাই যাব। প্ৰতিবাদৰ খীন অথচ বলিষ্ঠ সুৰৰ মাজত অন্তৰ্নিহিত হৈ আছে কবিৰ হৃদয় ৰ দেশাত্মবোধ, এখন সাম্যবাদী সমাজৰ বীজ। অনাগত সময়ৰ প্ৰতিও কবিয়ে অসীম আস্থা প্ৰদৰ্শন
কৰিছে। অৱশ্যে নতুন কবিৰ উদ্বেগ দেশতকৈ মানুহৰ প্ৰতিহে, যিটো বাস্তৱ আৰু প্ৰাসংগিক। কবিৰ 'মাটিৰ মানুহ' কবিতাটো শোষণৰ বিৰুদ্ধে এক প্ৰত্যাহ্বান।
কবিতাটো প্ৰতীকধৰ্মী যদিও কবিৰ বৰ্ণনাৰ দক্ষতাই
কবিতাটো মনোগ্ৰাহী কৰি তুলিছে।
৩) মধ্যবিত্ত
~ প্ৰশান্ত শৰ্মা
~ প্ৰশান্ত শৰ্মা
টোলোঠা ঘূৰাই
কাটি উলিওৱা
দুহতীয়া গামোচাৰে
নাবান্ধিলেও হয় 'ভোক'ক (?)
কাটি উলিওৱা
দুহতীয়া গামোচাৰে
নাবান্ধিলেও হয় 'ভোক'ক (?)
ৰাজকীয় নহ'লেও
দুসজীয়া 'জীৱন'
ভটিয়াই গৈ থাকে
ৰৌদ্ৰোজ্জ্বল
এটি
পাৰঘাটৰ সন্ধানত……
দুসজীয়া 'জীৱন'
ভটিয়াই গৈ থাকে
ৰৌদ্ৰোজ্জ্বল
এটি
পাৰঘাটৰ সন্ধানত……
কবিতা জীৱনৰ
প্ৰতিফলন। মাথো এই জীৱন অনুভূতি গ্ৰাহ্য সূক্ষ্মজীৱন। জীৱনক জনাৰ বাবেই যেন কবিতাৰ পাৰহীন ব্যাকুলতা। যাৰ বাবে
কেতিয়াবা কবিতাত ভাসমান হয় অৰ্থনীতিৰ
ভেঁটিত গঢ় লোৱা সহজ জীৱনৰ ছবি। কবি প্ৰশান্ত শৰ্মাৰ 'মধ্যবিত্ত' কবিতাটো আৰ্থ সামাজিক জীৱনৰ তিনিটা প্ৰধান ভাগ নিম্ন, মধ্যবিত্ত আৰু উচ্চ শ্ৰেণীৰ জীৱনৰ তুলনা
কৰিছে আৰু মধ্যবিত্ত শ্রেণীটোৰ জীৱনক ইয়াৰ জৰিয়তে পোহৰলৈ আনিছে। নিম্ন অৰ্থনীতিৰ ভেঁটিত গঢ় লোৱা জীৱন বুলিলে আমাৰ চকুৰ আগত সহজেই দেখা দিয়া
ছবিখন হৈছে গাঁৱৰ খাটিখোৱা মানুহৰ ছবি। সেয়ে কবিতাটিৰ প্ৰথম অংশত নিম্ন অাৰ্থসামাজিক জীৱনৰ তুলনাত মধ্যবিত্তৰ কিছু সহজ জীৱনৰ কথা বৰ্ণনা
কৰিছে।
"দুহতীয়া গামোচাৰ নাবান্ধিলেও হয় 'ভোক' ক? "
কবিতাৰ দ্বিতীয় অৰ্থাৎ শেষৰ অংশত আকৌ সেই মধ্যবিত্ত শ্ৰেণীটোৰ ৰাজকীয় বিলাসৰ বঞ্চিত হোৱাৰ কথা বৰ্ণনা কৰিছে। য'ত জীৱনে জীৱনৰ ৰং-ৰসেৰে সমৃদ্ধ হৈ নতুন কাংক্ষিত সপোনৰ অপেক্ষা কৰিছে।
কবিতাৰ দ্বিতীয় অৰ্থাৎ শেষৰ অংশত আকৌ সেই মধ্যবিত্ত শ্ৰেণীটোৰ ৰাজকীয় বিলাসৰ বঞ্চিত হোৱাৰ কথা বৰ্ণনা কৰিছে। য'ত জীৱনে জীৱনৰ ৰং-ৰসেৰে সমৃদ্ধ হৈ নতুন কাংক্ষিত সপোনৰ অপেক্ষা কৰিছে।
কবিতাটো বহু সময়ত
প্ৰতীকধৰ্মী হিচাপে বিবেচনা কৰাৰো থল আছে । বিশেষকৈ
প্ৰথমাংশৰ 'ভোক' বুলি কওতে আধুনিক মানুহৰ প্ৰয়োজন বিলাসিতাৰ ছবি এখন কবিতাটিৰ বৰ্ণনাৰ জৰিয়তে কল্পনা কৰিব পাৰি। কবিতাটিত সাধাৰণ জীৱনৰ একমাত্ৰ
