Monday, 27 February 2017

এটা কুকুৰৰ আক্ৰমণ ණ বিপুল চন্দ্ৰ কলিতা



এটা কুকুৰৰ আক্ৰমণ


এটা কুকুৰে মোক আক্ৰমণ কৰিছিল
হিংস্ৰতাৰে
ইয়াৰ উন্মোক্ত দাঁতেৰে
ভূকি ভূকি
অধৰ্য্য়ৰে
নিস্তব্ধ জোনলৈ মাৰা
ব্য়ৰ্থ ফৰ্মুতিবোৰৰ দৰে |
কুকুৰৰ প্ৰকৃতি
মালিকক সেৱা কৰা
আনুগত্য় প্ৰকাশ কৰা
মালিকৰ নিৰ্দেশক ন্য়ায্য়তা প্ৰদান কৰি
চিকাৰৰ সানুনয় প্ৰাৰ্থনাক অস্বীকাৰ কৰা |
মালিকেই কাপুৰুষ যেতিয়া
কুকুৰৰ সৈতেনো কি যুক্তি তৰ্ক কৰিবা ?
বুজিতো উঠিছোৱেই,
মালিকৰ শক্তিৰ উহঁ য
মানৱী প্ৰতিপক্ষক দমনৰ অস্ত্ৰ ত
ক্ষণিকৰ চিন্তাই
সমপক্ষহীন যোঁজত
মোক অস্ত্ৰ সম্বৰণ কৰালে
অনামী শিহঁৰণত সুহুঁৰি বজালো
থমকিল কুকুৰ
কিজানি ভাবিলে-
মালিকৰে কৰবাত ভূল হল
নেজডাল
নাচি উঠিছিল
মোক সন্তুষ্ট কৰিবলৈ,
বন্দী হৈছিল
ইয়াৰ তীক্ষ্ন চকু মোৰ হাতত-
কেতিয়া ওলায় পৰিব বিস্কুট অথবা...
হতবাক হৈছিল মালিক,
নিৰ্জুভাবেৰে
মালিকে
কৃতিম হাহিঁৰে
সম্ভাষন জনালে মোক,
আৰু মই
অন্তৰখোলা হাঁহিৰে
বিনা যুদ্ধে বিজয়ী হৈ
বিদায় মাগিলোঁ ......
বি:-বিপুল চন্দ্ৰ কলিতা

No comments:

Post a Comment