তোক এয়া হাতেৰে
চুই চাইছো
পখৰা চোলাৰ আঁৰত নিমজ ছাল
শেলুৱৈ নে শিল? তই কোমল কঠিন দুয়োটাই
পখৰা চোলাৰ আঁৰত নিমজ ছাল
শেলুৱৈ নে শিল? তই কোমল কঠিন দুয়োটাই
এয়া চা, খুলি দিছো বান্ধ
চকুৰ সিপাৰে ৰৈ যোৱা কান্দোন
তোৰ হাঁহিৰ আঁত ধৰি কতবাৰ পাইছোগৈ প্ৰিয় নদীৰ কাষ
চকুৰ সিপাৰে ৰৈ যোৱা কান্দোন
তোৰ হাঁহিৰ আঁত ধৰি কতবাৰ পাইছোগৈ প্ৰিয় নদীৰ কাষ
তোৰ ছালতে চিলাইছো
কলিজা
পখৰা চোলাটো মেলি ধৰ বহলাই
এইবাৰ ফৰিঙৰ দেশত ধান ফুলিছে।
পখৰা চোলাটো মেলি ধৰ বহলাই
এইবাৰ ফৰিঙৰ দেশত ধান ফুলিছে।
(ভালপোৱা-৩, 'মোৰ কলমৌ দিনৰ সোণালী বাট')
কবি :- ණ মৈত্ৰয়ী পাটৰ ৷
No comments:
Post a Comment