Saturday, 18 February 2017

ৰং ණ হিমাংশু ভাগৱতী

ৰং
এইকাৰণে বাছত উঠিবলৈ বেয়া পাই তাই । কি কি মানুহযে কাষত বহে। এইযে কাষত বহা ল'ৰাজন, কিমান যে লেতেৰা লাগিছে। হাতখনো ইমান লেতেৰা। কিবাকৈ গাত গা লাগে বুলি তাই কুছি মুছি বহিল।
গাড়ী খন পথৰ পৰা নামি লুটি খাই পৰিল। কিছুসময় ধোৱা কোৱা দেখাৰ পিছত তাই চকু মেলিলে।
"ওলাই আহক, ওলাই আহক।" চিঞৰ এটাৰে সৈতে খিৰিকেৰে তাইলৈ লেতেৰা হাত এখন আগুৱাই আহিল।
হিমাংশু ভাগৱতী


No comments:

Post a Comment