Friday, 10 February 2017

আখৰুৱাৰ আপদীয়া পদ্য কবি :- ණ খগেন সেন ডেকা

আখৰুৱাৰ আপদীয়া পদ্য
(১)
তল পাকে হাত পাতি ঘটে ধন বিত
মাক বাপেকৰ কাহানিও নুবুজিলে চিত
বৰ্খাস্তৰ নিউজ
পাই হ'ল ফিউজ
ঘৈণীয়েকে পেপাৰ চায় কোন চিনেমা হিট ৷৷
(২)
মাকতকৈ জীয়েক কাজি তিনি তোলাই চাৰ
ঘঁহা পিহাৰ নামে মাহে তেৰ হাজাৰ ধাৰ
দেখাই শুনাই অপেশ্বৰী
যেন শুকান জেওঁৰা খৰি
ফেইচ বুকক দি থৈছে দৰা চোৱাৰ ভাৰ ৷৷
(৩)
কণিবিহৰ গুটি তাৰ একেটি পুতাই
বাপেকৰ জেপ লুটি চিলি চিকেন খায়
টাংগুটিত এক্সপাৰ্ট
বৰেৰ পুৱাই খেলা ষ্টাৰ্ট
পৰীক্ষাত মস্ত মস্ত ৰসগোল্লা পায় ৷৷


বি :- খগেন সেন ডেকা ৷

No comments:

Post a Comment