Tuesday, 14 February 2017

" ভালপোৱাৰ দিন " কবি :- ණ মাধৱ দত্ত ৷

ভালপোৱাৰ দিন


দীঘলী পুখুৰীৰ পাৰত
বহিছানে কেতিয়াবা ?
প্ৰেমাস্পদৰ পিঠিত পিঠি লগাই !
চাইছানে সূৰ্যাস্ত
শুক্লেশ্বৰ ঘাটত বহি
নাইবা
উমানন্দৰ
ডাঙৰ শিলত বহি ???
প্ৰেম কি
ভালপোৱানো কি ?
ৰঙা নীলা পোহৰত
বিলাতী বাৰত
উদ্দাম নৃত্যত
প্ৰেয়সীৰ শৰীৰৰ ভূগোল পঢ়া !!!!
নহলে মনৰ মিলন
শৰীৰ সৰ্বস্ব প্ৰেমত
কিমানদিনলৈ মচগুল হ'বা ???
তুমি কি ভাৱা ?
টকাৰে প্ৰেম কিনিব পাৰি !
পণ্য জানো প্ৰেম ?
হাতে বজাৰে কিনিব পাৰি প্ৰেম !!
কবি কবীৰ দাসে কি কৈছিল জানানে ?
তৰোৱাল খনক গুৰুত্ব দিয়া
তাৰ খাপটোক নহয়
হৃদয়ৰে কাৰোবাক বিচাৰিব নাজানিলে
যৌনতাৰ পোহাৰত
কিমানদিন টিকিবা ?
যৌৱন দুদিনীয়া ,
প্ৰেম যুগমীয়া ৷
প্ৰেমৰ বাবে তাজমহল সাজিব নোৱাৰিলেও
বুকুত সাজিব পাৰি
মৰমৰ সৌধ ৷
এয়ে প্ৰেম ,
ত্যাগ কৰিব নোৱাৰিলে
প্ৰেমত নপৰিবা
বুকুত গোলাপ ৰুব নোৱাৰিলে
প্ৰেমত নপৰিবা
শিপাই থাকিবলৈ দিয়া
প্ৰেমৰ গোলাপ জোপা
তোমাৰ হৃদয়ৰ বাগিছাত ৷
ফুল চিঙাদি নিচিঙিবা
আইনা ভঙাদি নাভাঙিবা
বৰ আলসুৱা প্ৰেম
বৰ আকলুৱা প্ৰেম ৷
এয়ে ভালপোৱা
বোৱাই দিয়া
হৃদয়ৰ পৰা হৃদয়লৈ ৷
প্ৰতিটো দিন প্ৰেমৰ দিন হওক
প্ৰতিটো দিন বিস্বাসৰ দিন হওক
প্ৰতিটো দিন প্ৰজ্ঞাৰে
প্ৰেমক জিনাৰ দিন হওক
শুকান মৰুভূমিত
পৰক এজাক বিস্বাসৰ বৰষুণ ৷
ভালপোৱাবোৰ
বিস্বাসেৰে জীয়াই থাকক
যুগমীয়া হৈ

বি :- মাধৱ দত্ত ৷

No comments:

Post a Comment