এটি বিষাক্ত সপোন
মানুহৰ শৱদেহবোৰ
ওপঙি উঠিছে
পলিথিন বেগৰ দৰে
পলিথিন বেগৰ দৰে
সাউৎকৈ যেন কিবা
এটা উৰি গ'ল
দূৰ্ভেদ্য পথত
কেচুৱাটিয়ে ইম্মান বেয়াকৈ কান্দিছে আজি
কেচুৱাটিয়ে ইম্মান বেয়াকৈ কান্দিছে আজি
দুখোঁজ লাহেকৈ
আগবাঢ়িছো
বিশাল শূণ্যতাৰ বুকুলৈ
বিশাল শূণ্যতাৰ বুকুলৈ
মই অনুমান কৰিছো
কিবা এটাই যেন টানি ধৰিছে মোক
কিবা এটাই যেন টানি ধৰিছে মোক
কাউৰীজনী এন্ধাৰৰ
দৰে কিট্-কিটিয়া ক'লা
দেখি কঁপনি উঠিছে মোৰ
দেখি কঁপনি উঠিছে মোৰ
সময়ৰ শব্দ টিক্
টিক্ টিক্
কোনোবাই গাটো
জকাৰি দিছে
আৰু এনেতে মই সাৰ পাই গ'লোঁ
আৰু এনেতে মই সাৰ পাই গ'লোঁ
কবি:-ණ ৰাজেন দাস ৷
No comments:
Post a Comment