নষ্টালজিয়া
এৰি থৈ অহা চোতালৰ
দুবৰিডৰাত
মোৰ শৈশৱ ওলমি আছিল
আলফুলে তিৰবিৰ মুকুতা হৈ
এতিয়া বিয়লিৰ দুৱাৰডলিত দুভৰি থৈ
অনুভৱ কৰোঁ মাথোঁ তাৰ অস্পষ্ট অনুৰণন
মোৰ শৈশৱ ওলমি আছিল
আলফুলে তিৰবিৰ মুকুতা হৈ
এতিয়া বিয়লিৰ দুৱাৰডলিত দুভৰি থৈ
অনুভৱ কৰোঁ মাথোঁ তাৰ অস্পষ্ট অনুৰণন
এই ডুবোঁ এই ডুবোঁ
বৰশীৰ পুঙা
চাট কৰে একে চিপে পাৰত তোলা
জীয়া মাছবোৰ
গধূলি পৰত পথাৰৰ বঙিয়াৰে উভতি অহা
ঘৰমুৱা গৰুজাক
গৰখীয়া বাঁহীৰ মাত
অথবা নৰাপেঁপাৰ সুঁহুৰি
শাওণৰ পথাৰৰ বোকাত লুতুৰি পুতুৰি দেহ
ভাতৰ পাতত বহি অকাৰণে লগা ঠেহ
সকলো যেন এতিয়া একোটি মিঠা সপোন
চাট কৰে একে চিপে পাৰত তোলা
জীয়া মাছবোৰ
গধূলি পৰত পথাৰৰ বঙিয়াৰে উভতি অহা
ঘৰমুৱা গৰুজাক
গৰখীয়া বাঁহীৰ মাত
অথবা নৰাপেঁপাৰ সুঁহুৰি
শাওণৰ পথাৰৰ বোকাত লুতুৰি পুতুৰি দেহ
ভাতৰ পাতত বহি অকাৰণে লগা ঠেহ
সকলো যেন এতিয়া একোটি মিঠা সপোন
হেৰোৱা দিনৰ
চেৰেকী পাকত
এনেছা সূতাৰ আঁত বিচাৰি
ভাগৰি পৰিলোঁ
এনেছা সূতাৰ আঁত বিচাৰি
ভাগৰি পৰিলোঁ
এতিয়া এক আদিম
অৰণ্যৰ দাঁতিত থিয় হৈ
ৰৈ আছোঁ মই অকলে
আপোন মনে নিজৰ মাজত
ৰৈ আছোঁ মই অকলে
আপোন মনে নিজৰ মাজত
ভাঙিছোঁ গঢ়িছোঁ
দিঠক যেন লগা সপোনবোৰ
কথা পাতিছোঁ অহৰহ অবিৰাম
নিজৰ সতে
কথা পাতিছোঁ অহৰহ অবিৰাম
নিজৰ সতে
বাট আগছি জুমুৰি
দিছেহি
কিচিৰ মিচিৰ এজাক স্মৃতিৰ চৰাই ৷
কিচিৰ মিচিৰ এজাক স্মৃতিৰ চৰাই ৷
কবি :- ණ ডঃ খগেশ সেন ডেকা ৷
No comments:
Post a Comment