Thursday, 16 February 2017

"শঙ্কৰদেৱ" কবি :- ණ লীনা হাজৰিকা ৷

শঙ্কৰদেৱ
চণ্ডালৰ পৰা ব্ৰাহ্মণলৈকে
একতা ডোলৰে
মিলন সেতু গঢ়া
একশৰণ নৱ বৈষ্ণৱৰ
জগত গুৰু শ্ৰী শ্ৰী শঙ্কৰদেৱৰ
জাতীয়তা ভাব ধাৰাৰে উদ্ভাসিত
বৃহত্তৰ অসমীয়া জাতি
আজি ক'?
শঙ্কৰৰ অপাৰ মহিমা
সোঁৱৰণ কৰিবলৈ
লুইতৰ দাঁতিত
গঢ়ি উঠা
অসমীয়া জাতিৰ
জহি-খহি যোৱা
শৰীৰৰ অংগ -প্ৰতঙ্গবোৰ
একত্ৰিত কৰিবৰ হ'ল ।
সন্ত্ৰাসৰ নামত অস্ত্ৰ
স্ব-শাসনৰ নামত বিভেদ
অসমীয়া জাতিৰ কলংক
মচিবৰ হ',
বুকুৰ কুটুম খিলঞ্জীয়া
হিন্দু-মুছলমানকআদৰি
শঙ্কৰৰ বৃহত্তৰ অসমীয়া
জাতি গঢ়ি
ছটিয়াই যাওঁ মানৱ প্ৰেমৰ
মহান আদৰ্শ ।
বি :- লীনা হাজৰিকা ৷


No comments:

Post a Comment