প্ৰতিনিধি হিচাপে মধ্যবিত্ত শ্রেণীটোৱে প্ৰতিনিধিত্ব কৰিছে। য'ত তেওঁলোকৰ নাই কোনো চৰম দুভোর্গ আনহাতে নাই কোনো অত্যন্ত বিলাসিতা। ইয়াত মধ্যবিত্ত শ্ৰেণীয়ে
কিদৰে জীৱনৰ ৰূপ, ৰং উপভোগ কৰিব পাৰে সেয়াও বৰ্ণনা কৰিছে । আধুনিক কবিতাৰ সহজ
ধৰ্ম অধিক প্ৰতীক ধৰ্মীতাৰ পৰা কবিতাটো যঠেষ্ট
নিলগত। সেয়ে কবিতাটিতো গঢ়া জীৱনৰ ছবিখন অধিক স্পষ্ট।
৪) নাযায়
নুপুৱায় ৰাতি:
~ মনোহৰ দত্ত
সেউজীয়াৰ সপোন
দেখি
মানুহে পাৰ হৈ আহে তপত বালি।
মানুহে পাৰ হৈ আহে তপত বালি।
মৰুময় দিনবোৰ
আঁতৰি
সেউজীয়াৰে ভৰে মানুহৰ পুৱা-গধূলি।
সেউজীয়াৰে ভৰে মানুহৰ পুৱা-গধূলি।
জুনুককৈ বিয়পে
হালধীয়া অনায়াসে।
মানুহ হোৱাটো
সঁচাকৈ বৰ কঠিন
নাযায় নুপুৱায় ৰাতি।
নাযায় নুপুৱায় ৰাতি।
কিছুকালৰ সাময়িক
স্থবিৰতাৰ পিছত সাম্প্ৰতিক অসমীয়া কবিতা অধিক গতিশীল হৈ উঠিছে। কবি মনোহৰ দত্তৰ কবিতা 'নাযায় নুপুৱায় ৰাতি'ত কবিয়ে জনজীৱনৰ সপোন, বাস্তৱ আৰু আশাৰ এখন ছবি তুলি ধৰিবলৈ
যত্ন কৰিছে। সপোনবোৰ বাস্তৱ স্থবিৰতাৰ অন্যতম চালিকা শক্তি। কবিতাৰ প্ৰথম অংশত
"সেউজীয়া সপোন দেখি মানুহে পাৰ হৈ আহে তপত বালি" – বুলি কবিয়ে সেউজীয়া অৰ্থাৎ জীৱনৰ সহজ ৰঙবোৰৰ সপোনতে যে মানুহে সকলো কঠিন সময়
পাৰ হৈ নতুন সপোন দেখিব পাৰে, সেয়া বৰ্ণনা
কৰিছে। সপোনৰ ডেউকাতে উঠি মানুহে নতুন দিনৰ সুন্দৰ জীৱনৰ কল্পনা কৰে। হালধীয়াৰ জন্ম হয় অনুভৱত, কল্পনাত। যিয়ে একেসময়তে সহজ প্ৰাপ্তি আৰু তাৰ মাজত নিহিত হৈ থকা কঠিন
মানৱীয় চেতনাৰ বিৰোধ ছবিখন বৰ্ণনা কৰিছে। কবিতাটি আধুনিক কবিতাৰ প্ৰায় সকলো গুণেৰে সমৃদ্ধ হৈছে। কবিতাটি একেটা বৃত্তত আবদ্ধ মানুহৰ সহজ
জীৱনৰ ছবিখন য'ত প্ৰতিটো বসন্তৰ আগমনৰ দৰে সহজ মানুহৰ সপোনৰ বিপৰীতে মানুহবোৰ যে পুণৰ দুখৰ, অপ্ৰাপ্তিৰ বৃত্তিটোতে আবদ্ধ হয় সেয়া বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছে।
আনহাতে কবিতাটিত শুনা, নুশুনাকৈ থকা গীতিময়িতাই কবিতাটি অধিক মনোগ্ৰাহী কৰি
তুলিছে।
আধুনিক কবিতা
এতিয়া বিকাশশীল। কবিতাৰ অনুশীলন, বিতৰ্ক, বোধ্যগম্যতাৰ ক্ষেত্ৰখনত নতুন নতুন কবিৰ কবিতা সংযোজিত হৈছে। বহু কবিৰ
কবিতা বিভিন্ন আলোচনাৰ আওতালৈ আহিছে যদিও বহুতো এতিয়াও
অহিবলৈ বাকী। সি যি কি নহওক, এটা কথা স্বীকাৰ কৰিবই লাগিব যে, এই সকলোবোৰ কবিতাই কবিতাৰ জগতখনক সমৃদ্ধ
