Tuesday, 28 February 2017

তিনিগুটি আপদীয়া পদ্য -ණ খগেশ সেন ডেকা



তিনিগুটি আপদীয়া পদ্য
(
১)
ফিছ ৰামী বাম্পাৰ তিনি পাট্টি ফ্লাছ
দিনে ৰাতি চলি থাকে তাচ পাতৰ ক্লাছ
দিয়ে ব্লাইণ্ড হিট
শ্ব'ত নহয় মিট
ইস্কাপনৰ মেম দেখি হাতে তোলে গ্লাছ ৷৷
(২)
আজি কালি একোচামৰ কিনো চাবা ঢং
ফ্ৰাইট ফ্ৰৌট সুঁহুৰি বজাই দি ফুৰে চং
হিৰ' হোণ্ডা পালছাৰ
লাৰিলাপ্পা কালছাৰ
হেৰুৱাই গোটে পাটে দেহ মনৰ ৰং ৷৷
(৩)
আখৰুৱা মানুহৰ বাখৰুৱা মন
ভাষা-সাহিত্য-সংস্কৃতিৰ পেটু কঢ়াৰ পণ
সকলোটি মাই ডিয়েৰ
কাজে কামে চিনচিয়েৰ
কাপ মৈলাম মহী হ'ল সবাৰে মূলধন ৷৷
 
বি:-খগেশ সেন ডেকা ৷

No comments:

Post a Comment