"আকৌ কেতিয়াবা"
আকৌ কেতিয়াবা মন
দো গ’লে
তমসা বুকুত পোহৰৰ বাট বুলো
কাঁইটৰ মাজতো ফুলৰ সুৱাস বিচাৰো
বুকুৰ কেচাঁসোণ বুলি বুকুত সামৰো
কিজানিবা তাত মিঠা ওঁঠৰ উস্ম ৰহন সানা ৷
তমসা বুকুত পোহৰৰ বাট বুলো
কাঁইটৰ মাজতো ফুলৰ সুৱাস বিচাৰো
বুকুৰ কেচাঁসোণ বুলি বুকুত সামৰো
কিজানিবা তাত মিঠা ওঁঠৰ উস্ম ৰহন সানা ৷
নাইবা,
ফাগুনীয়া যৌৱনৰ মাদকতাত বুৰ যাওঁ
হাত বাউলী দুবাহুৰ খাজত খুপনি পুতাৰ হেপাহ
কিজানি কেতিয়াবা জীৱন নদীৰ কাষত বহি ৰোৱা
মৰমৰ সুঁতত তাৰ গভীৰতা জুখি চোৱা ৷
ফাগুনীয়া যৌৱনৰ মাদকতাত বুৰ যাওঁ
হাত বাউলী দুবাহুৰ খাজত খুপনি পুতাৰ হেপাহ
কিজানি কেতিয়াবা জীৱন নদীৰ কাষত বহি ৰোৱা
মৰমৰ সুঁতত তাৰ গভীৰতা জুখি চোৱা ৷
আকৌ
নোপোৱাৰ বেদনাতে চাও নীলা আকাশৰ বুকু
তৰাফুলীয়া সপোনৰ খোজত দূৰ দিগন্তলৈ
কিজানিবা তাৰ মাজতেই আছা এটি তৰা হৈ
ভিৰৰ মাজত হেৰাই যোৱা.... বহু দূৰ বিচাৰি হৃদয় ব্যাকুল হোৱা ৷
নোপোৱাৰ বেদনাতে চাও নীলা আকাশৰ বুকু
তৰাফুলীয়া সপোনৰ খোজত দূৰ দিগন্তলৈ
কিজানিবা তাৰ মাজতেই আছা এটি তৰা হৈ
ভিৰৰ মাজত হেৰাই যোৱা.... বহু দূৰ বিচাৰি হৃদয় ব্যাকুল হোৱা ৷
কবি :- ණ অংকুৰ শইকীয়া ৷
No comments:
Post a Comment