কৰিছে আৰু ন ন চিন্তা, চেতনা, অনুভৱ উপলব্ধিৰ বাট মুকলি কৰিছে ।
~ হিমাক্ষী বৰা সদস্য, আখৰুৱা।
_______________________________
ব্যৱস্থাপকৰ মন্তব্য:
ব্যৱস্থাপকৰ মন্তব্য:
১) 'পুনৰীক্ষণ'ত সামৰি লোৱা
কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানান কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনাই যেন।
২) আখৰুৱাৰ 'পুনৰীক্ষণ'ৰ মান সম্বন্ধে
গোটৰ সদস্যসকলে গঠনমূলক মতামত, পৰামৰ্শ জনালে আমি
আনন্দিত হ'ম। আনকি আমাৰ এই প্ৰয়াসত অসন্তুষ্টি
থাকিলেও অৱগত কৰে যেন।
৩)এইবাৰৰ
পুনৰীক্ষণত সন্নিৱিষ্ট কবিতা আৰু কবিসকল হ'ল ক্ৰমে-
১) কৃষ্ণ - দুলাল
হাজৰিকা
২) মাটিৰ মানুহ - অচ্যুত কুমাৰ বৰা
৩) মধ্যবিত্ত - প্ৰশান্ত শৰ্মা
৪) নাযায় নুপুৱায় ৰাতি - মনোহৰ দত্ত
২) মাটিৰ মানুহ - অচ্যুত কুমাৰ বৰা
৩) মধ্যবিত্ত - প্ৰশান্ত শৰ্মা
৪) নাযায় নুপুৱায় ৰাতি - মনোহৰ দত্ত
৪) এই পৰ্যালোচনাই
সামৰি লোৱা কবিতাত থকা বানান আদিৰ ভুল দেখিলে, সেয়া আঙুলিয়াই দিবলৈ আখৰুৱাৰ মাননীয় সদস্যসকলক অনুৰোধ
কৰিলোঁ।
৫) আমাৰ দৃষ্টিত
আলোচনাত সন্নিৱিষ্ট কবিতাৰ ভুল বানান আৰু তাৰ শুদ্ধ ৰূপ ইয়াত উল্লেখ কৰিলোঁ আৰু কবিসকলৰ পৰা শুদ্ধতা সম্বন্ধে
জানিব বিচাৰিলোঁ, যাতে বানানসমূহৰ শুধৰণি নিশ্চিত কৰিব পৰা
যায়। ভুল বানান দেখুৱাই দিয়া বাবে অচ্যুত মাধৱ দাস আৰু যুগল কিশোৰ নাথলৈ ধন্যবাদ জনাইছো।
১) কৃষ্ণ - দুলাল
হাজৰিকা
বাহি ~ বাহী
গলা ~ গ’লা
স্বভাবৰ ~ স্বভাৱৰ
আতৰি ~ আঁতৰি
বাহি ~ বাহী
গলা ~ গ’লা
স্বভাবৰ ~ স্বভাৱৰ
আতৰি ~ আঁতৰি
২) মাটিৰ মানুহ -
অচ্যুত কুমাৰ বৰা
নিশকটিয়া ~ নিশকতীয়া
নিশকটিয়া ~ নিশকতীয়া
৪) নাযায় নুপুৱায়
ৰাতি: ~ মনোহৰ দত্ত
নুপুৱায় ~ নুপুৱাই
নুপুৱায় ~ নুপুৱাই
শেষত ক'ব বিচাৰিছোঁ যে- 'পুনৰীক্ষণ' শিতানটো অধিক ক্ৰিয়াশীল বা উন্নত মানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে
তথা পাঠকসকলে- পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মুকলি মতামত আগবঢ়াই যেন।
ধন্যবাদ
জনজিৎ গোস্বামী
গীতালী বৰপাত্ৰগোঁহাই
ব্যৱস্থাপকবৃন্দ, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
৯ ফেব্ৰুৱাৰী, ২০১৭
জনজিৎ গোস্বামী
গীতালী বৰপাত্ৰগোঁহাই
ব্যৱস্থাপকবৃন্দ, 'পুনৰীক্ষণ' শিতান,
আখৰুৱা:literati
৯ ফেব্ৰুৱাৰী, ২০১৭
No comments:
Post a Comment