পুনর্জাগৰন
সকলোৱে পাওঁক
যিহকে বিচাৰে
নিজৰ যোগ্যতা অনুসাৰে
আটাইৰে মনৰ লগৰী হওঁক
যিজনক হিয়াই বিচাৰে
পৃথিৱীৰ সকলো জনপদ যেন
হয় নিৰাপদ সুখৰ আগাৰ
সৃষ্টিশীল মনবোৰে পাওঁক
সপোনৰ সেউজ পথাৰ
ভেদাভেদৰ বেদনাদায়্ক
প্রথাবোৰ য'ক আঁতৰি
মিলনৰ গীতৰ সুৰত যেন
সকলোৱে দিয়ে সঁহাৰি
সংবেদনাবোৰ ফওক সজীৱ
নিভৃত প্রাণৰ স্পন্দনত
মানুহ আকৌ মানুহ হৈ উঠক
মনুষ্যত্বৰ অভিনন্দনত
নিজৰ যোগ্যতা অনুসাৰে
আটাইৰে মনৰ লগৰী হওঁক
যিজনক হিয়াই বিচাৰে
পৃথিৱীৰ সকলো জনপদ যেন
হয় নিৰাপদ সুখৰ আগাৰ
সৃষ্টিশীল মনবোৰে পাওঁক
সপোনৰ সেউজ পথাৰ
ভেদাভেদৰ বেদনাদায়্ক
প্রথাবোৰ য'ক আঁতৰি
মিলনৰ গীতৰ সুৰত যেন
সকলোৱে দিয়ে সঁহাৰি
সংবেদনাবোৰ ফওক সজীৱ
নিভৃত প্রাণৰ স্পন্দনত
মানুহ আকৌ মানুহ হৈ উঠক
মনুষ্যত্বৰ অভিনন্দনত
কবি:-ණ জ্যোতিষ কুমাৰ দেৱ ৷
No comments:
Post a Comment